ভাস্কৰ আৰু মিছেছ শর্মা একেলগে বহি মদ গলাধকৰণ কৰিছে। অদিতি, প্ৰিছাহঁত একেলগে বহি কথাৰ মেল পাতিছে। উচ্ছল হাঁহিবােৰ গােটেই হলটোত ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিছে।
চুকৰ অন্ধকাৰ ঠাই এডােখৰ বাছি লৈ প্রতিবাৰৰ দৰেই সাংঘাতিকভাবে অপ্রস্তুত আৰু অস্বস্তিৰে মাথাে অকলে বহি ৰৈছে অমৃতা।
চাওঁ নাচাওকৈ এবাৰ অমৃতাই চাই পঠিয়ালে হ’লটোৰ সোঁফালে থকা ডাঙৰ আয়তাকাৰ টেবুলখন ঘেৰি বহি থকা মানুহজাকলৈ... চাই পঠিয়ালে মানুহজাকৰ মাজত ওঁঠত গম্ভীৰ হাঁহি লৈ বহি থকা অনুৰাগলৈ... অনুৰাগৰ কাষতে বহি থকা প্রাণচঞ্চল ছােৱালীজনীলৈ।
আগতেও দুবাৰমান লগ পাইছে অমৃতাই শ্যামলিমাক । যদিও আজিহে যেন ভালকৈ লক্ষ্য কৰিছে তাই ছােৱালীজনীক। মিঠা বৰণীয়া, দীর্ঘাঙ্গী ছােৱালীজনী..... সচাই ধুনীয়া। নীলা ৰঙৰ দীঘল গাওনটোৱে তাইৰ মুখখন অধিক কমনীয় কৰি তুলিছে। শ্যামলিমাই নিচেই কাষলৈ আহি কাণে কাণে কিবা কৈছে অনুৰাগক। অনুৰাগৰ মুখত বিয়পি উঠিছে এটি গম্ভীৰ হাঁহি। শ্যামলিমাও হাঁহি পৰিছে।
অমৃতাই মন কৰিছে, জলপ্রপাতৰ উচ্ছল তৰংগৰ দৰেই প্রাণচঞ্চল তাইৰ ওঁঠৰ হাঁহিটো। ওঠৰ হাঁহি বিয়পি গৈছে। ধুনীয়া চকুযুৰীলৈও।
এপাকত তাই অনিৰুদ্ধৰ বাওঁহাতখন তাইৰ সোঁহাতখনেৰে মেৰিয়াই ধৰি টানি নমাই লৈ গৈছে ডান্স ফ্লুৰত। অমৃতাই মন কৰিছে অনুৰাগৰ দুচকুত নাই কোনাে দ্বিধা, নতুবা অকণমানাে অস্বস্তিৰ ভাৱ। অকণাে মানা নকৰাকৈ অভ্যস্তৰ দৰে পাতলকৈ হাঁহি তাইৰ পিছে পিছে নামি গৈছে সি।
এটি গীত শেষ হৈ অন্য এটি ৰােমান্টিক ইংৰাজী গীত বাজি উঠিছে। সংগীতৰ সুমধুৰ সুৰ, অস্বচ্ছ পােহৰ, আৰু ৰঙীন পানীয়ৰ গােলাপী আভাত মায়াময় হৈ পৰিছে ডান্স ফ্লুৰ। দুলি উঠিছে ৰঙীন শৰীৰবােৰ। মানুহজাকৰ মাজত লাহে লাহে গীতৰ তালত দুলি উঠিছে অনুৰাগ আৰু শ্যামলিমাও।
দুচকু জপাব খুজিও জপাব পৰা নাই অমৃতাই।
স্থিৰ নয়নে চাই ৰৈছে মাথাে অনুৰাগ আৰু শ্যামলিমালৈ। বাৰে বাৰে তাইৰ দৃষ্টি, সমস্ত মনােযােগ কেন্দ্রীভূত হৈ ৰৈছে অনুৰাগ আৰু শ্যামলিমাৰ ওপৰত।
শ্যামলিমাই দুয়ােখন হাত অনুৰাগৰ কান্ধত থৈ গভীৰ দৃষ্টিৰে চাই ৰৈছে অনুৰাগৰ দুচকুলৈ। শ্যামলিমাৰ দুচকুত স্পষ্টকৈ ধৰা দিছে অনুৰাগৰ প্রতি তাইৰ অন্তৰৰ দুৰ্বাৰ আকর্ষণ। অনুৰাগেও চাই ৰৈছে শ্যামলিমালৈ।
নকৰাে বুলি ভাবিও বাৰে বাৰে অমৃতাই নিৰীক্ষণ কৰিছে, বুজিবলৈ চেষ্টা কৰিছে বগা গ্লাছৰ আঁৰৰ গম্ভীৰ চকুহালৰ ভাষা....।
কি আছে সেই চাৱনিত?
প্রকাশ পাইছে নেকি সেই চাৱনিত কিঞ্চিত মানাে আকর্ষণ, প্রেম, নতুবা অন্য কিবা ?
নাই ... নাই । দুর্বোধ্য সেই চাৱনি।
অনুৰাগৰ দুচকুত প্রেম জিলিকি উঠা দেখা নাই তাই।
লুণীয়া সােৱাদ এটি অমৃতাৰ ওঁঠত লাগিল।
‘আস’
আকৌ টপটপকৈ সৰিব ধৰিছে দুচকুৰে তপত চকুলাে তাইৰ অজানিতে।
সলনি হৈ গৈছে সকলাে ...সলনি হৈছে অনুৰাগো। স্থবিৰ হৈ ৰৈছে মাথাে তাই... এবুকু দুখ, যন্ত্রণা আৰু অতীতৰ সুমধুৰ প্ৰেমৰ ছায়াছবি বুকুত সাৱটি।
অনুৰাগৰ শ্যামলিমাৰ সৈতে অন্তৰংগতা, ঘনিষ্ঠতা দেখি বুকুখনত অসম্ভৱ ধৰণৰ বিষ এটা অনুভৱ কৰিছে তাই। ঈর্ষান্বিত হৈছে নেকি বাৰু তাই এই ধুনীয়া, সাহসী, ছােৱালীজনীৰ প্ৰতি?