পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৭

ৰ’ল... ল’ৰাজনেও একো উমান নাপালে ... সাৱটি ধৰি বুকুখনতে মূৰটো থৈ কান্দিবলৈ ধৰিলে ...

 : দশমী ...? কি হৈছে?

 পূৰৱীয়ে দশমীক দুবাহুত ধৰি উঠাই দি সুধিলে ...

 তাইৰ হাতত থকা ফটোখন মাকক দিলে ... “চিনি পাইছানে মা?

 : ভাৰতী ...?

 অলপ সময় ভাৱি হঠাৎ চিঞৰি উঠিল পূৰৱী ..।

 এইখন ভাৰতীৰ ঘৰ নেকি? মানে...??

 : আঁ’ মা ... এয়া মোৰ ভাইটি

 ল’ৰাজনে একো বুজিব পৰা নাছিল কি হৈ আছে? আচৰিতভাৱে চাই ৰৈছে দশমীৰ ফালে ..?

 : মা কত বাবা? আৰু ....!!!!!

 : মই একো বুজা নাই ... ভাৰতী মোৰ মাৰ নাম আছিল... কিন্তু আপোনালোকে কেনেকৈ জানিছিল তেওঁক?

 মই তোৰ বায়েৰ হওঁ বাবা ...।

 : কি.....??

 : বহু বছৰ আগতে দেউতাৰ অত্যাচাৰ সহিব নোৱাৰি ওলাই গৈছিলোঁ মা আৰু মই শান্তি বিচাৰি .. কিন্তু মোক মায়ে এইজনী মাৰ হাতত গটাই গুচি আহিছিল আকৌ তোৰ কাষলৈ ..। আৰু ভগৱানৰ কি খেলা, আজি পুনৰ মোৰ ঘৰখনলৈ লৈ আনিলে মোক ..। তোকো লগ কৰাই দিলে ... হয়তো এয়া দুৰ্গা মাৰেই মহিমা ...। কিন্তু মা ক’ত ...?

 : মা মই জনা নহওঁতেই ঢুকাল ... দেউতাও আজিৰ পৰা প্ৰায় দুবছৰ আগত অত্যধিক মদ সেৱনৰ ফলত লিভাৰ নষ্ট হৈ এই সংসাৰৰ পৰা বিদায় ল’লে ..। দেউতাই মৃত্যুৰ আগমুহূৰ্তত মোৰ এজনী বাইদেউ আছে বুলি কৈ থৈ গৈছিল, পাৰিলে বিচাৰিবলৈও কৈছিল। কিন্তু মই ক’ত কেনেকৈ বিচাৰোঁ, মোৰ হাতত একো তথ্য নাছিল। কিন্তু ভগৱানৰ লীলা ..মই তোক লগ পালোঁ .. তাৰমানে তয়েই মোৰ দৰদী বা???

 : আঁ’ বাবা ...

 কিবাকৈ শুৱাৰ পৰা বহি সি দশমীক সাৱটি ধৰিলে... হুকহুকাই কান্দি পেলালে দুয়ো... শৰৎ আৰু পূৰৱীৰো আনন্দ চকুলো নিগৰিল

 পূৰৱীয়ে দশমীৰ ভায়েক সীমান্তকো আশ্ৰমলৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে .... শৰতৰ গাড়ীত উঠিবলৈ ক’লে ...।

 তেনেতে দশমী দৌৰি আহি শতক হাত যোৰ কৰি ক’লে...

 : মোক ক্ষমা কৰি দিয়া শৰৎ.। মই তোমাক বহুত দুখ দিছোঁ ...। কিন্তু তুমি মোৰ কাৰণে এই আশ্ৰম খনৰ কাৰণে কিমান কৰিলা ... আজি মোৰ একমাত্ৰ ভাইটিকো তোমাৰ কাৰণেই পালোঁ পাৰা যদি মই কৰা ভুলবোৰ মাফ কৰি দিবা শৰৎ...।

 তুমি মাফ খুজি মোক লাজ নিদিবা দশমী।... তোমাৰ মনৰ বেদনাবোৰ নজনাকৈ মই কেৱল মোৰ প্ৰস্তাৱ ৰাখি গ’লো ...। কেতিয়াও জানিব চেষ্টা নকৰিলো কি কাৰণত তুমি বিবাহ নামৰ পৱিত্ৰ শব্দটোক ইমান ভয় কৰা। মই এতিয়া সকলো জানিছোঁ।

 সীমান্ত ভালদৰে সুস্থ হৈ উঠাৰ পাছত শৰৎ আৰু দশমীৰ বিয়াৰ কথা চলিল ...। শৰতৰ মাক দেউতাক আহিল আশ্ৰমলৈ দশমীক চাবলৈ.... মৰমেৰে আঁকোৱালি ল’লে তেওঁলোকেও দশমীক ....। বিয়াৰ আয়োজন চলিল .. , শৰতে আশ্ৰমৰ সন্মুখতে এটা ফ্লেট ল’লে।

 আৰম্ভ হ’ল দশমীৰ এটি নতুন অধ্যায়ৰ এটি নতুন জীৱনৰ ...।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড