পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬৭


দিনৰ ভিতৰত যোগাযোগ নকৰে তেতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আকৌ তলৰ ক্ৰমলৈ নামি আহে। তেওঁলোকে শিশু এটা এবাৰ বাচি লোৱাৰ পাছত SAA য়ে Adoption Process সম্পূৰ্ণ কৰে। লগে লগে তেওঁলোকে Pre Adoption Foster care (যত শিশুটোৰ ইমানদিনে যত্ন লোৱা হৈ আছিল)ৰ পৰা শিশুটো গ্ৰহণ কৰে। ইয়াৰ লগে লগে SAA ই ন্যায়ালয়ত মোকৰ্দমা ৰুজু কৰে যাতে দম্পতীহালে সম্পূৰ্ণ ন্যায়িকভাৱে শিশুটো তুলি ল'ব পাৰে আৰু শিশুটোৱে ভৱিষ্যতে নায়িকভাৱে তেওঁলোকৰ সন্তান হিচাপে সম্পূৰ্ণ মৰ্য্যদা পায়। ন্যায়ালয়ে জাননী জাৰি কৰে আৰু দুবছৰলৈ Post Adoption Follow Up আৰম্ভ হয়। এই দুবছৰ যদি SAA ই সকলোখিনি ঠিকে পায় তেতিয়া শিশুটো সম্পূৰ্ণ ন্যায়িকভাৱে দম্পতীহালৰ হৈ পৰে।”
 শৰ্মাই অলপপৰ ভাবি মোক আকৌ লগ কৰাৰ কথা ক'লে। মই তেখেতক মোৰ হাতত থকা দুটামান ফোন নম্বৰ দি পঠিয়াইছিলো যাতে সন্তান তুলি লোৱাৰ ক্ষেত্ৰত অলপ সুবিধা হয়।
 সময় বাগৰিছিল, দৈনন্দিন ৰুটিনৰ তাগিদাত শৰ্মা দম্পতী পাহৰনিৰ গৰ্ভত সোমাই পৰিছিল।

 হঠাৎ ২০১৭ চনৰ আৰম্ভণিত ৰোগীৰ লগত ব্যস্ত থকাৰ সময়ত শৰ্মা দম্পতী ওলালহি, কোলাত এটি অকণমানি গুলপীয়া শিশু।
 সেইদিনা মিচেছ শৰ্মাক সাংঘাতিক ধৰণে সতেজ দেখিছিলোঁ, হাঁহিটো সমগ্ৰ মুখমণ্ডলতে বিয়পি পৰিছিল। মোক ধন্যবাদ দি কৈছিল যে কেতিয়াবা ডাক্তৰো আপোন হৈ পৰে, কিয়নো মই কোৱা কথা দুয়ো আলোচনা কৰিছিল আৰু সকলোৰে সহমতত তেওঁলোকৰ কোলালৈ অকণমানিটো আহিছিল।
 শৰ্মা দম্পতী গুছি গৈছিল কিন্তু এৰি গৈছিল মোৰ কাৰণে এটি সন্তোষৰ হাঁহি, যিয়ে মোক আপ্লুত কৰি পেলাইছিল, কাৰণ ধন্যবাদৰ হাঁহিয়ে মনত অকল প্ৰশান্তি দিয়ে। য'ত জীৱনৰ এন্ধাৰবোৰ নাইকিয়া হয়।
 এই লেখাটি কাল্পনিক নহয়। প্ৰয়োজনত নাম সলনি কৰা হৈছে। বিষয়টো অলপ স্পৰ্শকাতৰ কিন্তু বৰ্তমান সমাজত ইয়াৰ প্ৰয়োজনীয়তাৰ বাবে ডায়েৰীৰ পাতৰ পৰা আপোনালোকলৈ আগবঢ়ালোঁ।
 সন্তানহীনতা এটা ব্যাধি নহয়, ই এটা পৰিক্ৰমা। কিন্তু ই কেতিয়াও জীৱন হ'ব নোৱাৰে নাইবা জীৱনৰ ৰং হেৰুৱাই পেলাব নোৱাৰে।
 মোৰ লিখনিয়েদি কাকো দুখ দিব বিচৰা নাই, সমালোচনাও কৰিব বিচৰা নাই। কিন্তু এবাৰ ভাবি চাব পাৰোঁ জীৱনটো কেৱল সন্তানহীনতাই শেষ কৰিব নোৱাৰে আৰু বহুতো হয়তো কাৰণ আছে যাৰ বাবে আমিবোৰ ইমান ধুনীয়া পৃথিৱীখনত আছে।

 

⸻⸻⸻অৰ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড⸻⸻⸻