পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮

 শীত তাপ নিয়ন্ত্রিত মাৰ্চিডিজ খনৰ ভিতৰতাে ড্রাইভাৰ জনৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। মালিকৰ মুখৰ অস্থিৰতা লক্ষ্য কৰি কপালৰ ঘাম মুচিবলৈও যেন ড্রাইভাৰ জনৰ সাহস হােৱা নাই। এই প্রথম বাৰ নিজৰ মালিকজনক ইমান বিচলিত ..ইমান অস্থিৰ হােৱা দেখিছে সি।

 সন্মুখৰ ট্ৰেফিক দেখি বেছিকৈয়ে অধৈৰ্য্য হৈ উঠিছে অনিৰুদ্ধ। বাৰে বাৰে সোঁহাতৰ মুঠিৰে নিজৰ বাওঁহাতৰ তলুৱাত প্রচণ্ড ঘোঁচা মাৰিছে সি। মাজে মাজে আকৌ অত্যন্ত খং আৰু বিৰক্তিত ঘােচা মাৰিছে নতুন মডেলৰ মাৰ্চিডিজ খনৰ দাশ্ববােৰ্ডত।

 সন্মুখত বহিছে অনিৰুদ্ধ।

 সদায় গাড়ীৰ পিছৰ ছিটত বহে সি, কিন্তু আজি তাৰ ব্যতিক্রম।

 পাছফালৰ ছিটত অকলে উদ্বিগ্ন হৈ বহি ৰৈছে শ্যামলী।

 : অভাৰটেক কৰা। অভাৰটেক কৰা।

 খৰকৈ উচ্চ স্বৰেৰে আদেশ দিছে সি ড্রাইভাৰ জনক। ড্রাইভাৰজন বিমূঢ় হৈ পৰিছে... সন্মুখত গাড়ীৰ লানি। কোনফালে অভাৰতেক কৰিব সি ভাৱি পােৱা নাই।

 শ্যামলীও বিমূঢ় হৈ পৰিছে। বিৰক্তও হৈছে তাই অনিৰুদ্ধৰ এই অস্থিৰ, অবুজন ৰূপ দেখি।

 : অনিৰুদ্ধদা ক’ৰপৰা কেনেকৈ অভাৰটেক কৰিব? উৰি গ’লেহে হ’ব এতিয়া ..।

 :......

 : শান্ত হােৱা। তুমি আগতে ধৈর্য্য ধৰা নিজে। তুমি যদি এনেকৈ অস্থিৰ হােৱা ....

 : মই কেনেকৈ অস্থিৰ নহম শ্যামলী ?

 : .....

 : কোৱা কেনেকৈ ?... মােৰ অমৃতাই কিয় এনেকুৱা কাম কৰিলে! কিয় ? মই বুজিব পৰা নাই।

 দুহাতেৰে নিজৰ মূৰটো তলমুৱা কৰি খামুচি ধৰি চকুহাল জোৰেৰে জপাই দিছে সি।

 অমৃতাই কিয় এনেকুৱা এটা কাম কৰিলে?

 দুচকু ভৰি আহিছে তাৰ। নিজৰ ওপৰতাে অত্যন্ত খং উঠিছে তাৰ। বুজিব পৰা নাই সি একো। অদিতিয়ে ফোনত মাথাে জনাইছিল শ্লিপিং টেবলেট অভাৰদজ হৈ অমৃতা আই চি ইউ’ ত এডমিত হৈ আছে।

 অমৃতা এতিয়া চেতনাহীন.. অজ্ঞান।

 দুচকুত অপাৰ বিস্ময় লৈ অনিৰুদ্ধলৈ চাই ৰৈছে শ্যামলীয়ে । তাইৰ কৰ্ণ কোঁহৰত বাৰে বাৰে প্রতিধ্বনিত হৈ অন্তৰত,.... সমগ্ৰ শৰীৰত বিষক্রিয়া কৰি উঠিছে অনিৰুদ্ধৰ কথাষাৰে।

 “মােৰ অমৃতা” “মােৰ অমৃতা”

 তাই বুজিব পৰা নাই ... অনিৰুদ্ধ ইমান অস্থিৰ হৈছে কিয় ?

 কেতিয়াৰ পৰা ভাস্কৰ দত্তৰ পত্নী অমৃতা... অনিৰুদ্ধৰ অমৃতা হল ??

 অইন কাৰােবাৰ পত্নীৰ প্রতি ইমান আসক্তি কেনেকৈ জন্মিল অনিৰুদ্ধৰ মনত ?

 ইমান গভীৰ সম্পর্ক অনিৰুদ্ধ আৰু অমৃতাৰ মাজত !!

 কেতিয়াৰপৰা??

 বহু প্রশ্ন একেলগে উভৰি উঠি আহিছে তাইৰ মনত, কিন্তু সুধিবলৈ সাহস হােৱা নাই তাইৰ। শ্যামলীৰ মনলৈ আহিছে যােৱা ৰাতি অনিৰুদ্ধই সজোৰে তাইৰ দুয়াে গালত বহুৱাই দিয়া প্রচণ্ড চৰটো।

 অপমানিত অনুভৱ কৰিছে তাই। যদিও ৰাতিয়ে অনিৰুদ্ধ ফ্লেটৰ পৰা ওলাই যােৱাত বিভ্রান্তৰ দৰে হৈ পৰিছিল তাই৷ বহুবাৰ ফোন কৰি নিজেই ক্ষমা খুজিছিল তাই, তেতিয়াহে ক্ষান্ত হৈ ফ্লেটলৈ উভতি আহিছিল অনিৰুদ্ধ।

 এটি স্বতঃস্ফূর্ত হুমুনিয়াহ ওলাই আহিল তাইৰ বুকুৰ গভীৰতাৰ পৰা।

 অনিৰুদ্ধৰ প্ৰেম নহলেও হব , কিন্তু তেওঁৰ ঘৃণা লৈও যে জীয়াই থাকিব নােৱাৰে তাই।

 ৰাতিপুৱা ব্রেকফাষ্ট টেবুলত দুয়াে যােৱাৰাতিৰ একো কথা আলােচনা নকৰাকৈয়ে নীৰৱ হৈ ৰৈছিল অত্যন্ত লজ্জিত

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড