সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান বহি দেৱতা ও গবি সকলক স্মৰণ কৰিব । সেই সকল কোন. তাকে বিশ্বপুৰাণত লিখিছে। যথা- ব্ৰহ্মা মুৰাৰিঞ্জিপুৰাকাৰী ভালুঃ শশী ভূমি সুতো বুধশ্চ । গুরুঃ শুক্রঃ শনি-বাহু-কেতু কুৰ্ব্বন্ধ সর্ব্বে মম সুপ্রভাতম্ ॥ অর্থ- ব্রহ্মা, বিষ্ণু, শিৱ সূৰ্য্য, চন্দ্র, মঙ্গল, বুধ, বৃহস্পতি, শুক্র, শনি, ৰাছ, কেতু এই সকলে মোৰ সুপ্রভাত কৰক ৷ ইয়াৰ দ্বাৰা এইখিনি উপদেশ পোৱা যায় যে নিদ্ৰাৱস্থাত জগতৰ সকলোকে পাহৰি মৃতবৎ আছিলো । এতিয়৷ জাগৰিত হৈয়ে নব-জীৱन পোৱাৰ দৰে হলে ।। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ সকলোকে জানিব লগা হলে। 1, অৰ্থাৎ বিশ্ব ৰূপটিৰ বিষয় ভাবিব লগা হলে। আৰু ব্রহ্মা, বিষ্ণু, শিৱক স্মৰণ কৰাৰ পৰা সৃষ্টি, স্থিতি, লযৰ চিন্তাৰ লগে লগে জগতৰ সকলো তত্ত্বকে জানিব লগা হলো। অর্থাৎ এই পৰিদৃশ্যমান বৃহৎ ব্ৰহ্মাও যেনেকৈ প্ৰথমে ৰজোগুণেৰে জন্মে, মাজত সত্ত্বগুণেৰে অবস্থান কৰে, আৰু অন্তত তমোগুণেৰে বিলয় প্ৰাপ্ত হয়, তেনেকৈ মোৰ এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডুৰূপ শৰীৰটোৰো জন্ম হৈছে যেতিযা অৱশ্য কিছুদিনৰ পিচত মৃত্যু নিশ্চিত গতিকে এই নশ্বৰ দেহেৰে অসৎ কাৰ্য্য নকৰি সৎ কাৰ্য্য কৰি উত্তৰোত্তৰ আত্মোন্নতি লাভ কৰা নিভান্ত উচিত। এনেকৈ নিশ্চয় কৰি ব্ৰহ্মাদেৱক স্মৰণ কৰাৰ মানে ভাৰিব লাগে হে ব্ৰাহ্মণ । তোমাৰ ওপৰত সৃজনৰ ভৰি আছে। অতএব তুমি অনুগ্ৰহ কৰি মোৰ উন্নতিৰ অর্থে যি যি গুণ, ক্রিয়া আৰু প্ৰৰ্য্যৰ আৱশ্বৰ হয় সেই সকলোৰে