পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬৬


 মই ডাক্তৰ হিচাপে সদায়ে ৰোগীৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখোঁ। কিন্তু ব্যক্তিগত জগতখনত কেতিয়াও ভুমুকিয়াব যোৱা নাছিলোঁ। তথাপি কিয় জানো তেখেতৰ মুখখনে বাৰে বাৰে মোক অস্থিৰ কৰি তুলিছিল আৰু জানিব মন গৈছিল। তেখেতৰ সেই শূন্যতাৰে ভৰা আৰু ডাৱৰে আবৰা চকুহালৰ আঁৰৰকথা। অৱশেষত চিকিৎসা শেষ হোৱাৰ পাছত তেখেতক কৈ পেলাইছিলোঁ “এটা ধুনীয়া হাঁহি মাৰক” বুলি। হাঁহিছিল তেখেতে, কিন্তু হাঁহিটো এটা নিষ্প্ৰভ মৰহি যোৱা ফুলৰ দৰে ওলমি ৰৈছিল ওঁঠৰ এটা কোনত। মই কথা আৰু আগ নবঢ়াই তেওঁলোকক বিদায় দিছিলোঁ।

 হঠাৎ দুদিন পিছত মোৰ ওচৰলৈ মিঃ শৰ্মা আহিছিল সম্পূৰ্ণ ব্যক্তিগতভাৱে। কৈছিল তেওঁলোকৰ জীৱনৰ তিতা মিঠা অধ্যায়বোৰৰ কথা।

 উজনি অসমৰ মফচলীয়া চহৰখনত তেওঁলোকৰ ঘৰ, দুগৰাকী বায়েক আৰু ভনীয়েকৰ মাজত একমাত্ৰ পুত্ৰ সন্তান মি: শৰ্মা এজন সফল ব্যৱসায়ী। তাৰ বিপৰীতে মিচেছ শৰ্মাৰ ঘৰ নলবাৰী চহৰত, দুয়োৰে প্ৰেম বিবাহ সম্পন্ন হৈছিল ২০০৯ চনত। প্ৰথম অবস্থাত সকলো ঠিকেই আছিল, আজিৰ দৰে মিচেছ শৰ্মা বিষন্ন নাছিল। এবুকু মৰম আৰু সুখৰ মাজত তেওঁলোকৰ সংসাৰ আগবাঢ়িছিল। কিন্তু জীৱন জানো এটা নিৰ্দিষ্ট সুঁতিত চলে? নিশ্চয় নচলে, জীৱনে সুঁতি সলনি কৰে আৰু এইয়া চিৰন্তন। সত্য। বিয়াৰ কেইবা বছৰ পাছলৈও তেওঁলোকৰ জীৱনলৈ সন্তান অহা নাছিল। শৰ্মাৰ বাই ভনী যিহেতু অসমৰ বাহিৰত সংস্থাপিত গতিকে শৰ্মা দম্পতীৰ ওপৰত হেঁচা বেছি পৰিছিল। কেইবাবাৰো IVF কৰি সুফল নোপোৱা মিচেছ শৰ্মা শাৰীৰিক আৰু মানসিকভাৱে ভাঙি পৰিছিল, হয়তো সেইবাবেই তেওঁৰ মুখখন মলিন হৈ পৰিছিল।

 লগতে সমাজখনেও যে তেওঁলোকক সেই শূন্যতাখিনিলৈ আঙুলিয়াই থাকে। তেওঁ একপ্ৰকাৰ নিজকে গৃহবন্দী কৰি পেলাইছিল। ইমানখিনিলৈ কৈ ৰৈ গৈছিল মানুহজন। চকুত দুটোপাল অশ্ৰু, যাৰ কোনো মূল্য নাই।মই অনুভৱ কৰিব পাৰিছিলোঁ তেওঁলোকৰ বিষাদখিনি, সন্তানহীনতাৰ বিষাদখিনি।

 মই সুধিছিলোঁ “এতিয়া গুৱাহাটীত কিয় আছেহি?”

 তেওঁ কৈছিল প্ৰতীক্ষা হস্পিটালত চিকিৎসা কৰি আছে বুলি।

 মই সোধো নোসোধোকে সুধিছিলো “আপোনালোকে যদি বেয়া বুলি নাভাবে সন্তান তুলি লোৱাৰ কাৰণে কিয় চেষ্টা নকৰে?”

 তেওঁ অলপ আচৰিত হৈছিল, ঘঁহনি খোৱা মাতেৰে কৈছিল “...বেলেগৰ সন্তানক..কেনেকৈ....???!”

 মই কৈছিলো “বেলেগৰ সন্তান কেনেকৈ হ'ল, যি সন্তান আপুনি তুলি লব সেই সন্তানে জানো পিতৃ আৰু মাতৃৰ মৰম পোৱাটো বাঞ্চনীয় নহয়? অনাথ হৈ থকা প্ৰত্যেকটো শিশুৱে সকলোখিনি অধিকাৰৰে যোগ্য যিমানখিনি আমি জন্ম দিয়া সন্তানে পায়। প্ৰথম আৰু শেষৰ কথা এটাই সেইটো হ'ল সংস্কাৰ, হয়তো আমি কেতিয়াবা নিজৰ সন্তানকো দিবলৈ অপাৰগ হৈ উঠো। যাৰ বাবে এতিয়াও একোখনকৈ বৃদ্ধাশ্ৰম আছে। মোৰ বোধেৰে আপোনালোকে সন্তান তুলি লোৱা কথা ভাবিব পাৰে।”

 মই মি. শৰ্মাক ভালকৈ বুজাই দিলোঁ কেনেকৈ সন্তান এটা তুলি ল'বলৈ প্ৰথমে কি কৰিব লাগে সেই বিষয়ে।

 “চাওক মি. শৰ্মা, আপুনি যদি সন্তান তুলি লয় তেতিয়া পোন প্ৰথমে CARA (Central Adoption Re-Source Authority)ৰ অনলাইন ৱেবচাইটত নিজৰ নাম ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ পাছত এটা যিকোনো Adoption Agency বাচি ল'ব লাগিব (সাধাৰণতে নিজৰ সুবিধা অনুযায়ী)। এই Agency টোৱে এটা Home Study ৰিপোৰ্ট দিয়ে আৰু যদি সকলোখিনি ঠিকেই থাকে তেতিয়া অনলাইন ৰেজিষ্ট্ৰেচনটোৰ নামত এটা User ID আৰু Password আহে যাৰ সহায়ত তেওঁলোকে CARA ৰ ৱেবচাইটত নিজৰ নম্বৰটো কিমানলৈ আহিল চাব পাৰে। USER ID আৰু Password অহাৰ ত্ৰিশ দিনৰ ভিতৰত তেওঁলোকে নিজৰ প্ৰয়োজনীয় নথিপত্ৰ এই ৱেবছাইটত আপল'ড কৰিবলাগে। ইয়াৰ লগে লগে এটা ৰেজিষ্ট্ৰেচন নম্বৰ আহে। এটা সময়ত যেতিয়া উক্ত ৰেজিষ্ট্ৰেচন নম্বৰটোৰ পাল পৰে তেতিয়া Specialised Adoption Agency (SAA নামৰ সংস্থাটোৱে দম্পতীহালৰ এটা ঘৰ পৰ্যবেক্ষণ বা Home Study ৰিপোৰ্ট ( H S R ) দিয়ে। যদি এই ৰিপোৰ্ট অনুযায়ী দম্পতীহাল সন্তান তুলি লবলৈ উপযোগী বুলি বিবেচিত হয় তেতিয়া তেওঁলোকক এটা শিশু বাচি লব দিয়া হয় (এটাৰ পাৰা অত্যধিক ছয়টা শিশুৰ ভিতৰত)। শিশু এটা বাচি লোৱাৰ পৰা পোন্ধৰ দিনৰ ভিতৰত তেওঁলোকে Adoption Agency ত খৱৰ কৰিব লাগে। যদি এই Agency ত পোন্ধৰ

 

⸻⸻⸻অৰ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড ⸻⸻⸻