'আচাৰ বিজ্ঞান অর্থাৎ নিদ্ৰাৰ পৰা উঠিয়েই পূর্ব্ব প্রাণিত স্বহু গণ্ডৰ পৰিচয় হোৱাৰ পিচত শৰীৰ ও মন কৰ্ম্মঠ কৰিবলৈ नte कপ শৰীৰৰ লগত পৰিচয় হব। যোগশাস্ত্রোক্ত নিয়ম অনুসাৰে আদৰ্শ গুৰুৰ স্বৰূপ গুৰুক চিন্তা কৰিব । ইহ জগতত কোনো প্রাণীয়ে অনুকৰণ নকৰাকৈ কোনো কাৰ্য্যকে শিকিব নোৱাৰে, এই কথা বহলাই নকলেও ঞৰ মুৰুলি কোনেও নোৱাৰে ; ভেস্তে জাধ্যা- স্মিকভাঙো এজন আদর্শ পুৰুষৰ আৱশ্যক কিয় নহৰ ? সেই কাৰণে ভগ্ন শাস্ত্ৰত কিয় পুৰাণাদিতে। গুৰুৰ ওচৰত উপদেশ গ্রহণ নকৰিলে জীৱন নিষ্ফল বুলি পুনঃ পুনঃ উক্ত কৰিছে । দুখৰ বিষয় আধুনিক ভাৰতত গুৰুতাগুণগতা নহৈ বংশগতা ও ব্যৱসায়ৰূপাহৈ উঠিছে। প্রথম শ্লোকত সাধক, গুৰু ও দেৱতা এই তিনিৰ পাৰ্থক্য জ্ঞান কোৱাৰ পিচত ২য় শ্লোকত দ্বৈত জ্ঞানৰ অধিকাৰী হুৰলৈ উপদেশ দিছে। অর্থাৎ গুৰুদেৱক দেৱতা স্বৰূপ বুলি ভাৰিৰ দি সাধকৰ সাধনা সোপানৰ ২য় খাপলৈ উঠিবৰ উপদেশ দিছে। ইয়াৰ পিচত সাধনাৰ সৰ্ব্বোচ্চ স্থান আৰোহণ কৰিবৰ উপদেশ দিছে। যথা— অহং দেৱো নচা্যোঽম্মি ব্রহ্মৈ বাতং নশোকভাক । সচ্চিদানন্দ ৰূপোহহং নিত্য মুক্ত স্বভাবান্ ॥ অর্থ—মই দেৱ ভিন্ন অন্য কোনো নহওঁ। মই অদ্বিতীয় ব্ৰহ্ম, শোককাৰী নহওঁ, মই নিত্যমুক্ত স্বভাব সচ্চিদানন্দ । ইয়াৰ দ্বাৰা সাধকক দ্বৈত জ্ঞান বিষয় চিন্তা কৰাৰ পিচত সৰ্ব্ব দৰ্শনাৰ ৰেদান্ত দৰ্শনৰ চৰম উদ্দেশ্য অদ্বৈত জ্ঞানৰ অধিকাৰী হৰলৈ প্ৰত্যহ
পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৮
অৱয়ব