পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৩


আমাৰ নিজা সমাজখন, নিজৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ দীক্ষাৰ কথা ভাবি অলেখ গৌৰব অনুভব কৰোঁ। কিয়নো আমাৰ সময়ত বৃত্তিবিষয়ক প্ৰতিষ্ঠান সমূহত ছাত্ৰীৰ সংখ্যা তুলনামূলকভাবে কম আছিল, তথাপি আমিতো কেতিয়াও উপেক্ষিতা নাছিলোঁ। বহু আদৰ চেনেহ পাইছিলোঁ ঘৰত, সমাজত, শিক্ষা প্ৰতিষ্ঠানত, সহপাঠীৰ ওচৰত, অগ্ৰজসকলৰ মাজত। কেতিয়াও নিজকে দ্বিতীয় শ্ৰেনীৰ বুলি ভাবিবৰ থল নাছিল। সচাকৈয়ে আমিবোৰ কিমান ভাগ্যবান। সেয়ে মোৰ ঘৰখন, সমাজখন, অগ্ৰজসকল, শিক্ষাগুৰুসকল, সহপাঠীসকল সকলোকে নতশিৰে নমন কৰিছোঁ।

 আমি যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ খাতিৰত ক্ষন্তেকৰ বাবে পাহৰিছোঁ, পুনৰ যেন মানবতাৰ বিশ্বমঞ্চত শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস হওক। তেতিয়াহে আমি মানৱতাৰ জয়গান গাবলৈ সক্ষম হব পাৰিম। আমাৰ সাতাপুৰুষীয়া সংস্কৃতিৰ ধ্বজা বাহক এই সমাজখন যাৰ ওচৰত আমি সকলো চিৰকৃতজ্ঞ - সাদৰেৰে একাঁজলি শলাগৰ শৰাই যাঁচিলো।

 ৰূপকোৱৰৰ ভাষাৰে —

জনতাৰ হৃদয়ত মোৰ সোনোৱালী দে
মই পিন্ধো বিশ্ববেশ॥
নতুন দৃষ্টিৰে চাও
সৃষ্টি অনিমেষ॥

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড