পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭

 তাই বুজিব লাগিছিল অমৃতাৰ যে তাইৰ বাহিৰে বন্ধুত্বৰ সম্পৰ্ক অইন কাৰো সৈতেই নাই।

 কেৰাহিকৈ জ্বলন্ত দুচকুৰে বহি উছপিচাই থকা ভাস্কৰলৈ চালে তাই এবাৰ।

 তাই অনুমান কৰিব পাৰিছে কিছু, ভাস্কৰৰ লেতেৰা উকট গােন্ধযুক্ত কাপােৰ কানিলৈ

 চাই... অমৃতাৰ তলৰ ওঁঠত কলা নীলা পৰা আঘাত চিহ্নটোলৈ চাই ... সম্ভবত ভাস্কৰৰ দাঁতৰ কামােৰত। পুলিচেও ঘূৰি ঘূৰি ভাস্কৰক সুধিছিল অমৃতাৰ কপালত,গালত লগা শেঁতা গুলপীয়া দাগবােৰৰ কাৰণ... ভাস্কৰে কাৰণ দর্শাইছে অমৃতাৰ নিচা বেছিকৈ উঠিছিল সম্ভৱত কৰবাত দুখ পালে।

 পুলিচেও চাগৈ কথাটো হজম কৰিব পৰা নাই... হজম কৰিব পৰা নাই অদিতিয়েও । হয়তাে পুলিচৰ সন্দেহৰ আওতাত আছে সি, কিন্তু ভাস্কৰক এৰেষ্ট কৰিবলৈ উপযুক্ত প্রমাণ এতিয়া নাই.....তাৰ বিপক্ষে অমৃতাই লিখি যােৱা নাই একোধৰণৰ চুইছাইড নােট। তাৰ উপৰিও অমৃতা ডিপ্ৰেছনৰ চিকাৰ বহু বছৰ আগৰেপৰাই... তাৰ সহজ প্রমাণ হল ডাক্তৰ তৃশা কুপ্পীকাৰৰ কেইবাখনাে প্ৰেছক্রিপচন, অ পি দি পেপাৰ ইত্যাদি। আৰু ডিপ্রেছনত ভােগা প্ৰায়ভাগ ৰােগীয়েই চুইছাইড কৰিব চেষ্টা কৰে ...সেয়া সকলােৱে জানে। গতিকে ভাস্কৰ দত্তক উপযুক্ত প্রমাণ নােহােৱাকৈ এৰেষ্ট কৰিবও নােৱাৰি...

 মনে মনে খঙত জ্বলি পকি উঠিছে অদিতিয়ে। অসহায় অনুভৱ কৰিছে। মনে প্রাণে মাথো প্রার্থনা কৰিছে ভগৱানক, “অমৃতাৰ জীৱন বচাই দিয়া প্রভু।”

 আকৌ ভাবিছে , বাছি থাকিও কি কৰিব অমৃতাই?

 বাছি থাকিলেও তাই পুনৰ ঘূৰি যাব লাগিব ভাস্কৰৰ ওচৰলৈ, একেই কষ্ট ,একেই অপমান অত্যাচাৰৰ মাজেৰে জীৱন যাপন কৰিবলৈ। ইমান বছৰে অত্যাচাৰ সহি মানসিক ভাৱে পঙ্গু হৈ পৰা অমৃতাৰ ভাস্কৰক এৰি অকলে জীৱন যাপন কৰিবলৈও সাহস নাই। কোনাে আত্মীয় স্বজন নাই।

 সেয়েটো এই অসহায়তা, জীৱনৰ কষ্ট , অপমানৰ পৰা মুক্তি বিচাৰি নিজৰ মৃত্যু কামনা কৰিছে অমৃতাই হয়তাে । কিন্তু ভগবানৰাে যেন সহ্য হােৱা নাই তাইৰ ইমান সহজ মুক্তি ... সেয়েতাে মৃত্যুপথলৈ যাত্ৰা কৰিও যাত্রা থমকি গৈছে ...জীৱন থমকি গৈছে , প্রাণ দুলি ৰৈছে জীৱন আৰু মৃত্যুৰ সন্ধিক্ষণত।

 শৰীৰ মৃতপ্রায় কিন্তু আত্মা নাচোৰ বান্দা। ইমান সহজে শৰীৰ নেৰে।

 ৰােমালখনেৰে ভিজি অহা দুচকুৰ পতা মুচিছে অদিতিয়ে, ম্লান হৈ পৰিছে ফলাক্ষীও।

 কেনেকৈ সহায় কৰিব তাই অমৃতাক?

 কেনেকৈ ন্যায় দিব তাই এই মানুহজনীক?

 অদিতিৰ হঠাতে মনলৈ আহিছে অনিৰুদ্ধ বৰুৱাৰ কথা .. অমৃতাক বিপ্লৱৰ পৰা গম পােৱা কথাষাৰ কম কম বুলিও কোৱা নহল তাইৰ। বিপ্লৱৰ পৰা গম পাইছে তাই অনুৰাগ বৰুৱাই বহুবছৰ আগতেই নিজৰ অস্ত্র সমর্পন কৰিছে পুলিচ, চৰকাৰৰ আগত। অমৃতাৰ বিশ্বাসৰ ওপৰত বিশ্বাস আৰু দৃঢ় হৈ উঠিছে তাইৰ।

 অনিৰুদ্ধ বৰুৱাই অনুৰাগ বৰুৱা ...।

 সিয়েই অনুৰাগ। অমৃতাৰ শৈশৱৰ অনুৰাগ।

 উফ।

 নানা ধৰণৰ চিন্তাই ঘূৰিব ধৰিছেহি তাইৰ মনত। হঠাতে তাইৰ মনলৈ এটা ভাৱ আহে।

 তাই কৰিদৰটোৰ একাষে গৈ মােবাইলটো উলিয়াই এটি বিশেষ নম্বৰলৈ ফোন লগালে। অনিৰুদ্ধ বৰুৱাৰ ফোন নম্বৰ।

 নাম্বাৰ ডায়েল কৰি অদিতিয়ে ভাৱে, ....ভগৱানৰনাে কি ক্ষতি হলহেঁতেন দুই প্রেমিক প্রেমিকাৰ মিলনত...? ইহঁতৰ মাজত এই ভাস্কৰ নামৰ পশুটো কেনেকৈ আহিব পালে?

 ......

 ৰৌদ্রোজ্জল আকাশ।

 মেৰিন ড্রাইভৰ ব্যস্ত ৰাজপথৰ বুকুত কেইবাখনাে সন্মুখৰ গাড়ীক অভাৰটেক কৰি একা বেকাকৈ গাড়ী চলাই নিছে ড্রাইভাৰ জনে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড