কৰাটো বিচাৰিছে।
ডিভর্চ....
পিছদিনাই, বিয়লি চাৰি বজাত অনুৰাগৰ ফ্লাইট ... মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী।
যােৱাৰ আগত দঢ়াই দঢ়াই তাইক আৰু ফোনতে শ্যামলীকো আমনি লাগি যােৱাকৈ সি বুজাইছে দৰৱ খােৱাৰ নিয়ম।
বন কৰা লৰাজনকো ভালকৈ বুজাইছে তাইৰ বাবে কি বনাব লাগে, নালাগে ইত্যাদি ইত্যাদি।
“ফোন কিন্তু ৰিছিভ নকৰিলে মই একেদিনাই মুম্বাই পামহি। এই কথা মনত ৰাখিবি।”
তাইৰ সজল চকুযুৰীত চকু থৈ যােৱাৰ পৰত অনুৰাগে কথাষাৰ কলে তাইক।
অমৃতাই একো কব পৰা নাই মুখ ফুটাই। কণ্ঠৰুদ্ধ হৈ পৰিছে তাইৰ।
“ভালকৈ যাবি”
কব খুজিও কব পৰা নাই তাই।
আৱেগবােৰ অন্তৰত তােলপাৰ লগাইছেহি, যদিও তাৰ বহিঃ প্রকাশ ঘটা নাই শব্দ হৈ... মাথাে চকুলাে হৈ সৰিব ধৰিছে।
অনুৰাগে বুজি পায় এই সজল দুচকুৰ... মৌন ওঁঠ, আৰু চকুলােৰ ভাষা।
সি কাষলৈ আহি নিজৰ ৰুমালখনেৰে মচি দিলে তাইৰ সিক্ত চকুযুৰী... সিক্ত দুগাল।
অনুৰাগৰ চকুহালাে সেমেকি আহিছিল।
“কিবা কথাত অসুবিধা পালে মােক লগে লগে ফোন কৰিবি । অদিতিয়ে কোৱা কথাষাৰাে ভালকৈ ভাৱি চাবি।”
ওলাই যাব লৈও পুনৰ ঘূৰি আহি কৈছিল সি।
তলমূৰ কৰি ঠাইতে থিয় হৈ ৰৈছিল অমৃতা। তাই বুজি পাইছে, অনুৰাগেও বিচাৰে তাই অতি সােনকালে ভাস্কৰৰ পৰা মুক্তি পােৱাটো।
তাই নিজেওতাে তাকেই বিচাৰে ... মুক্তি...।
কিন্তু তথাপিও যে তাইৰ সাহস হােৱা নাই।
“ভাৱিম”
অস্পষ্ট থুকা থুকি কণ্ঠৰে কোনােমতে কৈছিল তাই। অনুৰাগ ঘৰৰ পৰা ওলাই যােৱাৰ পিছত দুৱাৰ বন্ধ কৰি বিছনাত মুখ উবুৰি কান্দিছিল তাই।
ইমান দুখ কিয় লাগিছে বাৰু?
অনুৰাগৰ পৰা নিজক আঁতৰাই ৰাখিব বিচৰাটো তাইৰেইটো নিজৰ সিদ্ধান্ত আছিল।
বুকুখনত ... অনুৰাগবিহীন ঘৰখনত, সর্বস্বতে যেন বিষাদ আৰু শূন্যতা ওলমি ওলমি ৰৈছে।
সন্ধিয়া সাত বজাত শ্যামলী আহিল।
: অনুৰাগ দাই ফোন কৰিছে নেকি??
: নাই কৰা।
শ্যামলীয়ে কান্ধৰ বেগটো টেবুলখনত নমাই থৈ ক্লান্ত শৰীৰটো ধুপুছ কৈ চোফাখনত এৰি দিলে।
মুখখন সেমেকি আহিছে তাইৰাে।
অমৃতাই নিজেই কীটচেনত গৈ তাইৰ বাবে একাপ কফি বনালে। কফিকাপ তাই শ্যামলিমাৰ হাতত তুলি দিলে।
: ঠেং৷
: ... বেয়া খবৰ এটা আছে অমৃতা বা। ভাস্কৰ দত্তই আজি বেইল পাইছে।
কফিকাপত দীঘলীয়া সোঁহা কেইটামান দি হঠাতে কৈ উঠিল তাই।
শৰীৰটো জিকাৰ খাই উঠিল অমৃতাৰ।
: একো নহয় অমৃতা বা। আপুনি ভয় কৰিব নালাগে। আমি আছোঁ। অনুৰাগ দা থাকোতে কিহৰ ভয় আপােনাৰ?