পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৪

পৰিবেশৰুচি,অভ্যাস,নীতি-নিয়ম (ইয়াত নিয়মৰ নামত কুসংস্কাৰক বাদ দিয়া হৈছে) আদিক সন্মান জনাই তেনে পৰিবেশত অভ্যস্ত হবলৈ শিকা উচিত।তদুপৰি বিভিন্ন উৎসৱ-পাৰ্বত দোকানৰ বস্তুৰে অতিথি আপ্যায়ন কৰাতকৈ নিজ হাতেৰে ৰন্ধা খাদ্যৰে আলহীক খুৱাইও ভাল লাগে, তেওঁলোকেও আগ্ৰহেৰে খায়। কিন্তু, আজিকালি ঘৰবোৰত অত্যধিক ব্যস্ততাৰ দোহাই দি পতি-পত্নী আলহীৰ পৰা বহু হাত দূৰত অৱস্থান কৰাহে দেখা যায়। এনে হোৱা অনুচিত। আত্মীয়-স্বজন বিপদে-আপদে সকলোতে লাগে। সন্তানকে এই সম্বন্ধ বোৰৰ গুৰুত্ব কি, সেয়া প্ৰত্যেক পিতৃ-মাতৃয়ে জনোৱা উচিত।

 শেষত কওঁ,-“সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ” বুলি কবিয়ে কৈ থৈ গৈছে।সুখৰ ধাৰণা বিমূৰ্ত। সুখ কিনিব নোৱাৰি। দামী বিছনা এখন কিনিব পাৰি,কিন্তু টোপনি নোৱাৰি। দুখবিহীন মানৱ জীৱনৰ আচলতে অৰ্থই নাই। মানুহৰ জীৱনত সুখ-দুখ উভয়েই থাকিব লাগিব। দুখৰ মাজৰ পৰাই চেপি চেপি ৰস উলিয়াব লাগিব সুখৰ। এই সুখ বৰ্তাই ৰাখিবৰ বাবে, এখন সুস্থ সংসাৰ গঢ় দিবৰ বাবে পতি-পত্নী উভয়েই অহোপুৰুষাৰ্থ কৰিব লাগিব। সুচিন্তা আৰু আত্মসংযমেহে ঘৰক ঘৰ আখ্যা দিব।

 প্ৰখ্যাত দাৰ্শনিক হেনৰী ডেভিড থৰোৱে কৈছিল—

 “ঘৰ এখনত সেইসকল পতি-পত্নীহে সুখী, যি অলপতে সন্তুষ্ট হয়।”

 কথাষাৰ সকলো সময়তে গ্ৰহণযোগ্য।

(লেখিকাৰ টোকা:- এই প্ৰবন্ধটো সম্পূৰ্ণ মোৰ নিজৰ অনুভৱৰে লিখা। যাৰ উক্তি প্ৰবন্ধটোত স্থান দিছোঁ সকলোৰে নাম উল্লেখ কৰা হৈছে।)

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড