পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮৯

শৈশৱ

বৰ্ণালী দাস

 শৈশৱ বুলিলেই ফটকানিৰ দৰাকইনা খেলাৰ পৰা আৰম্ভ কৰি লোকৰ বাৰীৰ বগৰী চুৰ কৰি খোৱালৈকে-ভাললগা সময়ৰ এখনি কলাজ। শৈশৱ বুলিলেই পাখিলগ সময়ৰ ল'ৰা-ধেমালি,শৈশৱ মানেই নিস্পাপ হাঁহিৰ একোটা উচ্ছল ফোঁৱাৰা!

 পুৰণি ফটা কাপোৰেৰে সজা কইনা দৰা,কাজলেৰে অঁকা মুখ চকু। কোনোবাটোৰ হাত লেংলেকৈ দীঘল, কোনোবাটো খঁৰা। বাৰ্বি পুতলাৰ প্ৰয়োজন অনুভৱ কৰিবলৈ নিদিয়াকৈয়ে সেই খঁৰানকীয়া পুতলাকেইটাই আমাৰ সৰু পৃথিৱীখনৰ ঐশ্বৰ্য আছিল। সেইকেইটাক লৈয়ে কত কাজিয়া, কত খেলা, কত চকুপানী! পুতলাতো নাছিল যেন আমাৰ সত্বাৰ জীৱন্ত অবিচ্ছেদ্য অংগ আছিল।

 কি দিন আছিল সেইবোৰ, আমাৰ বুলিয়েই নহয়, সেইটো দশকৰ সকলোবোৰ শিশুৰেই শৈশৱ চাগে কমবেছি একেই আছিল। চৰিত্ৰবোৰৰ নাম বেলেগ, বৈশিষ্ট্য একেই। আমি এপাল ল'ৰা ছোৱালীয়ে চুবুৰিটো গমগমাই থাকো। বন্ধৰ দিনত আৰ আগবাৰী তাৰ পাছবাৰী কৰি টিঘিলঘিলাই থাকো। চৰ্টকাট’ মাৰিবলৈ কেতিয়াবা আৰ তাৰ ঘৰৰ ভিতৰেৰেও হৈ হৈ কৈ দৌৰ মাৰো। কোনোবাই ভাত খাই আছে নে কাপোৰ সলাই আছে ভ্ৰুক্ষেপ নাই আমাৰ। তেতিয়াৰ দিনত ইমান মিল আছিল মানুহবোৰৰ,এইবোৰ নধৰ্তব্য কথা আছিল।

 এঘৰত এডাল বৰ ডাঙৰ ডাঙৰ লেচু লগা গছ আছিল, বাদুলীৰ কাৰণে জালেৰে ঘেৰি ৰাখে। আমি সদায় আবেলি ফুৰিবলৈ যাওঁতে সেইঘৰৰ দাদাজনে বাটতে ওলাই মাত লগায়,কথা পাতে বহুপৰ কিন্তু লেচু খাবলে নাযাচে কেতিয়াও, জিভাৰ পানী জিভাতে শুকায়, ঘৰলৈ আহি লিচুডাল মৰিবলৈ পাৰেমানে শাওপাত দিওঁ।” আমিয়ে যদি খাবলে নাপাওঁ তোৰ লিচু থাকি কি লাভ”- এইটো ভাব মনতে। এতিয়া হাঁহি উঠে।

 বছৰেকীয়া পৰীক্ষা দি উঠি নৰানি চাঁচি বেডমিন্টন কোৰ্ট বনাওঁ৷ কক কিনো পইচা তুলি৷ ৰেকেট কাৰোবাৰ হে থাকে,খেলিব দিয়া নিদিয়া লৈ কিমান কাজিয়া! মাঘৰ উৰুকাত এটকাকৈ পইচা তুলি কণীৰে ভোজ খাওঁ,চাউল, তেল, আলু গাইপতি তোলো। বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ লগে লগেই আৰু এটা কাম কৰিছিলো, নিজতকৈ এক শ্ৰেণী ওপৰৰ কাৰোবাত পৰা পুৰণি কিতাপখিনিৰ বন্দবস্ত কৰা নিজৰখিনিকো তেনেকৈয়ে আনক দিছিলো। নতুন দুখন এখন কিতাপ নিকিনাও নহয়৷ কি সুন্দৰ সেই কিতাপৰ গোন্ধ!ৰীম কাগজ কিনি ভাগে ভাগে বহী চিলাইছিলো। গণিতৰ বহীখন দুইদিস্তা কাগজেৰে বিশেষভাৱে।জিঞাৰ আঠাৰে মুগাৰঙী কাগজৰ জিল লগাইছিলো। বগা কাগজ আয়তাকাৰে কাটি আকৌ তাৰে চাৰিচুক কোণীয়াকৈ কাটি লেবেলো লগাইছিলো। গোট গোট আখৰেৰে লিখিছিলো-শ্ৰী বৰ্ণালী দাস,অমুক শ্ৰেণী,অমুক শাখা,...সৰস্বতী পূজাত মাৰ মুগাৰ মেখেলা মাজতে মোটোকাই, ভইলৰ চাদৰ দুপাক মেৰাই ওচৰ পাজৰৰ স্কুলবোৰ ঘূৰি ফুৰো, কৰবাত বুটমাহ প্ৰসাদ পাওঁ কৰবাত খিচিৰি।তৃপ্তিৰে খাওঁ যি পাওঁ। এবাৰ খিচিৰি খাব নাপাই চিঞৰি চিঞৰি কান্দি কান্দি ঘৰলৈ অহাত মায়ে এক কুকাৰ খিচিৰি বনাই খাবলে দিছিল...বোলে খা যিমান পাৰ! মনত পৰিলে হাঁহি উঠে। হোলিৰ সময়ত ফাকু দি বাটে ঘাটে,উঠা পইচাকেইটাৰে পানীৰফ কিনি চুপি চুপি খাই আহো, হাতমুখে ফাকুৰ ৰং,পূৰৈ শাকৰ গুটিৰে “নেচাৰেল মেজেন্টা” ৰং বনাইছিলো! কি দিন আছিল সেইবোৰ৷

 স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসত পতাকা উত্তোলন কৰিবলৈ নিৰ্ভয়ে গৈছিলো।ঠোঙাত ভৰাই নিছিলো ফুল,পতাকাত দিবলৈ। জনগণ গাওঁতে সৰু বুকুবোৰ আবেগত কঁপি উঠিছিল আমাৰ। স্কুলত,ৰাজহুৱা ফিল্ডত আৰু কৰবাত ঘূৰি ঘূৰি দেৰিকৈ ঘৰ সোমাইছিলিহি, বাটত আৰ্মীৰ জোৱানবোৰক টাটা বাই বাই দিছিলো, তেওঁলোকেও হাঁহিৰে প্ৰত্যুত্তৰ দিছিল।কেতিয়াবা এনেবোৰ দিনত স্কুলৰ পৰাই হলত শিশু ছবি দেখুৱাব নিছিল-চমতকাৰী কোট, মকড়ী,সবুজ দ্বীপেৰ ৰহস্য তেনেকৈয়ে হলত চাইছিলোঁ।

 পানীজামু, বগীজামু বিচাৰি বিচাৰি গছতলবোৰ একাকাৰ কৰিছিলো গৰম বন্ধবোৰত। গোটেইমখা গোটখাই গোল্লা,

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড