পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৯০


দাড়িয়া বোন্দা, গোলাপ-তগৰ, ঘৰিয়াল-পানী আৰু নাম মনত নথকা কত খেল খেলিছিলো। দেওবাৰবোৰত চন্দ্ৰকান্তা ,আলিফলেইলা আৰু বুধবাৰে চিত্ৰহাৰ নাচালে শান্তি নাপাইছিলো,পিছলৈ শক্তিমান, সুৰাগ আদিবোৰে তাৰ ঠাই দখল কৰিছিল।শুক্ৰবাৰ, শনিবাৰে চিনেমা চাবলৈ মাক কিমান তেলাবলগীয়া হৈছিল-আবেলিতে অংক প্ৰেক্টিচ কৰা, খোৱা মেজত পানী যতনাই দিয়া, মায়ে নকওঁতেই দেউতাক চাহ কাপ নি দিয়া! আৰু টিভি চাবলৈ নিদিলে ৰেডিঅ টোকে পকাইছিলো। পুৰণি ফিলিপচৰ কাষলতিতে চেপি লৈ ফুৰিব পৰা ৰেডিঅটো..বিদ্যাৰ্থীৰ অনুষ্ঠানেৰে পঢ়া আৰম্ভ কৰি গীতিমালিকা শেষ হওঁতে পঢ়া শেষ কৰিছিলো। কাৰেণ্ট নথকা সময়বোৰতো ৰেডিঅটো সংগী আছিল। উপন্যাস পাঠ, নাটক, আইদেউৰ বুলনি..পুৱাৰ ন বজাৰ বাতৰি শুনি শুনি গৰম ভাত গিলি দৌৰিছিলো স্কুললৈ৷ ঘৰলৈ অহা বাটটো চিধা হলেও স্কুল কেতিয়াও চিধা বাটেৰে নগৈছিলো।আৰ বাৰীয়ে তাৰ পুখুৰীপাৰেৰে,অমুকৰ চোতালেৰে তমুকৰ কুৱাপাৰেৰে...কতটা কেকুৰি আৰু দুৰ্গাপূজা! ৰেডিঅত মহালয়া শুনিছিলো ..বীৰেন্দ্ৰকৃষ্ণ ভদ্ৰৰ উদাত্ত কণ্ঠৰ দেৱীস্ৰোতেৰে আৰম্ভ হৈছিল পূজাৰ বতৰ।পানীবেলুন আৰু সাপবেলুন নিকিনিলে পূজাচোৱা অসম্পূৰ্ণ যেন লাগিছিল। পাঁচটকীয়া মুদ্ৰা একোটাৰেই এসাগৰ আনন্দ কিনি ঘৰলৈ উভতিছিলো।

 আমূলৰ পাউডাৰ গাখীৰৰ প্ৰচলন আছিল তেতিয়া। আমূলৰ টেমা খুলি বগা গোল চামুচখনেৰে চুৰ কৰি আমূল খাইছিলো।মুখত হোৱা বগা বগা দাড়িবোৰে চুৰ সহজতে ধৰাও পেলাইছিল। মিল্কমেইডৰ টিনবোৰ মহাৰ্ঘ্য বস্তু আছিল,মামাহঁতে আৰ্মি কেন্টিনৰ পৰা অনাই দিছিল মাক। শেঙুন হয়,নাখাবি এইবোৰ বুলি মায়ে ভয় খুৱাইছিল। তথাপি আঙুলিৰে চুচি চুৰ কৰি খাবলৈ গৈ টিনৰ টেমাৰ ওখোৰামোখোৰা ধাৰে বহুদিন আঙুলি কাটিছিল।

 আজৰি সময়ত টিংকল চান্দমামা চাচা চৌধুৰী পঢ়িছিলোঁ, বুঢ়ী আইৰ সাধুৰ তেজীমলাৰ মাহীমাকজনীক পালে ভঙা গ্লাচেৰে কাটিম বুলি অমূলক কল্পনা কৰিছিলো,তুলা আৰু তেজাৰ বৰকাছ হৈ যোৱা মাকজনীৰ বাবে চকুলো টুকিছিলো, হাতৰ বিস্কুট থাপ মাৰি নিয়া কাউৰীজনীকে চিলনী জীয়েকৰ চিলনীজনীৰ সতে ৰিজাইছিলো। শৈশৱৰ দিনবোৰ নিস্পাপ আছিল, নিষ্কলুষ আছিল আমাৰ মনবোৰ। যান্ত্ৰিকতাই চুব নোৱৰা আছিল সেই দিনবোৰ।

 কেনেবাকৈ ঘূৰাই পোৱা হলে সেই দিনবোৰ! কোনোবাই ঘূৰাই দিয়া হ'লে সেই সোণসেৰীয়া দিনবোৰ! ক'ত যে এৰি

আহিলোঁ সেই সময়! মোৰ ধূলিয়ৰি বাটৰ স্বৰ্ণিল শৈশৱ!

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড