পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২

 হাজাৰ কিয়'ই জোৱাৰ তুলিছে অনুৰাগৰ অন্তৰত। উত্তৰবিহীন প্রশ্নবােৰৰ সন্মুখীন হৈ অনুতাপত দগ্ধ হৈ উঠিছে তাৰ সমগ্র।

 মনলৈ আহিছে শীতৰ সেই নিশাৰ স্মৃতি....তাৰ বুকুৰ উমত ৰক্তিম হৈ উঠা মুখখনি, তাইৰ দুচকুৰ নীৰৱ কাতৰ আহ্বান, সেই আকুল দৃষ্টি ...

 ভাঁহি আহিছে তাই কোৱা কথাবােৰ

 “মােক একো নালাগে অনুৰাগ। মােক মাথাে তােক লাগে।”

 আস্’

 নিজৰ সোঁহাতখনেৰে বুকুখনত হেঁচা মাৰি ধৰিলে সি। কিয় সি উপেক্ষা কৰিলে অমৃতাৰ সেই আকুল আহ্বান ? কিয় সি অমৃতা আৰু তাৰ মাজত থকা নিষ্পাপ মৰম, ভালপােৱাক ভাস্কৰৰ আভিজাত্যৰ আগত হীন বুলি ভাবি ল’লে??

 : মিষ্টাৰ বৰুৱা। ধৈর্য্য ধৰক।

 এগিলাচ ঠাণ্ডা পানী অনুৰাগলৈ আগবঢ়ালে অদিতিয়ে। ঠাণ্ডা পানীখিনি ঘুতঘুতকৈ গিলি থলে সি। কিজানিবা অনুতাপত বুকু দহি নিয়া সেই উত্তপ্ত অনুভূতিৰ পৰা অকণমান ৰক্ষা পায় সি !!

 : এতিয়া মােৰ মনলৈও যথেষ্ট সাহস আহিছে আপােনাক দেখি। এতিয়া আৰু অমৃতা অকলশৰীয়া নহয়।

 : ....

 : ভাস্কৰ দত্তক শাস্তি আপুনিয়েই দিয়াব লাগিব। মই সহায় কৰিম যিমান পাৰোঁ। এতিয়া অমৃতাৰ অনুৰাগ....

 কিবা কবলৈ লৈও ৰৈ গ’ল তাই।

 সন্মুখৰ দীঘল কৰিডৰটোৰ পৰা আগুৱাই আহি আছে শ্যামলী।

 অদিতিয়ে বুজি পাইছে, কিবা নিশ্চয় গভীৰ কাৰণ আছে, যাৰবাবে অনুৰাগ বৰুৱাৰ পৰিৱৰ্তন হৈছে অনিৰুদ্ধ বৰুৱালৈ। এইখন সমাজত এতিয়া তেওঁৰ পৰিচয় মাথাে অনিৰুদ্ধ বৰুৱা ৰূপেহে। গতিকে তাই সাৱধান হােৱা উচিত যাতে তাইৰ মুখেৰে এই কথা কেতিয়াও বাহিৰ নহয়।

 : অফিচৰ পৰা ফোন এটা আহিছিল ..

 : তুমি যােৱাগৈ শ্যামলী।

 শ্যামলীলৈ মূৰ তুলি নােচোৱাকৈয়ে ক’লে সি।

 : আৰু তুমি ??

 : মই ... মই ইয়াতেই থাকিম।

 : তুমি জানাে ইয়াত থাকি কষ্ট নাপাবা অনিৰুদ্ধ দা?

 : কষ্ট... ?? কষ্ট কিহৰ বাবে? তুমি যােৱাগৈ। মই ইয়াতে থাকিম।

 গম্ভীৰ স্বৰত কোৱা কথাষাৰ শুনি আৰু কথা আগবঢ়াবলৈ সাহস নহল শ্যামলীৰ।

 ভালকৈ বুজিব পৰা নাই শ্যামলীয়ে। গভীৰ ৰহস্যলৈ যেন সােমাই পৰিছে কথাবােৰ। অনিৰুদ্ধৰ অস্থিৰ, আকুল মনস্থিতি ধৰিব পাৰি তাই মনত জাগ্রত হােৱা প্ৰশ্নৰ বান এৰিবলৈ কুণ্ঠাবােধ কৰিছে।

 অনিৰুদ্ধই মন কৰা নাই কিন্তু অদিতিয়ে মন কৰিছে ... শ্যামলীৰ ধুনীয়া কজলা চকুযুৰীত দুটোপাল চকুলাে জ্বলমলাই উঠিছে ।

 ‘অকে দেন’ বুলি কৈ দীঘল দীঘল খােজ দি আঁতৰি গল দীর্ঘাঙ্গী ছােৱালীজনী। অদিতিয়ে চাই ৰল, শ্যামলী কৰিডৰটোৰ এটা চুকত নােহােৱা হৈ যােৱালৈকে।

 ভাস্কৰ দত্তই শাস্তি পােৱা উচিত। তেওঁ দোষী। তেওঁ শাস্তি নােপােৱালৈকে মই শান্তিত থাকিব নােৱাৰিম।

 হঠাতে কৈ উঠিল অনুৰাগে।

 : কিন্তু সেয়া সম্ভৱ হব যদিহে অমৃতা ঠিক হয়।

 তাই নিজেই পুলিচৰ আগত ষ্টেটমেন্ট দিব পাৰিব লাগিব । ভাস্কৰ দত্তক শাস্তি প্রদান কৰাবলৈ উপযুক্ত প্রমাণৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড