পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯২

শলাগৰ শৰাই

জয়শ্ৰী শইকীয়া

 অৰ্দ্ধ-আকাশ হাড়ে হিমজুৱে অসমীয়া মহিলাৰ সদা-সতৰ্ক সৃষ্টিমুখী এক বিশেষ বৌদ্ধিক পৰিচয়। ভিন ভিন জীপাল ৰঙৰ অফুৰন্ত সমন্বয়। সময় অনুসৰি প্ৰতিফলিত অনুগল্পৰ ৰং, নাৰীৰ বিভিন্ন ৰূপত অংকিত কাহিনীৰ আবেগৰ ৰং, বিভিন্ন সদস্যৰ অভিজ্ঞতাৰ তথা সৃজনশীল কল্পনাৰ ৰং, উৎসৱৰ আৰু প্ৰশংসাৰ ৰং.....৷ এই সকলো বহুমূলীয়া ৰঙৰ পৰাই একাজলী ৰঙেৰে গ্ৰন্থ এখনি অংকুৰিত কৰিবলৈ আগবাঢ়িছে আমাৰ ব্যৱস্থাপক মণ্ডলীয়ে। সেয়ে পাতনিতে তেখেতসকললৈ প্ৰথমখন শলাগৰ শৰাই আগবঢ়ালোঁ।

 সময় পৰিবৰ্তনশীল, আমি আমাৰ এই যাত্ৰাত বহু সুৰ, বহু ৰঙ আৰু বহু ৰসৰ সংযোজন কৰি যাও অজানিতে আৰু আমাৰ সংস্কাৰও প্ৰভাবিত হয়। বিবেকৰ অনুশাসনত কিছুমান দূৰলৈ ঠেলিবৰ চেষ্টাও কৰো আৰু অনুজসকলকো ব্যৱহাৰিক পৰামৰ্শও দিব বিচাৰোঁ। কেতিয়াবা হয়তো ফলপ্ৰসূ হয় তাৰ বাবে বিশেষ সময় ব্যয় কৰাতো কমেইহে প্ৰতিফলিত হোৱা দেখা যায়। সত্য আৰু শুদ্ধৰ, সুখ আৰু আনন্দৰ মাজৰ ব্যবধান চলাথ কৰাতো সহজ যেন লাগিলেও কাৰ্যক্ষেত্ৰত সদা সৰল নহয়। আমাৰ চৌদিশে প্ৰকৃতিৰ অনুৰাগী ৰঙৰ সমদলৰ এক অন্তহীন যাত্ৰা আছে। যঞ্জত উৎফুল্ল শৰত, বসন্ত আৰু হেমন্তৰ লগত অনুভূতিভৰা গ্ৰীষ্ম, শীত আৰু বৰষাৰো কল্লোল বিদ্যমান। সকলোৰে এক সুকীয়া মাদকতা আছে ঠিক আমাৰ মানসিকতাৰ সমন্ধৰ বুৰবুৰনিৰ দৰে। আমি সদায়েই ইয়াক পাৰদৰ্শিতাৰ প্ৰভাব দিবলৈ বাৰম্বাৰ চেষ্টা কৰা উচিত। কিয়নো প্ৰয়াস কৰিলেহে আমি চেনেহী মৰতৰ জোনাকী আভাৰ দৰ্শন কৰিব পাৰিম। মোৰ ভাবৰ জগতখন বৰ আবেগমিশ্ৰিত গতিকে মূল প্ৰসংগলৈ আহোঁ।

 কৰ্মসূত্ৰে প্ৰায় ওঠৰ বছৰমান অসমৰ বাহিৰত বসবাস কৰি আছোঁ। এই সময়ছোৱাত প্ৰায় সকলো সৰ্বভাৰতীয় পৰম্পৰা তথা লোকৰ লগত মিলামিচা আৰু কাম কৰাৰ সুবিধা পাইছো। মই নিজে এক কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পি এচ ইউ ত কাৰিকৰী বিষয়া হিচাপে কৰ্মৰত। এই সময়চোৱাত বিশেষ দুখন ৰাজ্যত (মহাৰাষ্ট্ৰ আৰু উত্তৰাণ্ড) প্ৰতক্ষভাবে কাম কৰি আছোঁ। যদিও আমাৰ সকলো সহকৰ্মী সৰ্বভাৰতীয় স্তৰৰ। এগৰাকী মহিলা কাৰিকৰী বিষয়া হিচাপে আমি আমাৰ সংস্থাত অতিকে কম সংখ্যক বুলিয়েই ক’ব পাৰি। আমাৰ বিদ্যা আহৰন কৰা সময়তকৈ আজিকালি ভাৰতবৰ্ষত মহিলা বিষয়ক অপৰাধ বৃদ্ধি পোৱাৰ কথা সকলোৰে জ্ঞাত। আজিৰ মহিলা অসুৰক্ষিত বুলি সকলোৱে একমুখে কয়। বহুজনৰ এই বিষয়ত মতামত বেলেগ – দুৰ্বল মানসিকতা, উদ পৰিবেশ, উপযুক্ত শিক্ষাৰ অভাব, নিচাযুক্ত দ্ৰব্যৰ প্ৰভাব ইত্যাদি ইত্যাদি। এই বিষয়ত মোৰ নতুনকৈ একো মতামত জনাব নিবিচাৰো, কাৰন ইতিমধ্যে এই জ্বলন্ত সমস্যাটোৰ ওপৰত আমাৰ প্ৰশাসন ব্যৱস্থাত বহু পদক্ষেপ প্ৰতক্ষ বা পৰোক্ষভাবে লোৱা পৰিলক্ষিত হৈছে। মই মোৰ নিজা এক অনুভূতিহে সকলোৰে মাজলৈ বিনম্ৰ নিবেদনৰ ৰূপত দাঙি ধৰিব বিচাৰিছোঁ।

 অসমৰ দৈনন্দিন পৰিবেশৰ পৰা এই ওঠৰটা বছৰ বাহিৰত অতবাহিত কৰি মোৰ অনুভব হয় আমাৰ জীৱন পালনৰ পৰম্পৰাৰ মানসিকতা বিশেষকৈ ঘৰৱা আচৰনবোধ যেন আনতকৈ বেলেগ। হয়তো প্ৰাচীৰহীন যি হয়তো আমাৰ এক নিজা শৈলীৰ আভ্যন্তৰীন পৰিচয়। কিয়নো এই ওঠৰটা বছৰত মই মুঠ ছটা বেলেগ বেলেগ কাৰ্যালয়ত কৰ্মৰত হৈছে, বিভিন্ন আয়োজনত অংশগ্ৰহণ কৰিছে আৰু সেইবিলাকত পুৰুষ মহিলা সকলো সহকৰ্মীৰ লগত সময় অতিবাহিত কৰাৰ সুযোগ পাইছোঁ। বহু সময়ত আমাৰ উত্তৰ পূবৰ সহকৰ্মী মহিলাসকলৰ বাদে বাকী প্ৰান্ত মহিলা সহকৰ্মীসকলক ভিতৰত এক অহেতুক অন্তনিহিত শংকাৰ মাজত জীয়াই থকা যেন লাগে। অথচ বহুগৰাকী মোতকৈ বহু উচ্চ শিক্ষিত আৰু উচ্চ পদবীৰ অধিকাৰীও। তেওঁলোকৰ মনৰ আকাশখন বহু গোমা আৰু সহজে ফৰকাল হ'বলৈ সুবিধাজনক কৰিবও নিবিচাৰে। ভালদৰে লক্ষ কৰি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড