পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২

 “অমৃতা মােৰ জীৱনৰ মাথাে প্রথম প্রেমেই নহয়...তাই মােৰ শৈশৱৰ লগৰী। তাইৰ ভাল কামনা কৰি খবৰ লােৱাটো কেনেকৈ অনুচিত হব পাৰে?”

 বহুতাে প্রশ্নই উকমুকাই উঠিছেহি তাৰ হৃদয়ত?

 কেনেকুৱা এই ভাস্কৰ দত্ত নামৰ মানুহজন?

 মিষ্টাৰ মেহতাই অমৃতাৰ সৈতে কৰা অশালীন ব্যৱহাৰ যেন তেওঁৰ বাবে একো আচৰিত কথা নহয়। সেয়া যেন এটি তেনেই সাধাৰণ কথা। অমৃতাক অপমান কৰা বুলি নহয়, বৰঞ্চ মিষ্টাৰ মেহতাক অপমান কৰা বুলিহে খঙত অনিৰুদ্ধৰ ওপৰত হাত উঠাইছিল সি।

 অনিৰুদ্ধৰ মনলৈ আহিছে পার্টীলৈ নােযােৱাৰ আগতেই শ্যামলীয়ে তাক কোৱা কথাবােৰ...

 কথাবােৰ চক্রাকাৰে ঘূৰিব ধৰিছে তাৰ চৌপাশে। যিমানেই ভাৱিছে সিমানেই অমৃতাৰ নিৰাপত্তাৰ কথা ভাৱি শংকিত হৈ পৰিছে সি।

 অমৃতাৰ দুচকুৰ সেই অস্বাভাৱিক শান্ত, শীতল, সমাহিত দৃষ্টিৰ আঁৰত যেন বহু কথা, যন্ত্রণা লুকাই আছে... তেনে অনুভৱ হৈছে তাৰ।

 অমৃতা ভাস্কৰ দত্তৰ লগত সুখী বুলি মনটোৱে দেখােন অকনাে মানি লব খােজা নাই।

 নাই.... নাই...

 অমৃতাক লগ ধৰি কথা পাতিব লাগিব।

 সেয়া জৰুৰী... অত্যন্ত জৰুৰী।

 ছিলমিলকৈ টোপনি ভাবে আগুৰি ধৰিলেহি অনুৰাগক। প্রায় শেষ নিশা হাতত কাৰােবাৰ কোমল পৰশ অনুভৱ কৰিলে অনুৰাগে।

 দুচকু মেলি হতবম্ভ হৈ ৰল সি।

 অনুৰাগৰ বাওঁহাতখন নিজৰ দুয়ােখন হাতৰ মুঠিত আবদ্ধ কৰি আঁঠু কাঢ়ি বহি তালৈ চাই ৰৈছেহি শ্যামলীয়ে সুগভীৰ দৃষ্টিৰে।

 কোঠাৰ ডিম লাইটৰ অস্বচ্ছ নিলাভ পােহৰত অত্যন্ত ৰহস্যময়ী হৈ উঠিছে তাইৰ দুচকুৰ চাৱনি।

 তাইৰ মুখত অনবৰতে লাগি থকা শিশুসুলভ কোমলতাৰ বিপৰীতে জিলিকি উঠিছে অনিৰুদ্ধক নিজৰ কৰি পােৱাৰ সুতীব্র বাসনা..।

 ......স্পষ্ট হৈ ধৰা দিছে কামনাসিক্ত অনুভূতি...।

 ক্ষন্তেকৰ বাবে বিমূঢ় হৈ পৰা অনিৰুদ্ধৰ ষষ্ঠ ইন্দ্রিয় সজাগ হৈ উঠিল। তৎক্ষণাত নিজৰ হাতখন তাইৰ হাতৰ মুঠিৰ পৰা এৰুৱাই লৈ সি উঠি আহিল আৰামি চকীখনৰ পৰা। তাৰ লগে লগেই উঠি আহিল শ্যামলিও।

 ৰহস্যময়ী দুচকুৰ চাৱনীৰে অনিৰুদ্ধৰ নিচেই কাষত থিয় হলহি তাই।

 : শ্যামলী...

 শ্যামলীয়ে নিজৰ সোঁহাতৰ তর্জনী আঙুলিটো অনিৰুদ্ধৰ ওঁঠত থৈ তাক মনে মনে থাকিবলৈ ইংগিত দিলে। অনিৰুদ্ধৰ নিচেই কাষত আহি শ্যামলীয়ে তাইৰ মূৰটো , নিজৰ মুখখন অনিৰুদ্ধৰ বুকুত গুজি দিলে।

 : শ্যামলী...

 শ্যামলীক লাহেকৈ নিজৰ বুকুৰ পৰা ঠেলি আঁতৰাই অলপ কঠিন সুৰত কৈ উঠিল সি। শ্যামলীয়ে অনুভৱ কৰিলে অনিৰুদ্ধৰ কণ্ঠত স্পষ্ট খং আৰু বিৰক্তি। সামান্য হতাশ হৈ উঠিল তাই।

 : অনিৰুদ্ধ দা, মই ..মই কিবা ভুল কৰিছাে নেকি?

 : ভুল কৰিছা শ্যামলী। এনেকৈ...

 : অনিৰুদ্ধদা মই ... মই তােমাক ভাল পাওঁ। বহুত ভাল পাওঁ।

 কথাষাৰ কওঁতে সামান্য খোকোজা লাগিল তাইৰ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড