সেমেকি উঠিছে গভীৰ চকুহাল।
অনিশ্চয়তা আৰু অসহায়তা জিলিকি উঠিছে অনুৰাগৰ দুচকুত।
মাকজনীলৈ মৰম লাগিছে ... অনুতপ্ত হৈছে সি। মাত্ৰ এটা নিশাৰ ভুল সিদ্ধান্তৰ পৰিনাম সকলোৱে ভোগ কৰিবলগীয়া হৈছে৷
সম্ভাব্য বিচ্ছেদৰ আশংকাই আৱৰি ধৰিছে তাক... পুনঃ বিচ্ছেদ মৰমৰ মাকৰ পৰা, এই ঘৰখনৰ পৰা, আৰু, আৰু অমৃতাৰ পৰা।
হঠাতে পুনৰ নিশাৰ নিস্তব্ধতা ফালি আগুৱাই আহিছে কেইবাখনো মটৰ চাইকেলৰ কৰ্কশ শব্দ।
ভয়ত বিতত হৈ অনুৰাগৰ মাকজনী অস্থিৰ হৈ উঠিছে।
বিৱৰ্ণ অমৃতাৰ মুখৰ ৰং।
মৃত্যুদূতৰ ৰূপ লৈ ৰক্ত পিপাসু দস্যু আহিছে...
তাইৰ প্ৰেম অনুৰাগৰ মৃত্যু ইহঁতৰ কামনা।
অনুৰাগ সিহঁতৰ বাবে বিশ্বাসঘাটক।
শত্ৰুক জীৱন দান দিয়াৰ অপৰাধত দণ্ডিত কৰিব খোজে অনুৰাগক সিহঁতে।
“আস্’’
মানুহ ইমান নিষ্ঠুৰ কেনেকৈ হব পাৰে!!
ইমান বিদ্বেষ, ইমান হিংসাপ্ৰীতি কেনেকৈ থাকিব পাৰে মানুহৰ মনত!!
: লখিমী অ’ তাক যাবলৈ কচোন। যাবলৈ ক। লুকাবলৈ ক’ তাক। সি নুশুনে অ মোৰ কথা। সি অকলে কেনেকৈ লৰিব ইমানজাকৰ লগত? মই মৰি যাম অ আই।
ভয়ত শেঁতা পৰি যোৱা মানুহজনীৰ কণ্ঠত কাতৰ অনুনয়ৰ সুৰ।
পৰিস্থিতিৰ আকস্মিকতাত কণ্ঠৰুদ্ধ হৈ পৰা অমৃতাৰ মাকক বুজাবলৈ ভাষা নাই।
শক্তি নাই।
অনুৰাগৰ চকুৰ ইংগিত বুজি পাই সীমান্তই মাকক অইন এটা কোঠালৈ লৈ গৈছে। উচুপি উচুপি আঁতৰি গৈছে মাক .. আকুল চকুহালেৰে এবাৰ ঘূৰি চাইছে অনুৰাগলৈ... অমৃতালৈ।
এক অদ্ভুত কঠোৰতাই পুনঃ গ্ৰাস কৰিছে তাৰ সমগ্ৰ মুখমণ্ডল। অনুৰাগ আগুৱাই আহিছে তাইৰ কাষলৈ।
অমৃতাৰ বিৱৰ্ণ মুখখনি নিজৰ দুয়োহাতৰ মাজত তুলি ধৰিছে।
তাৰ হাতৰ উম অনুভৱ কৰিছে তাই নিজৰ দুয়োগালত। ক্ষন্তেক চাই ৰল দুয়ো দুয়োৰে মুখলৈ।
দুয়োৰে দুচকুত জিলিকি উঠিছে সীমাহীন ভালপোৱা। অনুভৱবোৰে তিয়াই গৈছেহি দুয়োৰে চকুৰ পতা।
ইমান বছৰৰ মুৰত লগ খাইছিল দুয়ো! এতিয়া আকৌ বিচ্ছেদৰ সময় আহিছে।
আস, ভগৱান, অকণমান সুখ লিখিছানে কপালত?
এমুঠি হাঁহি, এবুকু প্ৰেমেৰে, সুখ দুখবোৰ ভগাই জীৱন জীপাল কৰি তুলিবলৈ, দিবনে ভগৱানে অকণমান সময় সিহঁতহালক!
পাহৰি গৈছে দুয়ো ক্ষন্তেকৰ বাবে বৰ্তমানৰ বিপদসংকুল স্থিতি। মোহাচ্ছন্ন হৈ দুয়ো আৱদ্ধ হৈ ৰৈছে দুয়োৰে প্ৰেমভৰা দৃষ্টিত।
“আস’’
অনুৰাগৰ প্ৰচণ্ড ঠেলাত বিছনাখনৰ ওপৰতে উবুৰি খাই পৰিছেহি তাই।
ধাই’ ধাই’ ধাই’
এজাক গুলিৰ গৰ্জন কোঠাটোত।
লগে লগেই কেইবাটাও পুৰুষ কণ্ঠৰ আৰ্তনাদ ভৰি পৰিছে।