পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮

 সাগৰৰ বুকুত প্রচণ্ড জোঁৱাৰ উঠিছে।

 এই জোঁৱাৰ অনুৰাগৰ হৃদয়ত উঠা অনুভূতিৰ সুতীব্র জোঁৱাৰ টোৰ দৰেই।

 যিমানেই অমৃতাৰ দুচকুলৈ, তাইৰ মুখখনিলৈ চায় সিমানেই অনুভূতি বােৰ তােলপাৰ লগায়...।

 বাধা দিয়া কঠিন। অনুৰাগৰ চকুত পৰিল, মেৰিন ড্রাইভৰ পাৰত এখন বেঞ্চৰ ওপৰত যৌৱন উদ্দীপ্ত এহাল উন্মত্ত প্রেমিক প্রেমিকা ....

 ব্যস্ত চহৰখনৰ ব্যস্ত কোলাহলে চুই যাব পৰা নাই তাঁহাতক ... নিবিড় আলিংগনত আৱদ্ধ দুয়াে। মাজে মাজে সাগৰৰ জোঁৱাৰ ভাটাৰ পৰা উৎপন্ন উৰ্মিৰাশীয়ে তিয়াই গৈছে দুয়ােৰে সৰ্বশৰীৰ...।

 নাই, তাঁহাতে অকণাে আমনি পােৱা নাই... কালৈকো কেৰেপ কৰা নাই।

 দুয়াে দুয়ােৰে মাজত আৱদ্ধ মাথাে।

 এটি দীঘল হুমুনিয়াহ স্বতঃস্ফুর্ত ভাৱে নির্গত হল অনুৰাগৰ বুকুৰ গভীৰৰ পৰা।

 সিহঁতহাল সঁচাই সুখী... সঁচাই ভাগ্যৱান।

 মার্চিডিজখনৰ পিছৰ ছিটত অনুৰাগৰ লগত নীৰৱে বহি ৰৈছে অমৃতা.. তাইৰ দৃষ্টি নিবদ্ধ বাহিৰৰ ব্যস্ত ৰাজপথত। পৰুৱাৰ দৰে লানি নিছিগা গাড়ীৰ শাৰীৰ ওপৰত ।

 উগুল থুগুল মন।

 হস্পিটেলৰ সমস্ত দায়িত্ব বহন কৰিছে অনুৰাগে... এতিয়া আকৌ হস্পিটেলৰ পৰা ৰিলিজ হােৱাৰ পিছতাে অনুৰাগৰ ঘৰত থাকিবলৈ যােৱা কথাটোহে চিন্তাত পেলাইছে তাইক।

 তাই অনুৰাগৰ লগত যাব খােজা নাছিল। কিন্তু অনুৰাগ নাচোৰবান্দা। কোনােপধ্যেই সি মান্তি নহয় ভাস্কৰ দত্তৰ ঘৰত তাই ঘূৰি যােৱাটো।

 তাৰ মতে অমৃতা ভাস্কৰ দত্তৰ ঘৰত সুৰক্ষিত নহয়।

 ভাস্কৰ মানসিক ভাৱে যে এজন বিকাৰগ্রস্ত মানুহ সেয়া সকলােৱে বুজি উঠিছে।

 তেওঁ বেদনা দি সুখ পায়।

 আনক বেদনা দি, যন্ত্রণা দি, মানসিক আৰু শাৰীৰিক পীড়া দি তেওঁ অপৰিসীম সুখ অনুভৱ কৰে। যৌন সংগমৰ মুহূর্তত যিমানেই শাৰীৰিক পীড়া যৌন সংগীয়ে অনুভৱ কৰে সিমানেই যৌন সুখ লাভ কৰে তেওঁ।

 ই এক ধৰণৰ মনােৰােগ। যাক ইংৰাজীত “চেক্সুৱেল চেডিজম” বুলি কোৱা হয়।

 ডঃ তৃশা কুপ্পীকাৰৰ কথাত তাই আচৰিত হৈ গৈছিল। বিস্ময়ত চকুযুৰী বহল হৈ গৈছিল।

 সঁচাইতাে।।

 তেনে ক্ষেত্ৰত ভাস্কৰৰ ফ্লেটলৈ তাই যােৱাটো নিৰাপদ নহয়। মাথাে সেয়াই নহয়, ভাস্কৰৰ বিপক্ষে ষ্টেটমেন্ট দিয়াৰ পিছত সেইখন ঘৰলৈ তাইৰ নিজৰাে ঘূৰি যােৱাৰ সাহস হােৱা নাই।

 মুম্বাইত অমৃতাৰ অইন কোনাে সম্বন্ধীয় মানুহ বা কোনাে বন্ধু বান্ধবাে নাই। অদিতি আছে, কিন্তু তাইৰ লগত থকাটো সহজ নহয়... কাৰণ হল অদিতিৰ স্বামী বিপ্লৱ আৰু ভাস্কৰ দত্তৰ মাজত থকা ঘনিষ্ঠ বন্ধুত্ব।

 গতিকে অনুৰাগৰ বাহিৰে আৰু অইন গত্যন্তৰ নাই। অনুৰাগৰ লগত থাকিব যােৱাটোও তাে সহজ কথা নহয়...ভাস্কৰে বা কথাটো কেনেধৰণে লয়? ভাস্কৰৰ বন্ধুবৰ্গই কথাটো বেলেগ ধৰণে লব নেকি?

 দোধোৰ মােধােৰ হৈ থকা অমৃতাৰ একো হকা বাধালৈ গুৰুত্ব নিদি ৰিলিজৰ বাবে যাৱতীয় সকলাে কৰণীয় কৰি উঠি চিধাই অনুৰাগে তাইক লৈ আনিছে বান্দ্রাস্থিত তাৰ ফ্লেটটোৰ দিশে।

 সেমেকা বতৰ।

 অমৃতাই খিৰিকীৰে অকাশখনলৈ মূৰ তুলি চালে।

 কলীয়া ডাৱৰে আকাশ ছানি ধৰিছে।

 মাজে মাজে মেঘৰ গাজনি।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড