ঘটনাৰ আকস্মিকতাত শ্বাসৰুদ্ধ হবৰ উপক্ৰম হৈছে অমৃতাৰ। ধান বনাদি বানিব ধৰিছে তাইৰ বুকুখন।
: অনুৰাগ।
চিঞৰি উঠিল অমৃতা।
হাতত ৰিভলভাৰ লৈ হিংস্ৰ ৰূপত তাইৰ সন্মুখত থিয় হৈ ৰৈছে অনুৰাগ।
ৰক্তাক্ত দেহাৰে পকা মজিয়াত কেকাই কেকাই পৰি ৰৈছে মৃত্যুৰ কোলাত স্বয়ং মৃত্যুদূত।
থৰথৰকৈ কঁপিবলৈ ধৰিছে অমৃতাই।
: কৰবাত দুখ পালি নেকি? মই ঠেলি দিব লগীয়া হ’ল, নহ’লে ....
ৰৈ গ’ল সি।
দুখ পালেও “নাই পোৱা” বুলি তাই মূৰটো জোকাৰি দিলে।
তাইৰ হাত ভৰিৰ সামান্য আঘাত তেনেই সৰু আৰু তুচ্ছ, অনুৰাগৰ জীৱনটোৰ সন্মুখত।
: সিহঁত আকৌ আহিব।
চিন্তান্বিত গম্ভীৰ কণ্ঠ অনুৰাগৰ।
বিপদসংকুল পৰিস্থিতিৰ মাজতো অনুৰাগৰ গম্ভীৰ ৰূপ!
: তাৰ আগতেই মই ইয়াৰ পৰা ওলাই যাব লাগিব মোৰ সোণ।
উচুপনিবোৰ বাধা দিব চেষ্টা কৰিছে অমৃতাই পাৰ্য্যমানে। মৌন হৃদয়ৰ অব্যক্ত দুখ, ভালপোৱাবোৰ সৰ সৰাই চকুলো হৈ নিগৰিব ধৰিছে অমৃতাৰ।
এই মৌন ওঁঠ, মুখৰ ভাষা বুজি পায় অনুৰাগে..
বুজি পায় এই নীৰৱ চকুলোৰ ভাষা।
: মোৰ কাৰণে চিন্তা নকৰিবি। মই আকৌ আহিম। এতিয়া মই যাব লাগিব।
গম্ভীৰ কণ্ঠ অনুৰাগৰ। দুচকুত স্পষ্ট বিষাদ।
মই তোক অকলে যাব নিদিওঁ অনুৰাগ।
অশ্ৰুসিক্ত দুচকুৰে স্থিৰ দৃষ্টিৰে চাই ৰৈছে তাই অনুৰাগৰ দুচকুলৈ। অনুৰাগেও চাই ৰৈছে তাইৰ দুচকুলৈ।
অস্থিৰ অনুভৱ কৰিছে সি।
: এতিয়া মোৰ চাৰিওপিনে মাথো শত্ৰু। বুজিবলৈ চেষ্টা কৰ।
খুব মৰমেৰে বুজাবলৈ চেষ্টা কৰিছে সি।
সময় নিচেই কম তাৰ হাতত। যিকোনো মুহূৰ্তত সশস্ত্ৰ সেনা তাৰ ওপৰত জপিয়াই পৰিব পাৰে।
: মোৰ লগত বিপদত পৰিবি তই।
: মই ভয় নকৰোঁ।
: অমৃতা ...মোৰ সোণ ..
: তই কি কৈছিলি অনুৰাগ ... পাহৰি গৈছ তই?
মৰিলেও একেলগেই মৰিম ...তেতিয়াহে অহা জনমত একেলগে পুনৰ জনম ল’ম আমি।
পিছৰ খিনি কওঁতে অলপ খোকোজা লাগিছে তাইৰ। মুখত বিয়পি পৰিছে এটি ৰক্তিম আভা।
তলমূৰ কৰি ৰৈছে তাই।
: তাৰমানে..?
: ডু ইউ লাভ মি?? সঁচা কবি। ভাল পাওঁনে মোক এতিয়াও সেই সৰুতে ভাল পোৱাৰ দৰেই??
“সেই সৰুতে ভাল পোৱাৰ দৰেই”
অনুৰাগৰ শেষৰ বাক্যশাৰীয়ে চুই গৈছে তাইৰ অন্তৰ।