সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

' [ 20 ] প্ৰদৰ্শন কৰিব নোৱাৰে। আজিকালি ভীষণ কালস্রোতত আমা লোকৰ সূক্ষ্মদর্শিতা গুণ ভাহি গৈছে । এতিয়া পাইছোঁ কেৱল বিলাসীতাহে। আমালোকে এতিয়া সুখাদ্য নাৰিকল ফল এৰি কোৱাভাতুৰী ফল অতি আগ্ৰহেৰে গ্ৰহণ কৰিব ধৰিছোঁ। আমি নাভাবোঁ যে কোৱাভাতুৰীৰ বাহিৰখনতে দেখিবলৈ ভাল, তাৰ ভিতৰখন একেবাৰে দৰ্শনৰ অযোগ্য । তাৰ পৰা আমালোকৰ একো সুখোদয় নহয় আৰু নাৰিকল ফলৰ বাহিৰখন কাকাৰ আৰু কঠিন, কিন্তু ভিতৰখন অতি পবিত্ৰ, নিৰ্ম্মল, সুদৃশ্য আৰু সুখদায়ক ৷ জগদীশ্বৰে সুন্দৰ জিনিষক কোনোবাই হঠাতে নষ্ট কৰিব বুলি তাৰ ওপৰত বহুত দুয়ো বেড়া দি গৈছে । যেনে কণ্টক বেষ্টিত নালোপাৰ পদ্মফুল, বেল, কঠাল, লোম বহু চৰ্ম্ম বেষ্টিত নয়নমণি, শ্লেষ্মাদি বেষ্টিত শুক্র ধাতু ইত্যাদি । সনাতন হিন্দু-ধৰ্ম্মৰ ভিতৰখন নাৰিকলৰ দৰে অতি সুন্দৰ, বিশুদ্ধ আৰু আনন্দদায়ক। বাহিৰখন হলে অতি কঠিন আৰু মলিন । সেই কাৰণে প্ৰায় লোকে ইয়াত প্ৰবেশ কৰিবৰ নিমিত্তে চেষ্টিত নহয় আৰু সেই অতুলনীয় আনন্দ উপভোগ কৰিবৰো অধিকাৰী নহয় । যদি এই ধৰ্ম্মৰ বাহ্যিক ভিত্তি এৰি ভিতৰলৈ সোমাব পাৰে, তেন্তে নাৰিকলৰ নিচিনা অভিশয় বিশুদ্ধ জ্ঞান লাভ কৰিব পাৰে। সহৃদয় পাঠকগণ! আপোনালোকে বোধকৰে। মুক্তকণ্ঠে স্বীকাৰ কৰিব যে তাশেষ দুখৰ পিছত যিখিনি 'লুখ পোৱা যায়, সেয়েহে প্ৰকৃত সুখ । দুখৰ পিছত দুগ্ধ হলে 'আগৰ সুখখিনিয়ে। দুখৰ ভিতৰত গণ্য হয়। প্রস্তাবিত বিষয়ৰ ভাৰও