পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১

 অমৃতাই জানে তাইৰ লগত অনুৰাগ আছে, অদিতি, শ্যামলী সকলাে আছে।

 তথাপিও আশংকাত ঘামি উঠিব ধৰিছে তাইৰ সৰ্বশৰীৰ। ভাস্কৰ চাগৈ ফ্লেটলৈ গৈছে। তাইক নাপায় খঙত পাগল হৈ পৰিব সি। ঘৰৰ বস্তু ভাঙি ছিঙি চুৰমাৰ কৰি দিব সি।

 আৰু যদি সি গম পায় তাই ইয়াত... অনুৰাগৰ ফ্লেটত আছেহি... তেতিয়া ??

 ভাস্কৰ অত্যন্ত প্রতিশােধ কামী মনৰ মানুহ।

 সি জানাে তাইক, নতুবা অনুৰাগক সহজে এৰিব ??

 তাইৰ বাবে ... মাথাে তাইৰ বাবে যদি অনুৰাগৰ ওপৰত এটা আঁচোৰাে পৰে, তাই জানাে সহিব পাৰিব এই কথা ?

 আতংকিত তাইৰ মুখখন, চকুহাল হয়তাে শ্যামলীৰ চকুত পৰিল।

 : বেছি চিন্তা নকৰিব অমৃতা বা। আমি আছােটো। মাথাে আপুনি ডিভর্চ ফাইল কৰক।

 : ......

 : অনুৰাগ দাক ফোন লগাইছো, নত ৰিছেবল হৈ আছে। ভাস্কৰৰ বেইল পােৱাৰ কথা অনুৰাগ দাক জনােৱাটো উচিত। ৰব। মই অকণমান ফ্রেছ হৈ আহাে।

 কৈয়েই শ্যামলী সােমাই গল ভিতৰলৈ।

 চিটিং ৰুমত ঠাইতে জঠৰ হৈ থিয় হৈ ৰল অমৃতা।

 অনুৰাগক ফোন কৰিব লাগিব । তাক জনাব লাগিব কথাষাৰ।

 অদিতিকো জনাব লাগিব।

 খপজপকৈ তাই মােবাইলতাে হাতত তুলি ল’লে। অনুৰাগৰ নাম্বাৰ ডায়েল কৰিব খােজোঁতেই হঠাৎ মােবাইল তাে বাজি উঠিল।

 এটা অচিনাকি নম্বৰ।

 তাই ৰিছিভ কৰি কিবা কবলৈ নৌপাওঁতেই এটা কর্কশ কণ্ঠস্বৰে তাইৰ কৰ্ণকোঁহৰত চুৰীৰ দৰে আঘাত কৰিলেহি।

 : বেশ্যা। চুইছাইড কৰাৰ নাটক কৰি নিজৰ হাজবেণ্ডক জেইলত পঠিয়াই পুৰণি প্রেমিকৰ লগত কিহৰ খেল খেলিছ ? এনেয়েতাে মহা সতী সাৱিত্ৰী। তােক চাই লম। আৰু তােৰ সেই ভিকহু প্রেমিক?? ভাস্কৰ দত্তৰ লগত সমানে টক্কৰ মাৰিবলৈ কাক লুট পাট কৰি ইমান ওপৰলৈ উঠিল সি? চালা অনিৰুদ্ধ বৰুৱা হৈ সকলােকে ঠগি আছে ..মুখ খুলি দিম তাৰ। কৈ দে তাক ডেডবডী হবলৈ আৰু তাৰ বেছি সময় নাই।

 মােক... ভাস্কৰ দত্তক সি চিনি পােৱা নাই।

 হা হা হা। কত আছ ক ? এতিয়াই ক।

 ভাস্কৰ দত্তৰ নিষ্ঠুৰ কর্কশ কণ্ঠ তাইৰ মূৰৰ চৌপাশে ঘূৰিব ধৰিছে।

 “আস্”

(২০)

 খঙত বলিয়াৰ দৰে হৈ পৰিছে ভাস্কৰ।

 চেদেলি ভেদেলি হৈ পৰি থকা ৰূমটোৰ বস্তু বাহানিবােৰ দেখি তাৰ খং দুগুণে চৰিছে। বাৰে বাৰে সি ডায়েল কৰিছে অমৃতাৰ নাম্বাৰ।

 ...... নাই, তাই উঠোৱা নাই। জাউৰীয়ে জাউৰীয়ে অশ্লীল শব্দৰ বৰ্ষণ কৰি অমৃতালৈ মেছেজ পঠিয়াইছে সি। তাই মেছেজৰাে ৰিপ্লাই দিয়া নাই।

 খঙত, অপমানত দগ্ধ হৈ পৰিছে সি।

 দাঁত কৰছি ধৰিছে সি নিজৰ....

 অমৃতাই ফোন ৰিছিভ কৰিলেই অশ্লীল গালিৰে তাইক থকাসৰকা কৰিবলৈ লকলকাই উঠিছে তাৰ নিচাগ্রস্ত জিভা। এমাহতে ইমান সাংঘাতিক পৰিবৰ্তন অমৃতাৰ !!

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড