পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৪


পিঁয়াজ কাটিলে আমাৰ চকুপানী ওলাই আহে,

চকু পানী

জুৰি কলিতা ৰয়

 ১. পিঁয়াজ কাটিলে আমাৰ চকুপানী ওলাই আহে, চকু পানী ওলাই নাহিবৰবাবে কটাৰ আগত পিয়াজ অলপ সময় ফ্ৰীজত থৈ দিব।

 ২. ভাতৰ ৰং ধুনীয়া আৰু জৰজৰিয়া কৰিবৰবাবে ভাত ৰান্ধোতে এচামুচ ঘি দি লবচোন।

 ৩. আমাৰ ষ্টীলৰ গডৰেজবোৰ মাজে মাজে কেৰাচিন তেল অলপ মিলাই এখন কপাহী কাপোৰেৰে মুচি দিবচোন। তাৰ ওপৰত কাগজ পাৰি কাপোৰ থব। কাগজৰ তলত নিমপাত ৰাখিব।

 ৪. পাট কাপোৰ বোৰ হেঙাৰত ৰাখিব, জাপি থলে এখন কপাহী কাপোৰেৰে মেৰিয়াই থৈ দিব। পাট কাপোৰ ৰদত দিলে, ৰদৰ পৰা আনি আলনাত মেলি থব, তাৰ পিছত হে গডৰেজত থব।

 ৫. কাঠৰ বিছনা, আলমিৰাত দাগ লাগিলে বা পুৰণা পুৰণা দেখা হলে অলপ মিঠাতেল এখন কাপোৰত লগাই ঘঁহি দিব চোন, উজ্জ্বল হৈ পৰিব।

 ৬. বাথৰূমত কাপোৰ ধোৱা চাবোন থৈ দিলে চাবোনটুকুৰাগলি যোৱাৰ দৰে হয়, তেনে নহবৰ বাবে চাবোনৰ কেছতোৰ ওপৰত দুডাল ৰাবৰ মাৰি লৈ ওপৰত চাবোন থৈ দিব,তেতিয়া চাবোন টুকুৰ শুকান হৈ থাকে।

 ৭.ৰহৰৰ দাইল বহু দিন হলে পোকে ধৰে, তেনে নহবৰ বাবে দাইলৰ ভিতৰত দুটামান শুকান জলকীয়া দি থবচোন, দাইল বহু দিনলৈ ভালে থাকে।

 ৮. বেচিনৰ তলত যত পাইপ দাল থাকে তাত পইতা চোৰা আহিব লয়, পাইপদালৰ আশেপাশে বেকিং চডা ঢালি দিয়ক,পইতাচোৰাৰ পৰা ৰেহাই পোৱা যায়।

 ৯. বজাৰৰ পৰা কিনি অনা টেমাবোৰৰ ষ্টিকাৰদাল এৰাব বৰ দিগদাৰ হৈ পৰে আমাৰ নেইল ৰিমভাৰ অলপ লৈ কপাহৰ সহায়ত ঘঁহি দিব, গুচি যাব।

 ১০. ইস্ত্ৰিটোত দাগ লাগিলে অলপ কলগেট লগাই অলপ সময় ৰাখি মুচি দিলে দাগ নোহোৱা হৈ যাব।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড