পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪

শুনি চিন্তাৰ মেৰপাকত পৰিছে সি। কাৰণটো হৈছে ভাস্কৰ দত্তৰ নামৰ সৈতে জড়িত আন এটি নাম .. অমৃতা।

 অমৃতাৰ স্বামী ভাস্কৰ দত্ত। ভাস্কৰ দত্তই কষ্ট পালে অমৃতাই কষ্ট পােৱাটো স্বাভাৱিক, আৰু সেইটো নিবিচাৰে সি। কিন্তু তাতােকৈ বেছি আচৰিত হৈছে সি শ্যামলিমাই পিছত কৈ যােৱা কথাবােৰ শুনি।

 “তেওঁৰ প্রথম পত্নীৰ স্বাভাৱিক মৃত্যু হােৱা নাছিল। আত্মহত্যা কৰিছিল। তেখেত প্রাইম ছাছপেক্ট আছিল সেই ঘটনাৰ। কিন্তু প্রমাণৰ অভাৱত বাচি গৈছে। তেখেত মানুহজন সাংঘাতিক অত্যাচাৰী স্বভাৱৰ বুলিও শুনিছাে৷ বহু নাৰীৰ লগত তেখেতৰ অবাধ সম্পর্ক। আৰু মই জনা মতে তেখেতৰ পত্নী এই ক্ষেত্ৰত সম্পূর্ণ নিমাত। ছি ইজ এ ভেৰি ভেৰি ছিমপুল লেদি।”

 : তুমি তেওঁৰ ৱাইফক চিনি পােৱা ?

 : হুম । লগ পাইছোঁ মই তেখেতক কেইবাবাৰাে। খুব কম কথা কয়। মানুহজনী সাংঘাতিক অন্তর্মুখী স্বভাৱৰ। পার্টিত আহে কিন্তু পার্টিত অকণাে ইনভলভ নহয়।

 বহু কথাই ভাৱিবলৈ বাধ্য হৈছে সি।

 ভাস্কৰ দত্তৰ এই ৰূপ নাজানে সি। কেনেকৈ জানিব? সি জানাে কেতিয়াবা জানিবলৈও চেষ্টা কৰিছে যােৱা পােন্ধৰ বছৰে।

 অনিৰুদ্ধ আৰু শ্যামলিমাই চিনাকি সকলােকে সৌজন্যমূলক হাঁহি মাৰি মাত লগাই গৈছে। দুই এজনৰ বাদে প্রায়ভাগেই চিনাকি।

 অনিৰুদ্ধ আৰু শ্যামলিমাক দেখি মিষ্টাৰ মেহতা আৰু মিছেছ মেহতা দুয়াে আগুৱাই আহি হাঁহিমুখেৰে সম্ভাষণ জনালে।

 আৰু কেইজনমান বন্ধু আগুৱাই অহাত সকলাে একেলগে বহি পৰিল এখন সুসজ্জিত ডাঙৰ আয়তাকাৰ টেবুল ঘেৰি।

 অমৃতা আহিছে নেকি বাৰু এই পার্টিত?

 ইফালে সিফালে অনিৰুদ্ধই এবাৰ এনেয়ে চাই পঠিয়ালে। তাৰ দৃষ্টি নিৱদ্ধ হল সামান্য দূৰত্বত এখন টেবুল ঘেৰি বহি থকা ভাস্কৰ, মিছেছ শর্মা, আৰু কেইগৰাকীমান বন্ধু আৰু বন্ধুপত্নীলৈ।

 নাই অমৃতা নাই।

 বিপ্লৱৰ ৱাইফ অদিতিৰাে দেখা দেখি নাই।

 ভাস্কৰ আৰু মিছেছ শৰ্মাৰ মাজত থকা ঘনিষ্ঠ সম্বন্ধৰ কথা কৈছে তাক শ্যামলিমাই। দুয়াে এতিয়াও একেলগে বহি ড্রিংকচ কৰি আছে। সি লক্ষ্য কৰিছে কথাই কথাই ভাস্কৰৰ গাত হালি পৰি কেনেকৈ চঞ্চলা কিশােৰীৰ দৰে হাঁহি উঠিছে মিছেছ শৰ্মা৷

 প্রথম বাৰৰ বাবে হাজাৰ প্রশ্নই একেলগে তাৰ বুকুত খুন্দিয়াইছেহি।

 অমৃতা সুখীনে ভাস্কৰ দত্তৰ লগত?

 অমৃতাই জানেনে ভাস্কৰ দত্তৰ এই অবাধ নাৰী খেলা?

 মান, সন্মান, মর্যাদা, মৰম, আদৰ পাইছেনে তাই ভাস্কৰ দত্তৰ পৰা ?

 সুৰক্ষিত নে তাই এই মানুহজনৰ লগত?

 আন্ধাৰ পােহৰে আৱৰি ৰখা ঠাই এডােখৰত অকলে বহি ৰৈছে অমৃতাই ... নীৰৱে চাই ৰৈছে তাই ৰঙীন মানুহজাকলৈ। অলপ আগলৈকে অদিতি তাইৰ লগতেই আছিল।

 ফলাক্ষী, প্রিছাহঁতৰ সৈতে বহি তাইও এতিয়া ড্রিংকচ কৰিছে। অদিতিয়ে জোৰ কৰা সত্ত্বেও তাইৰ লগত নগ’ল অমৃতা।

 এই ৰঙীন আলােকসজ্জা, বিলাতী সুৰাৰ গােলাপী নিচাত ৰঙীণ হৈ উঠা মানুহজাক, বার্ধক্যইও বান্ধি ৰাখিব নােৱাৰা অর্ধনগ্ন মহিলাজাক, সিহঁতৰ হাঁহি খিকিন্দালি....একোৱেই যে সহ্য হােৱা নাই তাইৰ। এই কৃত্রিম ৰঙীন পৰিৱেশত কৈ চুকৰ অন্ধকাৰেই তাইৰ কাম্য।

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড