পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৬

হৈ বুজি পাইছো সকলো ...। সেইবোৰ আছিল বিনা দোষৰ শাস্তি, পুৰুষ হৈ নাৰীক দমন কৰি ৰখা একোটা উপায়। আজি কিয় নিজৰ ঘৰখনৰ সলনি এই আশ্ৰমত থাকিব লগা হ'ল মই আৰু মোৰ দৰে সকলো ..? মোৰ মা ভাইটি ক'ত আছে সেয়াও নাজানো মই ...!! এয়া কি জীৱন??
 ভাৱি ভাৱি কান্দি থাকিল তাই তেনেকৈয়ে ..
 সুদীৰ্ঘ পাঁচবছৰ শৰতে বিয়াৰ বাবে ৰৈ আছে দশমীলৈ ... কিন্তু দশমীয়ে এটাই উত্তৰ দি আহিছে। মনৰ আবেগ  অনুভূতিবোৰ শুকাই গৈছে যেন তাইৰ ...।
 বহু সময় তাতেই বহি থাকিল তাই।
 হঠাৎ কলিং বেলটো বাজি উঠিল।
দেখা পালে এজন ল'ৰাক ধৰি ধৰি লৈ আনি আছে পূৰৱী আৰু শৰতে ..
 :কোন হয় বাইদেউ এওঁ?? কি হৈছে ...?
 মীনুয়ে ভাৱে চিত্ৰ দেখা পাই দশমী দৌৰি আহিল দুৱাৰ মুখলৈ ...
 ল'ৰাজনক বিছনাত শুৱাই থৈ শৰতে বাহিৰ হৈ গাড়ীখন আনিবলৈ দৌৰিল।
 :মা এইজন দেখোন দিনত লগ পোৱা ল'ৰাজন ... কি হ'ল তেওঁৰ ...?
 :তাকে দশমী .. শৰৎ থকা বুলিহে আজি এনেদৰে উশাহ লৈ আছে সি ... নহ'লেটো আজি কি হৈ গ'লহেঁতেন!! বাইকৰ পৰা পৰি গৈছিল আমাৰ সন্মুখতে, তেনেতে সন্মুখৰ পৰা তীব্ৰবেগী নিয়ন্ত্ৰণ হেৰুওৱা বাহন এখন আহি আছিল .. শৰতে দৌৰি গৈ কিবাকৈ তাৰ প্ৰাণ ৰক্ষা কৰিছে ..। নহ'লে আজি কি হ'লহেঁতেন , সেয়া কেৱল ঈশ্বৰেহে জানে!!
 :কি...?
 :ও দশমী ... শৰতে গাড়ীখন অনাৰ পাছত তাৰ গাড়ীতে এওঁক ঘৰলৈ লৈ যামগৈ ...।
অলপ ভাল পাইছানে বাবা?
 ল’ৰাজনে কেৱল মূৰটো দুপিয়ালে...। হাতেৰে ইংগিত দি পানী খুজিলে। দশমীয়ে এগিলাচ পানী আনি খুৱাই দিলে তাক...
 তেনেতে শৰতো সোমাই আহিল ....।
ওমা.. ব’লক ... তাক ঘৰত থৈ অহাৰ ব্যৱস্থা কৰোঁ...!
 :ময়ো যাম ...
 দশমী চিএৰি উঠিল...
 :তই কিয় যাব লাগে? আমি তাক থৈয়েই আহিম...
 :মোকো যাবলৈ দিয়া মা ... প্লিজ...
পূৰৱী, দশমী , শৰৎ আটাইকেইজন ওলাল যাবলৈ ল’ৰাজনৰ ঘৰলৈ ...। তাক ধৰি ধৰি গাড়ীত বহুৱাই দিলে ...।
 ডেৰঘন্টা মান বাট অতিক্ৰম কৰি তাৰ ঘৰ পালে ...। এটা পৰিত্যক্ত ঘৰ ... দুৱাৰত তলা লগোৱা.. ল'ৰাজনে তেনে অৱস্থাৰেই পকেটৰ পৰা ছাৰি উলিয়াই দিলে ... পূৰৱীয়ে দুৱাৰখন খুলি সোমাই গ'ল ... বিছনাত এখন মলিন আঁঠুৱা লাগি আছে ... চাৰিওফালে ছেদেলি-ভেদেলি হৈ আছে বস্তুবোৰ .. ভিতৰত গৈ বহাৰো অকন ঠাই নাই...। বিছনাখান লৰালৰিকৈ অলপ ভাল কৰি দি পূৰৱীয়ে তাক শুৱাই দিলে,
দশমী পৰিবেশবোৰ দেখি ঠৰ লাগি ৰ'ল ...। কিবা যেন ধোৱা ধোৱাকৈ এটা দুটা স্মৃতি ভাহি আহিল মনলৈ ...। সকলোবোৰ চালে ভালদৰে ... কোঠাৰ বেৰত আঁৰি থোৱা ধূলিৰে আৱৰা ফটো এখনলৈ চকু গ'ল তাইৰ হঠাৎ.. ধূলিখিনি চাফা কৰি হাতত ল'লে ফটোখন ...
হয় ,এয়া দেখোন তাইৰ মাক ... ভালদৰে চিনি পাইছে তাই ...। কাষত অত্যাচাৰী দেউতাক ...। দুটোপাল চকুলো নিগৰি আহি ফটোখনতে পৰিল...। কিন্তু .. তাই ক'লৈ আহিছে ...?? ওঠৰ বছৰ আগতে এৰি যোৱা ঘৰখনেই এইখন নেকি ? তেন্তে সেই ল'ৰাজন??
 দশমী দৌৰি গৈ তাৰ কাষ পালে ... বাবা বুলি মাতি গাল দুখন মোহাৰি দিলে ... শৰৎ আৰু পূৰৱীয়ে অবাক হৈ চাই

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড