পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬

 নাই নাই। তাই ঈর্ষা কেনেকৈ কৰিব পাৰে! সেই অধিকাৰ তাইৰ নাই।

 অনুৰাগৰ একো প্রয়ােজন নাই, অতীতৰ প্ৰেমৰ পুৰণি স্মৃতি খেদি মৰিচিকাক দিঠক বুলি সাৱটি লােৱাৰ। তথাপিও যে অন্তৰখন কান্দি উঠিছে। কিয় তাই অতীতৰ স্মৃতিক অতীততে সামৰি থব পৰা নাই?

 কিয়? কিয় ?

 প্রেমময় সেই অতীতৰ স্মৃতিবােৰ বৰ্তমানত আহি অমৃতাৰ অন্তৰত নতুনকৈ কেঁচা ঘাঁ এডোখৰৰ সৃষ্টি কৰিছে। সেইদিনাখনলৈকে যি অতীতৰ স্মৃতিয়ে তাইক জীয়াই থকাৰ সাহস প্ৰেৰণা যােগাই আহিছিল, আজি সেই অতীতৰ স্মৃতিয়ে তাইক বুকুত দিছে অসহ্য যন্ত্রণা।

 আস’ অসহ্য এই বিষ।

 এজুলুকা অশ্রুৰ ভৰত পুনৰ গধুৰ হৈ আহিছে দুচকু... অবাধ্য হৈ বৈ আহিছে দুগালেদি অশ্রুধাৰা। অশ্রু নহয় যেন কলিজাৰ ৰঙা তেজহে।

 নাই আৰু নােৱাৰি।

 দুখবােৰ আৰু সহি থাকিব নােৱাৰি।

 উচাত মাৰি উঠি অকণমান আগুৱাই গৈ তাই ৱেইটাৰ এজনক মাতিলে কাষলৈ। কম্পিত হাতেৰে তাই তুলি ললে ৰঙীন পানীয়ৰে ভৰি থকা এটি স্বচ্ছ গ্লাছ।

 আগ পিছ নুগুনি এঢোক এঢোককৈ গিলি দিলে তাই সেই পানীয়.....৷

 বুকুখন জ্বলি গৈছে। হৃদয়খন যেন জ্বলি চাৰখাৰ হৈ গৈছে।

 ক্ষন্তেক দুচকু মুদি থিয় হৈ ৰল তাই।

 হঠাতে তাই অনুভৱ কৰিলে এখন কঠিন শীতল হাতে মেৰিয়াই ধৰিছে তাইৰ লাহী কঁকাল...পিঠি। কাণৰ নিচেই কাষত স্পষ্ট অনুভৱ কৰিলে কাৰােবাৰ ঘন নিশ্বাস।

 : মিষ্টাৰ মেহতা।

 গধুৰ চকু দুটিৰে বিস্মিত দৃষ্টিৰে তাই চাই ৰল মিষ্টাৰ মেহতাৰ মুখলৈ। তীব্র খঙত, ঘৃণাত সংকুচিত হৈ উঠিল তাই।

 কিমান নিলাজ মানুহ!

 অলপ আগলৈকে সকলােকে দেখুৱাই নিজৰ পত্নীক আঁকোৱালি ধৰি সকলাে নিমন্ত্রিত অতিথিক হাঁহিমুখেৰে আদৰ সম্ভাষন জনােৱা মানুহজনৰ এয়াই প্রকৃত ৰূপ!! শৰীৰৰ সমস্ত শক্তি গােটাই তাই আচাৰ মাৰি পঠিয়ালে সেই কঠিন শীতল হাত।

 : কাম অন। মিছেছ দত্ত। লেটছ হেভ ফান। আই এম চিওৰ ইউ ৱিল লাভ মাই কম্পেনি।

 তীব্র কঁপনি উঠিছে তাইৰ শৰীৰত। কি কৈছে এইবােৰ মিষ্টাৰ মেহতাই।

 : আই প্রমিজ ইউ ৱিল এনজয়।

 তাইৰ ক্ষন্তেকৰ মৌনতাক সন্মতি বুলি ভাবি পুনৰ দুখােজ আগুৱাই আহিল মিষ্টাৰ মেহতা সামান্য থৰক বৰক খােজেৰে। অমৃতাই তলকিব পৰাৰ আগতেই সজোৰে সাৱটি ধৰিলে সি তাইক।

 : আই এম দায়িং টু বি ৱিদ ইউ।

 তীব্র ঘৃণাত কঁপি উঠিল তাইৰ অন্তৰাত্মা। শৰীৰৰ সমস্ত শক্তি গােটাই তাক ঠেলা মাৰি দি থুৱাই দিলে মুখত। কিছুপৰ খঙত নির্বাক হৈ শকত আৱত মানুহজন চাই ৰল অমৃতাৰ মুখলৈ।

 : ইউ বিটছ।

 পিছমুহূর্ততে তীব্র খঙত, অপমানত কপি উঠিল তেওঁ। শংকিত, ঘৃণা মিশ্রিত দৃষ্টিৰে অমৃতাই কি কৰাে কি নকৰােকৈ চাই ৰল মানুহজনৰ খঙত বিকৃত হৈ উঠা মুখখনলৈ।

 মিষ্টাৰ মেহতাই নিজৰ বাওঁহাতখনেৰে তাইৰ হাত খন সজোৰে ধৰি তাইৰ গালত চৰ এটা মাৰিবলৈ উদ্যত হ’ল। বিপদ অনুমান কৰি তীব্ৰ চিঞৰ এটা মাৰি মুখখন সিফাললৈ ঘূৰাই দিলে তাই।

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড