পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯


ইচ্ছা এটি হৈছে তাইৰ। অন্তৰৰ আকর্ষণ, আৱেগ, অনুভূতিবােৰ দুৰ্বাৰ, দুর্জেয় হৈ উঠিছে।

 কেইটিমান আৱেগিক ক্ষণ মাথোঁ।

 অমৃতাৰ মন আৰু মগজুৰ মাজত পুনৰ তুমুল আলােড়ণৰ সৃষ্টি হব ধৰিছে ... মনােযুদ্ধ ঘটিব ধৰিছে উচিত অনুচিতৰ মাজত, নৈতিকতা অনৈতিকতাৰ মাজত।

 অনুৰাগৰ মৰমসনা দুচকুৰ চাৱনি তেতিয়াও নিৱদ্ধ অমৃতাৰ আৰক্তিম মুখমণ্ডলত। তাৰ দুচকুৰ আগত লাহে লাহে জিলিকি উঠিছে তাইৰ শিৰৰ সেন্দুৰৰ ৰঙাখিনি। কিঞ্চিতমান গ্লানি বিয়পি পৰিছে তাৰ দুচকুত, .... মুখখনতাে।

 কিছুক্ষণ তলমূৰ কৰি ৰল তাই।

 ছাঁ পােহৰে খেলা কৰি থকা অনুৰাগৰ গহীন মুখখনলৈ চাবলৈ তাইৰ যেন লাজ লাগিছে ... বিৰাট লাজ লাগিছে। সদ্যযৌৱনা গাভৰুৰ দৰেই চঞ্চল হৈ উঠিছে তাইৰ মনটো... প্রখৰৰপৰা প্ৰখৰতৰ হৈ আহিছে হৃদয়ৰ আৱেগ, অনুভূতি।

 অনুৰাগৰ মুখলৈ চালেই যেন তাই এতিয়াই ধৰা পৰিব...। অনুৰাগৰ বগা গ্লাছৰ আঁৰৰ গম্ভীৰ চকুহালৰ সন্মুখত যেন তাই এতিয়াই ভাঙি পৰিব।

 ইমান আকর্ষণ কিয় অনুভৱ কৰে তাই আজিও? এই আকর্ষণ তাই কেতিয়াও কোনাে অন্য পুৰুষৰ প্রতি অনুভৱ কৰা নাই কাহানিও।

 কি আছে অনুৰাগৰ বুকুত, তাৰ মুখখনত, তাৰ চকুহালত? বাৰে বাৰে তাই কিয় চগাৰ দৰে জাহ যাব খােজে তাৰ দুচকুৰ দৃষ্টিত?

 অত্যন্ত দুর্বল অনুভৱ কৰিছে তাই দুভৰিত। থিয় হােৱাৰ শক্তিকণ যেন নােহােৱা হৈ আহিছে।

 অমৃতাই কোনােমতে নিজকে চম্ভালি যথাসম্ভৱ সন্তুলিত খােজেৰে গুচি আহিল অনুৰাগৰ কাষৰ পৰা তাক এবাৰাে মাত নিদিয়াকৈ।

 তাই অনুভৱ কৰিলে অনুৰাগৰ দৃষ্টিয়ে তাইক অনুসৰণ কৰা।

 শ্যামলিৰ কথা হঠাতে মনলৈ আহিল তাৰ। তাক বিচাৰি ফুৰিছে চাগৈ। মুখখন ৰুমালেৰে মচি ঘূৰি দিয়েই ৰৈ গল অনুৰাগ।

 সন্মুখত ভাস্কৰ দত্ত।

 ভাস্কৰক তেনেকৈ সন্মুখত ৰৈ থকা দেখি সামান্য বিব্রত অনুভৱ কৰিলে সি।

 দেখিলে নেকি ভাস্কৰে অমৃতা আৰু তাক একেলগে? ভুল বুজিব নেকি বাৰু ভাস্কৰে?

 ভাস্কৰৰ খঙত তেজাল গােমােঠা মুখখন অতিশয় বিকৃত দেখা গৈছে। নিচাত থৰক বৰক খােজ।

 : মিষ্টাৰ অনিৰুদ্ধ বৰুৱা।

 চিগাৰেট আৰু মদৰ সংমিশ্ৰিত উক্ত গােন্ধ এটা তাৰ নাকত লাগিলহি।

 : ...........

 : মােৰ পত্নীৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আপােনাক কোনে দিলে?

 দোৰোল খােৱা জিভাৰে প্ৰায় চিঞৰি উঠিল সি।

 : ........

 : মিষ্টাৰ মেহতাৰ ওপৰত ....

 : আপুনি ভুল বুজিছে মিষ্টাৰ দত্ত। মিষ্টাৰ মেহতাই আপােনাৰ পত্নীক বলপূর্বক....

 অনুৰাগৰ মুখৰ বাক্য শেষ হােৱাৰ পূৰ্বেই ভাস্কৰে এটা তীব্র ঘােচা মাৰিলে অনুৰাগৰ মুখত।

 অত্যন্ত বিব্ৰত হৈ উঠিল অনুৰাগ। নিজকে যথাসম্ভৱ সংযম কৰিব চেষ্টা কৰিলে সি।

 : মিষ্টাৰ দত্ত চাওক। আপােনাৰ পত্নীৰ ইচ্ছাৰ বিপৰীতে ...

 : মােৰ পত্নীৰ ইচ্ছা অনিচ্ছাৰ খবৰ আপুনি কেনেকৈ পালে? তাইৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি চলিম নেকি মই?

অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড