অনুৰাগ আৰু অমৃতাৰ মাজৰ পৰস্পৰৰ প্রতি প্রেমানুভূতি!!
অমৃতাই অকণমানো গম পাইছেনে বাৰু? অনুভৱ কৰিব পাৰিছেনে তাই, ..তাইৰ অনুৰাগৰ উপস্থিতি ?
অদিতিয়ে মনে প্রাণে কামনা কৰিছে, “অনুৰাগৰ চকুলােৱে তিয়াই তােলক অমৃতাৰ হৃদয় ... জগাই তােলক নিদ্ৰাৰত অমৃতাক।”
শ্যামলীৰ বাবে ৰহস্যবােৰ যেন আৰু অধিক ৰহস্যময় হৈ উঠিছে।
কিমান গভীৰলৈ অনিৰুদ্ধ আৰু অমৃতাৰ এই অবৈধ সম্বন্ধ ? অদিতিয়ে চাগৈ জানে ..ভাস্কৰ দত্তই জানেনে এই সম্বন্ধৰ কথা?? আত্মহত্যাৰ অপচেষ্টা কিয় কৰিলে অমৃতাই? বিবাহিত হৈও অইন পুৰুষৰ সৈতে অবৈধ সম্বন্ধ ৰখা অমৃতাৰ দৰে স্বার্থপৰ মহিলাই নিজক হত্যা কৰিব খুজিবই বা কিয়?
অদিতিক সুধিব নেকি? তাই নিশ্চয় জানে সকলাে কথা। নাই, নাই৷ তাই অনিৰুদ্ধৰ মুখেৰে শুনিবলৈ খােজে কথাবােৰ।
অজ্ঞান, চেতনালুপ্ত মানুহজনীৰ মুখখনলৈ ঘৃণাৰ দৃষ্টিৰে চাব খুজিছে তাই। ... কিন্তু কিয় জানাে ঘৃণাৰ সলনি এক অদ্ভুত অনুভূতিয়েহে আৱৰি ধৰিছে তাইক.... অদ্ভুত মায়াময় মানুহজনীৰ মুখখনি।
“সেইকাৰণেই চাগৈ এই মানুহজনীৰ জালত পৰিল মােৰ অনিৰুদ্ধ”
মনতে ভাৱিলে শ্যামলীয়ে।
লিফটৰ দুৱাৰ খুলি ওলাই আহিছে ভাস্কৰ। অদিতিক হস্পিটেলত কিছুসময় থাকিবলৈ অনুৰােধ কৰি ফ্লেটলৈ সি ঘূৰি গৈছিল। ফ্লেটত ঘূৰি গৈয়েই সি অকণাে জিৰনি নােলােৱাকৈ, ৰাতিৰ কাপােৰ কানি নােখােলাকৈয়ে বিচাৰি ফুৰিছিল...প্ৰতিটো ৰুম, টেবুল, দ্ৰয়াৰ, ৱাৰদ্ৰৱ সকলাে তন্ন তন্নকৈ বিচাৰি চলাথ কৰিছিল ... এঘন্টা ধৰি বিচাৰ খােচাৰ কৰাৰ পিছত আশ্বস্ত হৈছিল সি।
তাক ফচাবলৈ চুইছাইড নােট লিখি থােৱা নাই অমৃতাই। অৱশ্যে তাৰ বিশ্বাস আছে অমৃতাৰ ওপৰত। তাইৰ তেনেকুৱা মানসিকতা নাই।
তাৰপিছতেই খৰধৰকৈ ৱাশ্বৰুমত সােমাই ফ্রেছ হৈ কাপােৰ কানি সলাই পুনৰ ঘূৰি আহিল হস্পিটেললৈ। ক’বতাে নােৱাৰি। দেৰিকৈ আহিলেও অৱহেলা কৰা বুলি সন্দেহৰ দৃষ্টিৰে চাব সকলােৱে।
অনিচ্ছা সত্ত্বেও এবাৰ অমৃতাক চাওঁ বুলি সােমাবলৈ লওঁতেই আই চি ইউ’ৰ দুৱাৰমুখত তাৰ মুখামুখি হল অনিৰুদ্ধ বৰুৱাৰ সৈতে।
প্ৰথমতে দুচকুত বিস্ময় ...পিছমুহূর্ততে সেই বিস্ময় খঙত পৰিৱৰ্তিত হৈ পৰিল। এক ধৰণৰ আক্রুশত হিংস্ৰ হৈ উঠিল ভাস্কৰৰ ডাঙৰ চকুহাল।
: মিষ্টাৰ বৰুৱা, আপুনি ইয়াত অহাৰ কাৰণ মই জানিব পাৰিমনে ?
: নিশ্চয় পাৰিব ...আপােনাৰ পত্নী, মিছেছ অমৃতা দত্তক চাবলৈ আহিছোঁ। আৰু সদায় আহিম।
কম বুলিয়েই ক’লে সি কথাষাৰ। কিয় জানাে ভাস্কৰ দত্ত নামৰ মানুহজনৰ প্রতি খং, বিতৃষ্ণ, সন্দেহ উথলি আহিছে অনিৰুদ্ধৰ মনত।
আত্মহত্যাৰ অপচেষ্টা অমৃতাই নিশ্চয় এনেই কৰা নাই। ভাস্কৰ দত্তৰ বাহিৰে আৰু কিবা কাৰণ হব পাৰে নেকি?
: মিষ্টাৰ বৰুৱা....
অত্যন্ত খঙত গৰজি উঠিল ভাস্কৰ। খঙীয়াল মুখখন অতিশয় বিকৃত দেখা গৈছে।
: এক্সকিউজ মি। প্লিজ মেইনটেইন চাইলেন্স।
ৰুক্ষ সুৰত কৈ আই চি ইউ’ ৰ দুৱাৰমুখত থিয় হৈ থকা গার্ডজন ওলাই আহিল।
ভাস্কৰে এপলক জুই বৰষা দৃষ্টি অনিৰুদ্ধ বৰুৱালৈ নিক্ষেপ কৰি ‘তােক চাই লম’ ভংগীত সােমাই গল ভিতৰলৈ।
(১৮)
- অমৃতাই চাগৈ ঠিকেই কৈছিল ... । আপুনিয়েই অনুৰাগ বৰুৱা... নহয়নে বাৰু ?অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড