অভাৱ। তাতেই আৰু বেছিকৈ সহজ হৈ পৰিছে ভাস্কৰৰ বাবে। কাৰণ আগৰেপৰাই ডিপ্রেছনত ভুগি থকা বুলি ডাক্তৰ তৃশা কুপ্পীকাৰৰ ওচৰত চিকিৎসাৰত হৈ আছিল তাই।
অত্যন্ত মনােযােগেৰে কথাবােৰ শুনি কিছুদেৰী নিশ্ৰুপ হৈ ৰল অনুৰাগ ।
অসহায় অনুভৱ কৰিছে সি।
ভাস্কৰ দত্তৰ অধিকাৰ নাই অমৃতাৰ জীৱন কাঢ়ি লােৱাৰ... অমৃতাৰ আশে পাশেও এই দৈত্যৰ উপস্থিতি আৰু সহ্য কৰিব নােৱাৰে সি। কিবা কৰিব লাগিব সি।
কিন্তু কি ? কেনেকৈ ?
হঠাতে তাৰ কিবা এটা মনলৈ আহিল।
অমৃতাই ষ্টেটমেন্ট দিব নােৱাৰিলেও একো নাই। তাইৰ শৰীৰত লগা দাগবােৰে ষ্টেটমেন্ট দিব।
: মিছেছ শইকীয়া আপুনি অকণমান আহিব নেকি মােৰ লগত ?
: চিঅৰ।
বিনাপ্রশ্নই অদিতি বহাৰ পৰা উঠি আহিল।
অনুৰাগ আৰু অদিতি দুয়াে ডাক্তৰ চেতন মিশ্রৰ কেবিন অভিমুখে খােজ আগবঢ়ালে।
ভাস্কৰ দত্তই হুৰমুৰাই সােমাই আহোঁতেই হস্পিটেলৰ কৰিডৰত মুখামুখি হল অনিৰুদ্ধৰ সৈতে। কিছুপৰ দুয়াে দুয়ােলৈ জ্বলন্ত দৃষ্টিৰে চাই ৰ’ল।
: আপুনি ইয়াত পুনৰ আহিছে ... কিয়? মােৰটো আপােনাৰ সৈতে বিশেষ সম্বন্ধ নাই। মােৰ পত্নীৰ লগত আপােনাৰ ইমান গভীৰ সম্বন্ধ কেনেকৈ হ’ল ?
ভাস্কৰৰ ৰঙা চকুহালত জিলিকি উঠিছে জান্তৱ হিংস্রতা... ধাতৱ শিতলতা।
নিচাগ্রস্ত জিভা।
শীতল দৃষ্টিৰে কিছুদেৰী অনুৰাগে চাই ৰ’ল ভাস্কৰৰ মুখলৈ। আইন শৃংখলা নামৰ সকলাে কথা পাহৰি ভাস্কৰক উধাই মুধাই ঘুছিয়াবলৈ প্রচণ্ড ইচ্ছা এটা জাগি উঠিছে তাৰ মনত।
আভিজাত্যৰে ভৰপূৰ অনিৰুদ্ধ বৰুৱাৰ কৃত্রিম পােছাক খুলি দলিয়াই উন্মুক্ত হ’ব খুজিছে অৰণ্যৰ অনুৰাগ ... বহুবছৰ আগতেই উগ্রপন্থী সংগঠনত যােগ দিয়া অনুৰাগৰ সেই জঘন্য ৰূপ। স্থিৰ দৃষ্টিৰে অনুৰাগে চাই ৰল ভাস্কৰ দত্তৰ কপালৰ মধ্যবিন্দুলৈ ... এইমুহূর্তত তাৰ খুব মনত পৰিছে অৰণ্যৰ সংগী তাৰ হাতৰ বন্দুকটোলৈ।
: আপােনাৰ পত্নী ইয়াত জীৱন মৃত্যুৰ সন্ধিক্ষণত ... আৰু আপুনি মদ খাই আহিছে মিষ্টাৰ দত্ত?
: ... মদ খােৱা নােখােৱাতাে মােৰ ইচ্ছাৰ কথা ।
তাত আপােনাৰ মাত দিয়াৰ প্রয়ােজন নাই। মােক মাত্র কওক আপুনি ইয়াত কি কৰিছে??
: কি কৰিছে মানে? আপুনি দেখা নাই নেকি? অমৃতাৰ শুশ্রূষা কৰিবলৈ আহিছোঁ। মই ইয়াতেই থাকিম। অমৃতাৰ শুশ্রূষা কৰিম। তাই জী উঠিব লাগিব। আৰু এই কাম কৰাত কোনােবাই যদি মােক বাধা দিয়ে মই তাক দূৰ কৰি দিবলৈ অকণাে কুণ্ঠাবােধ নকৰিম।
কিছুদেৰী নিচাগ্রস্ত চকুহালেৰে চাই ৰ’ল সি অনিৰুদ্ধ বৰুৱাৰ স্থিৰ, দৃঢ় মুখখনলৈ।
: শুশ্রূষা মাই ফুট। শুশ্রূষা কৰিবলৈ ডক্তৰ আৰু নাৰ্ছৰহে প্রয়ােজন..। আৰু কিবা লাগিলে মইতাে আছুৱেই।
দোৰোল খােৱা জিভাৰে কৈ উঠিল সি।
: দেখিছোঁ। বুজিছোঁ। কিমান কেয়াৰ লৈছে আপুনি নিজৰ পত্নীৰ।
কঠিন হৈ আহিছে অনুৰাগৰ মুখভঙ্গী। তাৰ মন গৈছে ভাস্কৰক চোঁচৰাই গতিয়াই উলিয়াই দিবলৈ।
ঠিক তেনেতে দুজন খাকী বর্ডিধাৰী পুলিচ সােমাই আহিল।
: মিষ্টাৰ ভাস্কৰ দত্ত। আপুনি আহক আমাৰ লগত।
হিন্দীতে অত্যন্ত কঠিন ভংগীত কৈ উঠিল অলপ শকত আৱত পুলিচ জন।