পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০


 পুনৰ এটা ঘােচা মাৰিলে ভাস্কৰে অনুৰাগৰ মুখত। এক মুহুৰ্তৰ ভাৱে হঠাৎ কঠিন হৈ আহিল অনুৰাগৰ হাতৰ মুঠি .. কঠিন হৈ আহিল মুখমণ্ডল। কিন্তু পিছমুহূর্ততে সি নিজকে পুনৰ সংযম কৰিলে।

 নিশ্চয় ভাস্কৰে ভুল বুজিছে।

 লুণীয়া সােৱাদ এটা অনুৰাগৰ জিভাত লাগিল। তেজ বিৰিঙি উঠিছিল অনুৰাগৰ ওঠৰ পৰা।

 : আপুনি যদি মােৰ কথা বিশ্বাস নকৰে তেতিয়াহলে আপনি নিজেই সুধি ল’ব ঘটনাৰ বিৱৰণি আপােনাৰ পত্নীৰ মুখৰ পৰা৷

 : মই তাইক কিয় সুধিম? পত্নীৰ কথামতে নচা মানুহ নহয় এই ভাস্কৰ দত্ত। মিষ্টাৰ মেহতাৰ লগত মােৰ ইমান এটা ভাল সম্বন্ধ আছিল সকলাে শেষ। কিমান লােকচান হ’ব মােৰ ?

 কিছুপৰ অনুৰাগ হতবম্ভ হৈ ৰ’ল। কেনেকুৱা ধৰণৰ মানুহ এই ভাস্কৰ দত্ত? সংযমৰ সীমা যেন পাৰ হৈ গল অনুৰাগৰ। পত্নীৰ সন্মান তল পেলাই নিজৰ লাভ লােকচানৰ হিচাপ কৰিছে! নিজৰতাে অবাধ নাৰীৰ সৈতে সম্পর্ক। অমৃতাকো আন পুৰুষৰ হাতলৈ ঠেলি দিয়ে নেকি এই মানুহজনে ?

 খঙত কঁপি উঠিল অনুৰাগ।

 ভাস্কৰ দত্তৰ চার্টখন বাওঁহাতেৰে খামুচি ধৰিলে সি। ঘুছিয়াবলৈ উদ্যত হৈও পুনৰবাৰ মুষ্টিবদ্ধ কঠিন হাতখন ৰৈ গ’ল অনুৰাগৰ।

 মানুহজন মদৰ নিচাত আছে ...সেয়ে হয়তাে হুঁচত নাই। তাৰ উপৰি অমৃতাৰ স্বামীৰ ওপৰত সি হাত উঠোৱাটো উচিত নহয়। অমৃতাই দুখ পাব। তাই ভুল বুজিব।

 কঠিন হাত, মুখখন, উথলি অহা খং কোনােমতে সংযম কৰি, ভাস্কৰ দত্তৰ বিৰক্তিকৰ মুখৰ অভিব্যক্তি বা কথালৈ অকণাে কর্ণপাত নকৰি দপদপাই আঁতৰি আহিল সি।

 অসংলগ্ন মুখৰ ভাষাৰে পিছফালৰ পৰা চিঞৰি চিঞৰি কিবা কৈ আছিল ভাস্কৰ দত্ত তেতিয়াও।

 বেচিনৰ টেপ খুলি অস্থিৰতাৰে মুখখন কেইবাবাৰাে ঠাণ্ডা পানীৰে ধুই ল’লে তাই।

 গােলাকাৰ আইনাখনলৈ চাই থাকিল তাই কিছুদেৰী স্থিৰ নয়নে। তাইৰ সুসজ্জিত ডাঙৰ, ধুনীয়া চকুযুৰী এতিয়া ৰঙা হৈ উঠিছে ....অশ্রুসিক্ত দুচকুৰ পতা।

 হুকহুকাই কান্দি উঠিল শ্যামলিমাই। তাইৰ নিজৰ দুচকুৰ ওপৰতেই বিশ্বাস হােৱা নাই। আচৰিত হৈছে তাই।

 আজি তাই অনিৰুদ্ধৰ আগেয়ে কেতিয়াও নেদেখা এটা ৰূপ দেখিবলৈ পাইছে । অনিৰুদ্ধ হঠাত নাইকিয়া হােৱাত তাই বিচাৰি ফুৰিছিল তাক।

 তেতিয়াই তাই দেখা পাইছিল দুয়ােকে।

 অনিৰুদ্ধই ইমান অন্তৰংগতাৰে, ইমান আকুলতাৰে সাৱটি ধৰিছিল মিছেছ অমৃতা দত্তক। কিয়? কি সম্বন্ধ দুয়ােৰে মাজত ?

 ইমান অন্তৰংগতাৰে... নহয়, অধিকাৰেৰে সি ধৰি লৈছিল মিছেছ দত্তৰ হাতখন।

 আৰু ইমান আকুল দৃষ্টিৰে অনিৰুদ্ধলৈ চাই ৰােৱা মিছেছ দত্তৰ মুখখন?? সেই দুচকুত স্পষ্টকৈ জিলিকি উঠিছিল অগাধ মৰম, প্রেম, ভালপােৱা, ... আৰু অসহায়তা।

 যেন দুয়াে জনম জনমৰ চিনাকি।

 আজন্ম প্রেমিক প্রেমিকা।

 অনিৰুদ্ধৰ গম্ভীৰ চকুহালত ইমান প্রেম, ইমান অনুভূতি আগতে কেতিয়াও দেখা নাই তাই ...।

 ঈর্ষাত অন্তৰ দগ্ধ হৈ উঠিছে তাইৰ।

 তাইৰ অনিৰুদ্ধ, ......তাইৰ অনিৰুদ্ধৰ দুচকুত অন্য কাৰােৰে প্রতি প্রেম জিলিকি উঠা তাই সহ্য কৰিব নােৱাৰে ...।

 কি নাই তাইৰ ?

 ৰূপ, গুণ, সৌন্দর্য ... বুদ্ধি .., তথা এটি সুন্দৰ শৰীৰৰ অধিকাৰিণী তাই ।

অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড