পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৫


ডায়েৰীৰ পাতৰ পৰা

ড° ৰীতি কৌশিক

 (লিখনিটো হয়টো অলপ সংবেদনশীল হ’ব পাৰে কিন্তু ইয়াৰ দ্বাৰা কাৰো ভাবনাৰ লগত হস্তক্ষেপ কৰা হোৱা নাই। ই এক সম্পূৰ্ণ ব্যক্তিগত অভিজ্ঞতাৰ পৰা লিখা হৈছে।)

 2016 চনৰ চেপ্তেম্বৰ মাহৰ কথা , চেম্বাৰত ৰোগীসকলৰ মাজত এহাল দম্পতী লগ পাইছিলোঁ। পত্নীগৰাকীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহিছিল।

 শৰ্মা দম্পতীৰ মই চিকিৎসা আৰম্ভ কৰিছিলো। মিচেছ শৰ্মাৰ দুই তিনিটা দাঁত বেয়া আছিল। তেখেতৰ বয়স কম হোৱা বাবে মই দাঁত কেইটা সৰাই পেলাব খোজা নাছিলো। গতিকে প্ৰথমে X-ray ৰ দ্বাৰা দাঁত কেইটা ভালকৈ পৰ্য্যবেক্ষণ কৰিলোঁ। দেখিলো দাঁত কেইটাৰ কেৱল 60 শতাংশ মানহে Caries হৈছে বা ক্ষৰণ হৈছে। যদি আমি ইচ্ছা কৰো তেতিয়া Root Carnal Treatment (চমুকৈ R C T) ৰ সহায়ত দাঁতকেইটা বচাব পৰা যাব।

 মই তেওঁলোকক X-Ray ৰ সহায়ত বুজাইছিলো যে দাঁত এটাৰ তিনিটা তৰপ থাকে। বাহিৰৰ তৰপটো বগা আৰু টান যাক এনামেল (Enarne1) বুলি কোৱা হয়। দ্বিতীয় তৰপটো অলপ হালধীয়া, ই অলপ চেঞ্জিটিভ অৰ্থাৎ সংবেদনশীল যাক ডেন্টিন (Dentin) বুলি কোৱা হয়। তৃতীয় তৰপটো হৈছে পাল্প (Pulp), আটাইতকৈ সংবেদনশীল। ই আচলতে দাঁতৰ নাৰ্ভ চাপ্লাই (Nerve Supply)। গৰম, ঠাণ্ডা বা বিষৰ অনুভৱ এই Pulp ৰ পৰাই হয়। কেতিয়াবা দাঁতৰ Car- ies বা ক্ষৰণ ৰোগ হৈ বিয়পি যায় আৰু ফলত নাৰ্ভত স্পৰ্শ কৰে আৰু বিষ আৰম্ভ হয়। কেতিয়াবা কেতিয়াবা দাঁত আধাতে ভাঙি যায়। ভিতৰৰ নাৰ্ভ চাপই সম্পূৰ্ণৰূপে ওলাই পৰে। তেনে অৱস্থাত বিষৰ লগতে ফুলি উঠাও দেখা যায়। দাঁতৰ যদি শিপা (Root) অংশ সুস্থ হয় তেতিয়া Root Canal Treatment ৰ সহায়ত দাঁতটো সংৰক্ষণ কৰা হয়। মূলত Root Canal চিকিৎসাত Infected Nerve Supply (সংক্ৰমিত সিৰা) আমাৰ দন্ত চিকিৎসাৰ সঁজুলিৰ সহায়ত (File) উলিয়াই পেলোৱা হয় বা চাফা কৰি দিয়া হয়। দাঁতৰ গুৰিত এনাস্থেচিয়া (Anaesthesia) দি দাঁতটোৰ লগতে সেই ঠাই খিনি অৱশ কৰি লোৱা হয় যাতে বিষ অনুভৱ নহয় চিকিৎসা কৰা সময়ত। দাঁতৰ মধ্যভাগত এক দ গাত কৰি লোৱা হয় য’ৰ পৰা কিছুমান সৰু সৰু সুৰংগ (Cana1) দাঁতৰ শিপালৈকে আৰম্ভ হৈছে যাক Canal (কেনেল) নামেৰে জনা যায় এই Canal সমূহৰ মাজেৰে Nerve সমূহ স্থিতি লৈ থাকে। চিকিৎসাৰ সময়ত এই Nerve সমূহ সম্পূৰ্ণৰূপে পৃথকীকৰণ (Discard) কৰি পেলোৱা হয়। Nerve সমূহ চুলিতকৈয়ো পাতল গতিকে এই চিকিৎসাৰ সময়সীমা কোনো কোনো ক্ষেত্ৰত তিনিৰ পৰা চাৰিদিনলৈ হয়। সম্পূৰ্ণকৈ Nerve সমূহ চাফা কৰাৰ পাছত বিষ উপশম হয়। তেতিয়া শিপা (Root) অংশ চাফা কৰাৰ ফলত ফোপোলা হৈ পৰা বা খালী হৈ পৰা ঠাইখিনি এক বিশেষ ধৰণৰ পদাৰ্থৰ দ্বাৰা পূৰ কৰা হয় বা Filing কৰা হয়। Filing Material শিপালৈকে ভৰ্তি কৰা হয়। কিন্তু কোনো কোনো ক্ষেত্ৰত Root Canal Treatment কৰা দাঁতৰ ওপৰত এক আৱৰণ দিয়া হয় যাক Crown বা Capping বুলি কোৱা হয়। মূলতঃ R C T ৰ সহায়ত দাঁতটো উঠাই পেলোৱাৰ পৰা ৰক্ষা কৰা হয় যাৰ ফলত খোৱা-বোৱা কৰাত সুবিধা হয়।

 সমগ্ৰ চিকিৎসা পদ্ধতি শৰ্মা দম্পতীক বুজাই উঠাৰ পাছত তেওঁলোকৰ সন্মতিক্ৰমে মিচেছ শৰ্মাৰ চিকিৎসা আৰম্ভ কৰিছিলোঁ।

 চিকিৎসা চলি আছিল কিন্তু মইপ্ৰথম দিনৰ পৰাই লক্ষ্য কৰিছিলোঁ মানুহগৰাকীৰ বিষন্নতাৰ ডাৱৰে অনবৰত আবৰি থকা চকুহাল আৰু শূন্যতাত ওলমি থকা মুখখন যেন তেওঁৰ কোনো আশা, আকাংক্ষা আৰু হেঁপাহ নাই সেউজীয়াক লৈ। বিপৰীতে গিৰিয়েকক ফুৰ্তিবাজ যেনেই লাগিছিল। শৰ্মা উপাধিৰ দম্পতীক মই ‘মি:' আৰু ‘মিচেছ’ শৰ্মা সম্বোধন কৰিছিলোঁ।

 চিকিৎসা প্ৰায়ে শেষ হ’বলৈ লৈছিল কিন্তু মিচেছ শৰ্মাৰ চকুৰ শূন্যতা অধিক হৈ গৈছিল।

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড