পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬২

সদায় এটা স্তন ৰ পৰাহে গাখীৰ খুৱাব লাগে।

 গৰুৰ গাখীৰ এবছৰ নোহোৱাকৈ শিশুক দিব নালাগে। গৰু গাখীৰ খোৱা শিশুৰ এনিমিয়া,ডায়েৰীয়া বা এলাৰ্জি আদি বিভিন্ন ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। গৰু গাখীৰত জোখত কৈ বেছি মাত্ৰাত থকা প্ৰটিন ই শিশুৰ কিডনি ত বেয়া প্ৰভাৱ পেলায়। গৰু গাখীৰত ভিটামিন চি, ই আৰু কপাৰ পোৱা নাযায়। যিটো কেৱল মাকৰ গাখীৰত হে প্ৰচুৰ পৰিমাণে পোৱা যায়।

 মাতৃসকলে শিশুৰ জন্মৰ আগতে পৰা মানসিক ভাৱে নিজকে দুগ্ধপান কৰিবলে প্ৰস্তুত কৰিব লাগে ই এক মানসিক প্ৰক্ৰিয়া। সদায় হাঁহি মনে আৰু সুবিধাজনক ভাবে বহি এটা গাৰু কোঁচত লৈ তাত শিশুটোক শুৱাই দুগ্ধপান কৰিব লাগে। শুইশুই খুৱালে কেতিয়াবা শিশুৰ কাণত সোমোৱ পাৰে আৰু যাৰফলত ইনফেক্সন হোৱাৰ সম্ভাৱনা থাকে। গতিকে সদায় সতৰ্ক হোৱা উচিত হয় ক্ষেত্ৰত।

 ভাৰত বৰ্ষত বছৰি বহু শিশু পুষ্টিহীনতাত ভোগে আৰু মৃত্যু মুখত পৰে। কিন্ত ৬ মাহলৈ কেৱল মাকৰ গাখীৰ খালে এনে ধৰণৰ সমস্যা ৰ পৰা হাত সাৰিব পাৰি। এনিমিয়া ও আন এক সমস্যা যিটো বহু শিশুক দেখা দিয়ে কিন্তু মাকৰ গাখীৰ খোৱা শিশু সকলে এনে সমস্যাৰ পৰাও বাছি থাকে।


পতি,পত্নী আৰু হেঁপাহৰ ঘৰখন

আশাদীপা শইকীয়া

 “পৃথিৱীৰ সমস্ত ঠাই ঘূৰি আহিলেও ঘৰখনলৈ আহিলেহে শান্তি পোৱা যায় কাৰণ,ঘৰখন সুন্দৰকৈ সজাই-পৰাই পৰিচালনা কৰাৰ মূলতে এগৰাকী নাৰী।”

 এয়া অতীজৰে পৰা চলি অহা প্ৰবাদ।কোৱা হয়,বিবাহৰ পাছত এগৰাকী পত্নী বা বোৱাৰীৰ হাতৰ পৰশতে প্ৰাণ পাই উঠে ঘৰ এখনৰ চাৰিওফালৰ পৰিবেশ,নিৰ্জীৱ আচবাব-পত্ৰই। “ঘৰ” শব্দটো প্ৰত্যেকৰ বাবে বৰ আপোন,হেঁপাহৰ। ঘৰ সৰুৱেই হওক বা জুপুৰিয়েই হওক, ঘৰ সদায় ঘৰেই। ঘৰ এখন সজোৱাৰ বাবে জাকজমক সামগ্ৰীৰ প্ৰয়োজনীয়তাতকৈ বেছি প্ৰয়োজন ঘৰখনৰ সদস্যৰ মাজত থকা মিলাপ্ৰীতি,ভালপোৱা আৰু বিশ্বাসৰ। আৰু সেই একতাৰ এনাজৰীডাল মজবুত কৰি ৰখাৰ দায়িত্বও বেছিখিনি থাকে পত্নী বা বোৱাৰী গৰাকীৰ ওপৰত। কিন্তু, এতিয়া সময় সলনি হৈছে, মানুহৰ মানসিকতাৰ পৰিবৰ্তন হৈছে। ঘৰ এখন আটোমটোকাৰিকৈ ৰখাৰ বাবে বৰ্তমান সময়ত পত্নীৰ লগতে বহু ক্ষেত্ৰত পতিয়েও সমানে সহযোগিতা আগবঢ়োৱা দেখা যায়।

 বিশিষ্ট গৱেষক ডন্পল পাচিনোয়ে কৈছিল- “এখন ঘৰ হ’ল কৰ্ম জীৱনৰ ধুমুহা বৰষুণৰ পৰা নিষ্কৃতি পোৱাৰ আশ্ৰয়স্থল।”অৰ্থাৎ, পতিয়েই হওক বা পত্নীয়েই হওক, কৰ্মক্ষেত্ৰৰ পৰা আহি ঘৰখনত উপস্থিত হোৱাৰ পিছত মন-প্ৰাণ এক বিশেষ শান্তি আৰু সুখানুভূতিৰে ভৰি পৰা ঠাইখনেই হ’ল- ঘৰখন। যিখন গঢ়ি তুলিবলৈ পতি-পত্নী উভয়েই যত্নপৰ হোৱা উচিত।

 আমাৰ শাস্ত্ৰতো আছে—“ন গৃহঙ গৃহমিত্যাহু গৃহিনিং গৃহমুচ্যতে।” অৰ্থাৎ ঘৰক ঘৰ নোবেলে,গৃহিনীগৰাকীকহে ঘৰ বোলে। ঘৰ এখনৰ চৌপাশ,ফুলনিবাৰী,শাকনিবাৰী,পাকঘৰলৈকে প্ৰত্যেকটো বস্তুৱেই বহন কৰে নাৰী গৰাকীৰ ব্যক্তিত্ব তথা ৰুচিবোধ। কোনোখন ঘৰৰ পদূলিমুখৰ পৰাই দৃষ্টিগোচৰ হয় বিশৃংখল ঘৰুৱা জীৱনৰ চাপ। কোঠাৰ ভিতৰৰ বিশৃংখল সা-সামগ্ৰী,অপৰিষ্কাৰ চাৰিওকাষ,আলহীৰ সন্মুখত দমন কৰিব নোৱাৰা সন্তানৰ উৎপাত,পৰিয়ালৰ ব্যক্তি সকলৰ মাজত সদ্ভাৱৰ অভাৱ,তদুপৰি পতি-পত্নীৰ দৈনন্দিন কাজিয়াবোৰ ইত্যাদি কথাই প্ৰমাণ কৰে যে,ঘৰখনত থকা পতি-পত্নী দুয়োগৰাকী পৰিয়ালটো তথা ঘৰখন সুচাৰুভাৱে পৰিচালনা কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ।

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড