পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৯১

নাৰী হোৱাৰ গৌৰৱ

জয়শ্ৰী বৰা

 “মোৰ স্বামীয়ে মোক এটা বেগ উপহাৰ দিলে। বেগটো খুলি চোৱাত এযোৰ ধুনীয়া কাপোৰ পালোঁ। মোৰ প্ৰিয় ব্ৰেণ্ড, মোৰ প্ৰিয় ৰং, প্ৰিয় ডিজাইন। মোক দুবাহুত আলফুলে ধৰি তেওঁ চকী এখনত বহাই দিলে আৰু কলে- কাপোৰযোৰ পিন্ধি চোৱা। তুমি নিজকে চাবলৈ বাদ দি দিছা। সেইজনী ছোৱালী আজি কত যিজনী ছোৱালীয়ে নিজকে খুব ধুনীয়াকৈ সজাই ৰাখি ভাল পাইছিল। যিজনী ছোৱালী ফুৰ্তিবাজ, confident আৰু বিন্দাচ আছিল। মই মোৰ হেৰুৱা পত্নীক ঘূৰাই বিচাৰো, যি এগৰাকী ধুনীয়া পত্নী আৰু এগৰাকী আদৰ্শ মাতৃৰ সমতুল্য বজাই ৰাখিব জানে।মই পামনে তেওঁক ঘূৰাই!মই মোক হৈ ৰ'লোঁ এক মুহূৰ্তৰ বাবে।”

 উপৰোক্ত কাহিনীটো মোৰ নিজৰ নহয়। ফেচবুকত পোৱা এটা কাহিনীৰ অসমীয়া অনুবাদ। আমি নাৰী বোৰে প্ৰেয়সী,পত্নী বা মাতৃ আদি সম্পৰ্কবোৰৰ মাজত নিজক হয়তো কেতিয়াবা হেৰুৱাই পেলাওঁ। লোকৰ সুখত নিজৰ সুখ বিচাৰি পাওঁ। নিজে কি ভাল পাওঁ কি বেয়া পাওঁ সকলো দূৰত ৰাখি বেলেগৰ কাৰণে জীয়াই থাকোঁ। পাহৰি যাওঁ যে আমাৰো এক সুকীয়া পৰিচয় থাকিব পাৰে।

 এখন ঘৰত সৰুৰে পৰাই ছোৱালী জনীক লৰা সন্তানতকৈ পৃথক ৰূপে গঢ় দিয়া যায়৷ লৰাবোৰৰ শৈশৱ যেতিয়া সমনীয়া লগত বল খেলি পাৰ হয় সেই একে সময়তে মাকৰ চাদৰৰ আচলত ধৰি বা দেউতাৰ লগত ছাঁটোৰ দৰে লাগি ইটো সিটো যতনাই দিয়াৰ পৰাই দেখি দেখি শৈশৱতেই ছোৱালী বোৰে দায়িত্ববোৰ নিজে নিজেই বুজিব পৰা হৈ পৰে। সকলোকে যতনাই দি নিজলৈ ৰাখিছোঁ ৰাখিছোঁ কৈ নিজে ৰৈ যোৱা সৰু মাছ টুকুৰা নাইবা ফিছা টুকুৰাৰ সৈতে শুকানে শুকানে ভাত খোৱা মাকক দেখিয়েই ছোৱালীজনীয়ে শিকি পেলাই নিজে নাখায়ো লোকৰ পেট ভৰিলেও কেনেকৈ আত্মসন্তুষ্টি পোৱা যায়। সন্তানৰ সুখত সুখী দুখত দুখী মাতৃ সকলে নিজৰ সুখ দুখ বেলেগকৈ কিবা আছে বুলি হয়তো নাভাৱেই। মোৰ মা আৰু শাহু মায়ে এতিয়াও সকলোকে খুৱাই লৈহে খাই। আমিও হাঁহি হাঁহি কও চায়েই থাকক আমি খালেই পেট ভৰিব। কিন্তু ভাবো এগৰাকী নাৰী হিচাপে নিজে তেনে হব পাৰিমনে ভৱিষ্যতে!

 নিজে উপাৰ্জন নকৰিলেও স্বামীয়ে আৰ্জি দিয়া পইচা কেইটাৰে কেনেকৈ প্ৰতিটো সমস্যাৰে জোৰা টাপলি মাৰি পৰিয়ালটো নিয়াৰিকৈ কেনেকৈ চলাই নিব লাগে সেই দায়িত্বও মহিলাই নিয়াৰিকৈয়ে পালন কৰে। প্ৰায়বোৰ সংসাৰতেই পুৰুষজনে কেৱল উপাৰ্জনহে কৰে,ক’ত কিমান খৰচ হব মহিলা গৰাকীৰহেনখ দৰ্পনত। লৰা ছোৱালীৰ পঢ়াৰ খৰচ, ঘৰুৱা বা- বজাৰৰ পিছটো চেগ বুজি নিজৰ লৰা ছোৱালীৰ প্ৰয়োজনৰ বাবেই সাচে, পাহৰি যায় নিজৰ প্ৰয়োজনীয়তাবোৰ৷ মোতকৈ মাত্ৰ ডেৰ বছৰ ডাঙৰ মোৰ বাইদেৱে বহুত সৰুৰ পৰাই দেউতা ঢুকুৱাৰ পিছত ভাইটি আৰু মোৰ দায়িত্ব লৈ মানুহ কৰিলে আমাক। নিজে ফুৰ্তি কৰিব পৰা বয়সটো আমাৰ নামত দিলে। মাত্ৰ উনৈছ বছৰ হৈছিল দেউতা ঢুকোৱাৰ সময়ত তাইৰ আৰু মোৰ জা, দিনটো মই ঘৰত নাথাকো কাৰণে ভাল বস্তু কিবা এটা ৰান্ধিলে মোৰ কাৰণে সাঁচি থয় , ৰাতিপুৱা সোনকালেই উঠি গৰম গৰম ভাত যতনাই খুৱাই পঠাই কমলৈ বুলি। কিন্তু সেই খিনিটো তেওঁ নকৰিলেও কোনেও দুষিব নোৱাৰে।

 নাৰীক ভগৱানে ইমান নিস্বাৰ্থপৰ হিচাপে কিয় গঢ় দিয়ে। হয়তো সেয়ে পৃথিৱীত সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা হৈ আছে।

নাৰী তুমি অনন্যা। ইমান ভাল গুণবোৰ মোৰ গাত নাই। তথাপিও মই গৌৰৱ অনুভৱ কৰো ময়ো যে নাৰী।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড