পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০

 দুৱাৰখন “ধাম’’কৈ খোল খালে।

 জোনাকে পোহৰ সিঁচি দিয়া কোঠাটোত হঠাৎ সোমাই আহিছে দুজন কলা পোছাক পিন্ধা ছায়ামূৰ্তি। হাতত বন্দুক। দুৱাৰখনৰ চুকত ভয়ত জঠৰ হব ধৰিছে অমৃতা।

 বন্দুক পোনাই সতৰ্ক দৃষ্টিৰে আগুৱাই গ’ল দুয়োজন। দুয়োজনে এবাৰ ইটোৱে সিটোৰ মুখলৈ চাই কিবা ইংগিত দিলে।

 এপলক মাত্ৰ।

 সেই এপলকত হঠাৎ তড়িৎ গতিৰে অনুৰাগ জপিয়াই পৰিছে দুয়োজনৰ ওপৰত পিছফালৰ পৰা... জপতিয়াই ধৰিছে। দুয়োজনৰ কান্ধ, শৰীৰ, হাতৰ বন্দুক ..

 অনুৰাগ হিংস্ৰ হৈ পৰিছে। হাত, বুকুৰ মাংসপেশী কঠিন হৈ আহিছে।

 শান্ত গম্ভীৰ ৰূপ নাই...

 চকুৱে মুখে মাথো ফুটি উঠিছে অমৃতাই আগতে কাহানিও নেদেখা কঠিনতা, নিষ্ঠুৰতা আৰু বলিষ্ঠতা।

 উপৰ্যপূৰি মূৰে, বুকুৱে , নাকে , মুখে ঘোচা মাৰি হাতৰ বন্দুক আজুৰি টানি পেলাইছে সি।

 আকৌ বন্দুকেৰে উপৰ্যপূৰি মাৰ সোধাইছে।

 : তহঁতে জীয়াই থাকিব নিদিয় কিয় মোক? কিয়?

 কোঠাটোত বিয়পি পৰিছে সিহঁতৰ কৰ্কশ আৰ্তনাদ। এটা সময়ত নিস্তব্ধতাৰ কোলাত ঢলি পৰিছে নিজেই দুই মৃত্যুদূত।

 খঙত, উত্তেজনাত ফেঁপাই উঠিছে সি...

 ভয়ত জঠৰ হৈ পৰা অমৃতাই দুৱাৰৰ চুকতে থিয় হৈ অবাক লাগি চাই ৰৈছে অনুৰাগৰ হিংস্ৰ মুখখনলৈ...আগতে কাহানিও নেদেখা ৰূপটোলৈ।

 অনুৰাগ আহি তাইৰ কাষত থিয় হৈছেহি।

 : ঠিকেই আছনে?

 বাকৰুদ্ধ হৈ পৰা অমৃতাই উত্তৰ দিব খুজিও দিব নোৱাৰিলে .. শুষ্ক হৈ পৰিছে কণ্ঠনলী।

 জোনাক উপচি পৰা কোঠাত তাই মাথো অবাক লাগি চাই ৰৈছে অনুৰাগৰ ঘনে ঘনে বৰণ সলোৱা মুখখনলৈ।

 অনুৰাগৰ মুখখনত এতিয়া দেখা গৈছে মাথো উদ্বিগ্নতা আৰু বিষন্নতা।

 ঠিক তেনেতে সীমান্ত ওলাই আহিল হাতত দা খন লৈ। অনুৰাগৰ মাকেও অস্থিৰতাৰে হুইল চেয়াৰ ঠেলি ওলাই আহিছে।

 পকা মজিয়াত পৰি থকা শৰীৰ দুটা দেখি আৰ্ত চিৎকাৰ কৰি উঠিছে মানুহজনী... ভয়াৰ্ত চকুহালত জিলিকি উঠিছে ভয়, বিহ্বলতা আৰু অস্থিৰতা।

 বহি থকাৰ পৰাই হাত মেলি অনুৰাগক হাতত ধৰি গালে, মুখে, চুলিয়ে হাত ফুৰাইছে মাকজনীয়ে।

 : তই ঠিকেই আছনে বাবা? তই ঠিকেই আছনে? কৰবাত দুখ পালি নেকি?

 : নাই মা ..চা, কতো অকণো দুখ পোৱা নাই।

 হাত দুখন মেলি পোনকৈ থিয় হৈ দেখুৱাইছে সি।

 : মই জানিছিলো সিহঁত আহিব...মই জানিছিলোঁ...কিমান ক’লো তোক, তই জানো শুন মোৰ কথা বাবা।

 চাদৰৰ আঁচলেৰে মুখ ঢাকি উচুপি উঠিছে মানুহগৰাকী।

 তই গুচি যা অ’ বাবা। গুচি যা। বহুত দূৰলৈ যাগৈ। ইয়াত নাথাকিবি অ। ইয়াত নাহিবি আৰু দুনাই।

 : তই ইমান বেছি চিন্তা কিয় কৰিছ মা? মোৰ জানো কিবা হৈছে?

 : চিন্তা নকৰিম?? কেনেকৈ??

 তই অকলে যুঁজিবি সিহঁতৰ লগত ...কেনেকৈ যুঁজিবি? কোনো সহায় কৰোঁতাও নোলাব।

 মৰমৰ মাকজনীৰ চকুলোৰ আগত বিচলিত হৈ পৰিছে অনুৰাগ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড