সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আচাৰ বিজ্ঞান - অর্থ - শুকান মঙহ, ৰয়োধিক। স্ত্রী, কাচি ৰদ, কাচিয়া দৈ গাখীৰ, প্ৰতাত কালত স্ত্রী সহবাস ও নিদ্রা, এই ছয় বিধ ব্যৱহাৰ কৰিলে আয়ুধ কম হয় । পাঠক। এইটো পৰীক্ষা কৰি চালে নিশ্চৱ বুজিৰ পাৰিৰ যে যিদিনা আহ্মমুহূৰ্ত্তত নিদ্ৰাৰ পৰা উঠে সিদিনা শৰীৰ ও মন কেনে লাগে । আৰু যিদিনা সেই সময়ত টোপনি মাৰি উঠে সিদিনা শৰীৰ ও মন কেনে থাকে ৷ ইয়াক অলপ বহলাই কবলৈ চেষ্টা কৰা যাওক মানুহ কিয় সকলে৷ প্ৰাণীৰে দেহৰক্ষাৰ উপযোগী কিছুমান স্বাভাবিক গুণ অথবা প্রাণাদিপঞ্চ বায়ুৰ ও নাগাদিপঞ্চ উপপ্রাণ বায়ুৰ কাৰ্য্য আছে। যিবিলাক প্রতিবন্ধৰ নাথাকিলে আপোনা আপুনি হৰ খোজে, যেনে মল-মুত্র ত্যাগৰ বেগ, নিদ্ৰাৰ আবেশ, নিদ্রাভঙ্গৰ আবেগ, বুভুক্ষা ( ভোজনেচ্ছা ) তৃষ্ণা ( পিপাসা) নিঃশ্বাস প্রশ্বাস ইত্যাদি। এই স্বাভাবিক কাৰ্য্যবোৰ যথা সময়ত নহলে যে দেইযন্ত্ৰৰ মহান অপকাৰ হয ইয়াক দেখা যায় । যেনে মল ত্যাগৰ বেগ বোধ কৰিলে সৰ্ব্বৰোগ নিদান কোষ্ঠ বন্ধ হয়। তাৰ পৰা অগ্নিমান্দ্য জাদি ৰোগ জন্মে। মুত্রত্যাগ বন্ধ কৰিলে দেহৰ সাৰবস্তু শুক্র ও আৰ্ত্তবৰ দোষ ঘটাৰ পৰা মেহ ৰোগ জন্মে । নিদ্ৰাৰ আবেশ ৰোধ কৰিলে বায়ুৰোগ ওপজে আৰু ভুক্ত বস্তু জীর্ণ নহয়। নিদ্রা- ভঙ্গৰ আৰেগ গুচানে অর্থাৎ নিদ্রাভঙ্গৰ সময়ত ঘুমালে শৰীৰৰ ৰস ধাতু ৰেচি হয়। সেই বাবে স্কফৰোগ আৰু আলতাদি জন্মে ক্ষুধাৰ উদ্বেগ সহ কৰিলে অর্থাৎ ভোক লগাত নেখালে পিত্তৰোগ শৰীৰৰ জ্বালা, বুকুৰ জ্বালা প্রভৃতি অসুখ হব । আৰু নিশ্বাস ও