পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১

 “বিউটি ৱিদ ব্রেইন” বুলি আখ্যা পােৱা তাইৰ ৰূপে কিয় কেতিয়াও আকর্ষিত কৰিব পৰা নাই অনিৰুদ্ধক?

 কিয় বুজি নাপায় অনিৰুদ্ধই তাইৰ মুক্ত দুচকুৰ ভাষা?

 অনিৰুদ্ধৰ দুবাহুত আৱদ্ধ মিছেছ দত্তৰ আকুল, কাতৰ মুখখন তাইৰ দুচকুৰ আগত ভাঁহি উঠিছে।

 কি বিচাৰি পাইছে সি সেই মানুহজনীৰ মুখত, নতুবা শৰীৰত?

 সন্দেহ কিলবিলাই উঠিছে তাইৰ মন, মগজুত।

 কিমান গভীৰ হব পাৰে ... অনিৰুদ্ধ আৰু মিছেছ অমৃতা দত্তৰ এই সম্পর্ক ?

 মনেৰে ভাল লগা মানুহজনীলৈ হঠাৎ অসীম ঘৃণা উপজি উঠিছে তাইৰ মনত।

 ইমান নিমাখিত, মৰম লগা, ধুনীয়া মানুহজনীৰ ইমান কুৎসিত স্বভাৱ !! মুখেৰে নামাতে কিন্তু শৰীৰৰ খেলা কৰে।

 ছিহ। ছিহ।

 তাইৰ অনিৰুদ্ধৰ সৈতে সম্পর্ক গঢ়াৰ ইমান দুসাহস তাইৰ। চিনি পােৱা নাই শ্যামলিমাক।

 বৰ্বাদ কৰি দিম।

 ধ্বংস কৰি দিম।

 উন্মাদৰ দৰে সৰ্বশৰীৰত এক তীব্র কঁপনি উঠিল তাইৰ সৰ্বশৰীৰত।

(১৭)

 নিশা প্রায় এক বাজি গৈছে। কাষৰ কোঠাত শ্যামলী শুই পৰিছে নির্বোধ শিশুৰ দৰে। মিষ্টাৰ মেহতাৰ ঘৰৰ পৰা ওলাই আহােতে গাড়ীতেই টোপনি যােৱা ছােৱালীজনীক নিউ মুম্বাইলৈ অকলে ড্রাইভাৰৰ লগত যাবলৈ দিবলৈ মন নগল তাৰ। সেয়ে আজি নিশাটোৰ বাবে শ্যামলী আহি ৰৈছেহি বান্দ্রা স্থিত তাৰ ফ্লেটত।

 অনিৰুদ্ধ নিজৰ কোঠালৈ সােমাই আহি আৰামি চকীখনত হেলান দি বহিল।

 মনৰ মাজত অশান্ত ধুমুহা এজাক বলিবলৈ ধৰিছে। বহু কথাই অগা দেৱা কৰিছেহি তাৰ মন মগজুত৷

 বাৰে বাৰে দুচকুৰ আগত ভাহি উঠিছে অমৃতাৰ দুচকুৰ সেই কাতৰ, আকুল দৃষ্টি... ।

 তাৰ দুবাহুত, পিন্ধি থকা চার্টখনত... যেন এতিয়াও লাগি আছে অমৃতাৰ চুলিকোচাৰ সুবাস। বুকুৰ ফালে..ছাৰ্টৰ ওপৰৰ ভাগৰ বুটামৰ ওচৰত এতিয়াও লাগি আছে তাইৰ শিৰৰ সেন্দুৰৰ ৰঙা ৰং অকণমান। অনুভূতিবােৰ সুতীব্র হৈ জাগি উঠিছে মনত...বিচলিত ...অস্থিৰ হৈ উঠিছে সি।

 অন্তৰৰ কেঁচা অনুভূতি বােৰৰ আগত জহি খহি পৰিব ধৰিছে অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলা.... ঠিক যেনেকৈ ৰদৰ তাপত গলিব ধৰে সুউচ্চ পর্বতৰ শিখৰৰ কঠিন বৰফ।

 অনিৰুদ্ধ বৰুৱাৰ কঠিন খােলা ফালি ওলাই আহিব ধৰিছে অনুৰাগ বৰুৱা নামৰ সেই সহজ সৰল প্রেমিক সত্বা...।

 ....অমৃতাৰ অনুৰাগ।

 প্রতিটো সৰু বৰ কথাই মগজুৰে ভাৱি উচিত সিদ্ধান্ত লােৱা অনিৰুদ্ধ বৰুৱাৰ মগজু যেন আজি মনটোৰ সন্মুখত ধৰাশায়ী হৈ পৰিছেহি।

 বাৰে বাৰে একেটা কথাই মনলৈ আহিছে তাৰ।

 অমৃতা সুখীনে?

 কেনেকুৱা সম্পর্ক ভাস্কৰ আৰু অমৃতাৰ মাজত?

 সি কামনা কৰাৰ দৰেই অভিজাত্যৰ ৰঙেৰে উজ্জ্বলি উঠিছেনে তাইৰ জীৱন??

 মন আৰু মগজুৰ মাজত যেন এটি শীতল যুদ্ধ চলিব ধৰিছে গুপুতে।

 মগজুৱে কৈছে,

 “ভাস্কৰ আৰু অমৃতা পতি পত্নী। পতি পত্নীৰ সম্পৰ্ক যিয়েই নহওক, যেনেকুৱাই নহওক... সেয়া তাঁহাতৰ একান্ত ব্যক্তিগত কথা।”

 তাৰ ঠিক বিপৰীতে মনটোৱে যুক্তি দর্শাইছে,

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড