সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৮ আচৰি বিজ্ঞান ৰক্ষাৰ উপযোগী স্বাভাবিক বায়ুৱে তাক যথা কালত উলিয়াবলৈ প্রতিবন্ধক নাথাকিলে চেষ্টা কৰে, কিযনো সেই দুবিধ বিষস্বৰূপ ।। ই শৰীৰত থাকিলে সকলো ৰোগ জন্মাব পাবে। সেই নিমিত্তে বিষ্ণু ধৰ্ম্মো ওৰত লিখিছে যে - " বেগৰোধং ন কৰ্ত্তব্যমন্যত্র ক্রোধ- বেগতঃ ”৷ অর্থাৎ ক্ৰোধত কৈ আনৰ (মল মুত্রাদিৰ) বেগৰোধ নকৰিব । ক্ৰোধৰ হলে বেগ ৰোধ কৰিব। আয়ুৰ্ব্বেদত্তা লিখিছে যে “ন ৰেগিতোহন্য সিদ্ধিঃ ন্যাৎ নাজিয়া গাধামাময়ম্ ॥” অর্থাৎ মল মুত্ৰৰ বেগ ধাৰণ কৰা মানুহৰ তাক পৰিত্যাগ নকৰালৈকে একো কাৰ্য্য সিদ্ধি নহয় । পাঠক। এই কথা অৱশ্য স্বীকাৰ কৰিব যে কোনো কাৰ্য্য আৰম্ভ কৰাৰ পিচত যদি মল মুত্ৰৰ বেগ হয়, তেন্তে সেই কাৰ্য্যত কেতিয়াও মন নালাগে । মনত এটা বন উদ্বেগ উপস্থিত হয় ৷ আৰু মল মুত্র ত্যাগ যদি ভালকৈ নহয়, অৰ্থাৎ দত্ত পৰিস্কাৰ ও মুত্ৰ পৰিস্কাৰ যদি নাথাকে, তেন্তে মন ও শৰীৰত স্বত্তি নাথাকে । ইষাৰ পৰা এইখিনি প্রতিপাদন কৰা হল যে পৰিষ্কাৰৰূপে মল মূত্ৰ পৰিত্যাগ বিষয়ত আমি বিশেষ যত্ন- বাণ হব লাগে । ইযাত অলপো সন্দেহ নাই । এতিয়া মল মুত্র ত্যাগৰ কালৰ বিষয় আলোচনা কৰিলে বুজিব পাৰা যায় যে মন মুত্র পরিত্যাণ কাৰ্য্যটো আমাৰ অভ্যন্ত আৱশ্যকীয, আৰু উদ্বেগ না ডাক নবৰাকৈ থাকিবও নোৱাৰি । গতিকে কোনো কাৰ্য্য আৰম্ভ কৰাতেই মল মূত্র ত্যাগ কৰি উঠা ভাল। পশু পক্ষীৰ পাৰ মানুহে যেতিয়াই তেতিয়াই য'তে ত'তে মল মুত্র পৰিত্যাগ যে কৰিব নোৱাৰে, তাক কোৱা বাহুল্য গণ্ডিকে তাৰ এটা কলি