পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১

 আই চি ইউ’ৰ কৰিডৰত অদিতিৰ নিম্ন স্বৰত পােনপটীয়াকৈ সােধা প্রশ্নত ক্ষন্তেকৰ বাবে নিশ্চুপ হৈ পৰিল অনিৰুদ্ধ বৰুৱা৷ নিজৰ দুই আঁঠুৰ ওপৰত হাতৰ কিলাকুটিৰে ভেঁজা দি মুখখন ঢাকি ধৰিলে সি দুয়ােহাতেৰে। বহু পৰ তেনেদৰেই বহি ৰ’ল সি।

 অদিতিয়ে লক্ষ্য কৰিলে, মানুহজনৰ নাক মুখ ৰঙা হৈ পৰিছে।

 কিছুক্ষণৰ পিছত নিজেই প্রকৃতিষ্ঠ হল সি।

 : অমৃতাৰ ভুল হ’ব নােৱাৰে। ময়েই...... ময়েই অনুৰাগ বৰুৱা।

 খুব লাহে লাহে স্বীকাৰােক্তি দিয়াৰ দৰে ভঙা ভঙা কণ্ঠৰে কৈ গল সি।

 : মই বিৰাট ডাঙৰ ভুল কৰিলাে মিছেছ শইকীয়া ...বিৰাট ডাঙৰ ভুল।

 কান্দোনৰ দৰে শুনা গৈছে তাৰ মাতষাৰ।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলাটো ক্রমান্বয়ে গলি গলি নিঃশেষ হৈ পৰিছে... আৰু তাৰ ঠাইত অদিতিৰ সন্মুখত বহি ৰৈছে মাথাে অনুৰাগ বৰুৱা।

 : বিৰাট অন্যায় সহ্য কৰি আহিছে তাই গােটেই জীৱন।

 অদিতিৰাে চকুহাল সেমেকি আহিছে অজানিতে।

 অদিতিৰ কথা শুনি দুচকুত প্রশ্নবােধক চাৱনি লৈ চাই ৰৈছে অনুৰাগে তাইৰ সিক্ত চকুযুৰীলৈ।

 নিম্নস্বৰত অদিতিয়ে কৈ গৈছে ভাস্কৰৰ সৈতে অমৃতাৰ যন্ত্রণাক্লিষ্ট অধ্যায়বােৰ ...

 অদিতিয়ে কৈ গৈছে শাৰীৰিক অত্যাচাৰত যন্ত্রণাত নীলা হৈ পৰা অমৃতাৰ কথা, ডিপ্রেছনত ভুগি নিদ্রাহীন নিশাবােৰত ক্ষণ, পল গণি থকা অসহায় অমৃতাৰ কথা...ভাস্কৰৰ অত্যন্ত খঙাল ,অত্যাচাৰী স্বভাৱটোৰ আগত মৰহি পৰা ফুল এপাহিৰ দৰে হৈ উঠা মানুহ জনীৰ কথা, ভাস্কৰৰ তলত কটাবলৈ বাধ্য হােৱা পৰাধীন জীৱনটোৰ কথা..।

 অত্যন্ত অন্তর্মুখী স্বভাৱৰ অমৃতাই মাথাে দুখ সহ্য কৰিব জানে। কিন্তু অন্তৰৰ দুখ, খং, বেদনাৰ বৰ্হিপ্রকাশ ঘটাব নাজানে।

 কথাবােৰ কৈ যাওঁতে দুচকুৰ পতা সেমেকি উঠিছে অদিতিৰ ...।

 আৰু ক্ষণে ক্ষণে তলমূৰ কৰি ৰুমালেৰে চকু মােহাৰিছে সি.. হয়তাে কান্দিছে।

 :ইমান কষ্ট সহ্য কৰি আছিল মােৰ অমৃতাই!!

 ভাস্কৰ দত্তক মই...

 হঠাতে ডাঙৰ হৈ অহা তাৰ কম্পিত মাতষাৰ শুনি বাকী পেচেণ্ট’ৰ এটেনডেন্ট বােৰে কৌতুহলৰ দৃষ্টিৰে ঘূৰি ঘূৰি চাইছে। অদিতিয়ে নিজৰ তর্জনী আঙুলি ওঁঠত থৈ অনুৰাগক শান্ত হবলৈ ইংগিত দিছে৷

 অদিতিৰ মুখত দুখৰ মাজতাে বিয়পি উঠিছে সুখৰ ৰেখা।

 ‘আস্’ তুমি শুনিছানে অমৃতা ... ?? তুমি এতিয়াও অনুৰাগৰ অমৃতা। সময়ৰ সোঁতত...অতীতৰ বুকুত বিলীন হৈ যােৱা নাই তােমাৰ আৰু অনুৰাগৰ প্ৰেম৷ কিমান সত্য, কিমান সুন্দৰ এই প্রেম!!

 শ্ৰদ্ধাত মূৰ দোঁ খাই গৈছে অদিতিৰ।

 বুকুৰ ভিতৰত দপদপকৈ জ্বলি উঠা জুইকুৰাৰ উত্তাপ দুচকুলৈ বিয়পি পৰিছে অনুৰাগৰ। খঙত, দুখত চটফটাই উঠিছে সি। কঠিন হৈ আহিছে হাতৰ মুঠি, ...মুখভঙ্গী।

 কিয়? কিয় ?

 কেনেকৈ সি ভাৱিব পাৰিলে যে অমৃতাৰ দৰে কোমল অন্তৰৰ ছােৱালী এজনীয়ে ভাস্কৰ দত্তৰ দৰে এজন ভােগসর্বস্ব মানুহৰ লগত সুখী হব পাৰিব বুলি?

 কিয় এবাৰাে তাৰ মনলৈ নাহিল, যে অমৃতা ভীষণ অসুখী হব পাৰে নিজৰ জীৱনত... তাইৰ শৈশৱৰ বন্ধু অনুৰাগৰ অবিহনে!!

 কিয়? কিয় ?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড