পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৩

 আমেৰিকাৰ প্ৰখ্যাত লেখিকা ডৰথি কাৰ্ণেগিয়ে মন্তব্য কৰিছিল যে,“ ব্যৰ্থতাৰে পৰিপূৰ্ণ সুন্দৰ কোনো এটা ঘৰত থকাতকৈ অধিক পুৰুষেই সুব্যৱস্থাৰে সজ্জিত তম্বুৰ তলত থাকিবলৈহে বেছি পছন্দ কৰে।” এই কথাষাৰে বুজায় যে,পুৰুষ এজনে ঘৰখনত সদায় এক পৰিপাটি, শৃঙ্খলা বদ্ধ পৰিবেশ বিচাৰে কিন্তু, গুৰুত্বপূৰ্ণ কথাটো হৈছে, ঘৰখনক সুশৃংখল কৰি ৰাখিবলৈ পুৰুষজনে পত্নী গৰাকীক কিমান সহায় কৰে?দিনটো পুৰুষজন কৰ্মক্ষেত্ৰত থাকোতে সন্তানৰ খোৱা-বোৱা,পঢ়া- শুনা,বেমাৰ-আজাৰৰ পৰা আৰম্ভ কৰি ঘৰৰ আন সদস্য সকলৰ আল-পৈচান ধৰা, জীৱ-জন্তুক চকু দিয়ালৈকে সম্পূৰ্ণ ঘৰখনৰ দায়িত্ব লৈ ভাগৰুৱা হোৱা মানুহগৰাকীক বহুক্ষেত্ৰত সহায় কৰিবলৈ ঘৰখনৰ সদস্যসকল আগবাঢ়ি অহা দেখা নাযায়। কৰ্মৰত মহিলাৰ ক্ষেত্ৰত এইবোৰ দায়িত্ব কিছু কম হলেও ঘৰখনৰ শান্তি শৃংখলাৰ দায়িত্ব সকলো মহিলাৰে একে। এই ক্ষেত্ৰত সন্ধিয়া আহিও বা চুটিৰ দিনত যদি পতি গৰাকীয়ে পত্নীৰ কিছু দায়িত্ব লয় বা ল’ব পাৰে, তেতিয়া পত্নী গৰাকীয়েও কিছু সকাহ পায়। অন্যথা,ঘৰুৱা কাম কৰি কৰি মানসিকভাবে মানুহগৰাকী হতাশগ্ৰস্ত হৈ পৰাৰ উদাহৰণো আমাৰ সমাজত আছে। লাহে লাহে খিংখিঙীয়া স্বভাবটোও গঢ়ি উঠে,যাৰ ফলত ঘৰখনত অশান্তি হয়। সেয়ে,ঘৰখনত এটা সুস্থ বাতাবৰণ বৰ্তাই ৰখাত পতি-পত্নী উভয়ৰে ভূমিকা অসীম।

 এখন ঘৰ সুন্দৰভাৱে সজায় পৰাই ৰাখিবলৈ বহুত দামী সামগ্ৰীৰ প্ৰয়োজন নাই। যি সামগ্ৰীয়েই নাথাকক সেয়া চিজিলকৈ ৰখাটোহে জৰুৰী। এইবোৰৰ কাৰণে,পতি-পত্নী উভয়ৰে মনটো সুন্দৰ হব লাগে। নাৰী গৰাকীৰ যিদৰে মিঠা মাত,সুব্যৱহাৰ,পৰিয়ালৰ সদস্যৰ লগত বুজাবুজি আদি গুণে ঘৰলৈ অহা আলহীৰ মন মোহে, ঠিক তেনেকৈ সন্তানক উপযুক্ত শিক্ষা বা সন্তানৰ ব্যৱহাৰ, পত্নীক সাধ্য অনুসাৰে কৰা সহায় বা সন্তানক দিয়া সময় আদিয়েও অতিথি এজনক সন্তুষ্ট কৰে। মন কৰিবলগীয়া কথা এয়ে যে, ঘৰলৈ অহা অধিকাংশ আলহীয়ে খোৱা বোৱাতকৈ পতি-পত্নী,সন্তান বা ঘৰৰ অন্য সদস্যৰ আচাৰ- ব্যৱহাৰৰ বিষয়েহে বাহিৰত গৈ প্ৰশংসা বা সমালোচনা কৰে।

 আইনষ্টাইনক যদি এজন অসাধাৰণ প্ৰতিভাশালী ব্যক্তি বুলি ধৰা হয়, তেন্তে এগৰাকী পত্নীকো প্ৰতিভাশালী বুলি ক’ব লাগিব কিয়নো,পত্নী গৰাকীয়ে ঘৰখন চলোৱাত নিজৰ জ্ঞান তথা কৌশলৰ পৰিচয় দিয়ে।সেয়ে,এগৰাকী নাৰী শিক্ষাগত অৰ্হতাৰে শিক্ষিত হোৱাৰ উপৰিও বুদ্ধিমতী হোৱাও প্ৰয়োজন। উচ্চ ডিগ্ৰী নথকা এগৰাকী নাৰীয়ে নিজৰ বুদ্ধিৰ বলত ঘৰখনৰ বিভিন্ন ব্যক্তিত্বৰ সদস্যৰ মাজত সমতা ৰক্ষা কৰি চলিব পাৰে বিপৰীতে, উচ্চ শিক্ষিতা নাৰীৰ ক্ষেত্ৰত কেতিয়াবা ইয়াৰ ওলোটাটোহে দেখা যায়। উপযুক্ত বুদ্ধিমত্তাৰ অভাৱৰ বাবেই তেনে শিক্ষিতা নাৰীৰ ঘৰৰ ভিতৰচ’ৰা বা ব্যক্তিগত জীৱন অশান্তিময় হৈ পৰে। সেয়ে, এগৰাকী পত্নী বা বোৱাৰীক প্ৰয়োজন বাহ্যিক অভিজ্ঞতাৰ। দেখি,শুনি,ঠেকি লোৱা শিক্ষাৰ জোৰ কিতাপৰ শিক্ষাতকৈ বেছি সবল। এই ক্ষেত্ৰত আৰু এটা কথা যোগ দিব পাৰি।সুন্দৰ সুস্থ সংসাৰৰ এখন ঘৰলৈ গভীৰ আশা কঢ়িয়াই আনিব পাৰে পতি-পত্নীৰ অধ্যয়নৰ প্ৰতি হেঁপাহ আৰু সুচিন্তাই।আশা যদি দুচকুত নাথাকে,সেই দম্পতীৰ বহুত সম্পদশালী হলেও তাৰ মূল্য নাথাকে। একমাত্ৰ আশাইহে তেওঁলোকক সংসাৰৰ একঘেয়ামী ৰ পৰা মুক্ত কৰি জীৱন যুদ্ধত আগুৱাই যাবলৈ অনুপ্ৰেৰণা যোগায়। আশা হৈছে মানুহৰ জীৱনৰ অমূল্য ৰতন।

 তদুপৰি অন্যান্য কথাবোৰটো আছেই। “ আয় চাই ব্যয় “ বুলি কথা এটা আছে।ঘৰখনত পতি-পত্নী উভয়েই মিলি উপাৰ্জন অনুযায়ী ধন খৰচ কৰাৰ অভ্যাস গঢ়ি তোলা উচিত।অতি ধোঁৱাখুলিয়া, বাহ্যিক সাজ সজ্জা বা নাম কিনা স্বভাৱৰ মানুহে নিজৰ সাঁচতীয়া সকলো বিনা কাৰণত উৰুৱাই বিপদত লোকৰ ওচৰত হাত পাতিব লগা হয়৷ সেয়ে,প্ৰতি গৰাকী পতি- পত্নীয়ে মনত ৰখা উচিত যে, ভোগৰ দ্বাৰা লাভ কৰা যিকোনো আনন্দই ক্ষন্তেকীয়া হয়। বহু থাকিও সীমিত প্ৰয়োজনেৰে চলিব জনা দম্পতী সাংসাৰিক জীৱনত সুখী হয় বুলি বিজ্ঞজনে কয়।

 এখন ঘৰক কেন্দ্ৰ কৰি বিভিন্ন সমস্যাৰ উদ্ভৱ হ’ব পাৰে। আজিকালি ঘৰুৱা সমস্যাই একোখন সংসাৰ,ধুনীয়া ঘৰ থানবান কৰি পেলোৱা দেখা যায় আধুনিক বিশ্বৰ ই এক নীৰৱ মহামাৰী। এই মহামাৰী যাতে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰবাবে পতি-পত্নী উভয়ে সতৰ্ক থকা প্ৰয়োজন। যি কোনো এটা সমস্যা সম্পৰ্কে মুকলিকৈ আলোচনা কৰি,সমাধানৰ পথ উলিয়ালে যিমান ডাঙৰ সমস্যাই নহওক কিয়, হেলাৰঙে পাৰ কৰিব পাৰিব। মুকলিকৈ সকলো আলোচনা কৰিবৰ বাবে পৰিবেশে দুয়োগৰাকীয়ে গঢ়ি তুলিব লাগিব। পতি-পত্নীৰ বুজাবুজিয়েহে এখন ঘৰক সুখৰ আলয়লৈ পৰিণত কৰিব পাৰে।

 এনে বহু পত্নী আছে,যি কথাই কথাই স্বামীৰ ঘৰত মাতৃগৃহৰ কথা দোহৰাই থাকে কিন্তু, তেনে কৰাতকৈ স্বামীগৃহৰ

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড