সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান লাভ কৰি দীৰ্ঘজীৱী হৈ সুখেৰে সংসাৰৰ কাৰ্য্য কৰিছিল বুলি ইতিহাসে সাক্ষ্য প্ৰদান কৰে ব্রাহ্ম মুহূৰ্ত্তত নিদ্ৰাব পৰা উঠি সিদিনাৰ ধৰ্ম্ম, অর্থ কাম এই ত্ৰিবৰ্গৰ কি কি কৰ্ত্তব্য তাক স্থিৰ কৰিবৰ উপদেশ দিছে । যথা- প্রবুদ্ধ চিন্তয়েস্কৰ্ম্মমৰ্থঞ্চান্যাবিৰোধিনম্ । অপীড়রাতয়োঃ কামামুভয়োৰপি চিন্তয়েৎ || অর্থ – নিদ্ৰাৰ পৰা উঠিযেই ধৰ্ম্ম, ধৰ্ম্মাবিৰুদ্ধ অৰ্থ আৰু ধৰ্ম্ম অর্থ উভয অবিৰুদ্ধ কামা-কৰ্ম্ম বিষয় চিন্তা কৰি শ্বিৰ কৰিব । অর্থাৎ সিদিনা কি কি ধৰ্ম্ম-কাৰ্য্য কৰা যাব, ধৰ্ম্ম বিৰোধ নোহোৱা কি কি অর্থোপার্জ্জনৰ চেষ্টা কৰা যাব আৰু ধৰ্ম্ম ও অর্থ নষ্ট নোহোৱাকৈ কি কি ইন্দ্ৰিয় প্রীতিকৰ কাৰ্য্য কৰা হব, সেই বিষয়ৰ নিৰ্দ্ধাৰণ কৰিব ৷ এই উপদেশটি কিমান সাৰুৱা ডাক পাঠকক সামান্য ভাবে কলেই হব যে ভাবি-চিন্তি ঠিকঠাক কৰি কাৰ্য্য আৰম্ভ কৰিলে সুকলমে সমাধা হয়। বিশৃঙ্খলা ভাবে কাৰ্য্য আৰম্ভ কৰিলে কাৰ্যা কৰি উঠা টান হয়। সেই গতিকে নীতি শাস্ত্রকার বিশ্ব শৰ্মাই কৈছে যে – স্বচিন্তাচোক্তং সুবিচার্য্যয়ৎকৃতং সুদীর্ঘকালেঽপি ন ঘাতি বিক্রিয়াম্‌ ॥ অর্থাৎ ভালকৈ ভাবি-চিস্তি কোৱা কথা আৰু ভালকৈ ভাবি- চিম্ভি কৰা কাৰ্য, বহু কাললৈকো নষ্ট নহয় । প্রিয় পাঠক । পূর্ব্বে কোৱা হৈছে— ব্রহ্ম মুহূৰ্ত্তত নিদ্ৰাৰ পৰা জাগি বিছনাতে