পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৫

 তই কেৱল ঋণাত্মক দিশবোৰ দেখিছ .. কাৰণ তই এই সম্বন্ধটোৰ বিষয়ে ভুল ধাৰণা এটা সাঁচ বহুৱাই লৈছ মনত ...। সুখ দুখ জীৱন নামৰ মুদ্ৰাটোৰ ইপিঠি সিপিঠি। সকলোৰে জীৱনত সুখ দুখ ৰািজমান .. হয়তো সকলোৰে কাৰণবোৰ বেলেগ বেলেগ। মানুহ এজনে যিমানেই সুখী নেদেখুৱাওক কিবা এটা দুখ থাকিবই জীৱনত ..। দুখ পাবি বুলিয়েই জানো জীৱনৰ সুখবোৰ নোলোৱাকৈ থাকিবি! শৰৎ বহুত ভাল ল'ৰা দশমী.. তোক বহুত সুখত ৰাখিব ...! তই কিয় বুজিবলৈ চেষ্টা কৰা নাই..? কিমান সহায় কৰে আমাক , এই আশ্ৰম খনৰ নামত...? মোৰ বয়স হৈ আহিছে .. তোৰ ভৱিষ্যত কি হ’ব ..? মোক শান্তিত মৰিবলৈ দে , নহ'লে কি বুলি শান্তি পাব মোৰ আত্মাই??
 “মা নক’বা তেনেকৈ “ বুলি কৈ দশমীয়ে পূৰৱীক সাৱটি কান্দিবলৈ ধৰিলে ...।
 চোফাখনতে শুই পৰিছিল দশমী..। সকলো ওলাই গৈছিল অষ্টমী পূজা চাবলৈ...।
 আন্ধাৰ নামিছিল তেতিয়া ... পূজা মণ্ডপৰ পৰা ভাহি আহিছিল মাদলৰ ধ্বনি , দুৰ্গা বন্দনাবোৰ মিঠা সুৰ...
 দশমী ওলাই গৈছিল পদূলিলৈ. শৰতত ফুলা শেৱালিৰ সুৱাসে মতলীয়া কৰিছিল তাইৰ মন ..। এজাক সেমেকা বতাহে পৰশ দি গৈছিল তাইৰ দেহত ...। কোমাল জোনাকৰ পোহৰত পদুলিত থকা গছৰ পাতবোৰ জিলিকি উঠিছিল ...।
 দশমী...
 পুৰুষৰ কণ্ঠস্বৰত দশমীৰ দেহটো কঁপি উঠিল ..
 পিছফালে ঘূৰি দেখিলে শৰৎ ৰৈ আছিল গেটতে...
 :তুমি আকৌ আহিলা যে? মাহঁত নাই পূজালৈ গৈছে ..। নে কোনো নাই বুলি জানি বুজি...!
 :তুমি যিটো অৰ্থত কৈছা মই তেনেকুৱা ভাৱত অহা নাই ইয়ালৈ দশমী..।মই জানো তোমাৰ মনত প্ৰেম ভালপোৱাৰ একো মূল্য নাই ..। কিন্তু সেইবুলি তুমি মোৰ প্ৰতি মিছা সন্দেহ ভাৱ নানিবা!!
 :.....!!!
 মনে মনে থাকিল তাই ...
 :তোমাৰ মনত সোমাই থকা সেই প্ৰেমৰ সংজ্ঞাটো ভুল ..। আমাৰ হাতৰ আঙুলিবোৰ জানো সমান , পৃথিৱীখনত কিমান মানুহ আছে সকলোবোৰ জানো দেখাত একে?? তেনেকৈ সকলো মানুহৰ মনবোৰো বেলেগ বেলেগ..। বিবাহ দুখন হৃদয়ৰ মিলন , প্ৰেম এক স্বৰ্গীয় অনুভূতি ... কিন্তু যিয়ে এই সম্বন্ধবোৰক স্বাৰ্থপূৰণৰ বাবে ব্যৱহাৰ কৰে তেতিয়া ই ৰূপ লয় বিচ্ছেদৰ ...। মই তোমাক বহুত ভাল পাওঁ দশমী .. মোৰ হৃদয়ৰ স্পন্দনবোৰ কেৱল তোমাৰ বাবে ... কিন্তু তাৰমানে এয়া নহয় যে মই তোমাক জোৰ কৰি এই সম্বন্ধ গঢ়িম ...। উহু ... সেইটো ভুল নাভাৱিবা কেতিয়াও ...। অপেক্ষা কৰিম তোমালৈ হয়তো মৃত্যুৰ আগ মুহূৰ্তলৈ ... কিন্তু তথাপি তোমাক জোৰ নকৰো দশমী ..
 বেয়া নাপাবা ... অন্তৰৰ আবেগবোৰ ওলাই গ'ল অজানিতে ..! আচলতে মায়ে ম'বাইলটো এৰি গ'ল, তাকেই নিবলৈ পঠিয়াইছিল তেওঁ...। সেয়েহে আহিব লগা হ'ল .... মই পূজাথলীতেই আছিলোঁ ...
 শৰতৰ কথাত নিস্তব্ধ হৈ ৰৈছিল দশমী...। দুধাৰি চকুলো নিগৰি আহিছিল ...। সি ভিতৰলৈ সোমাই গৈছিল ম'বাইলটো আনিবলৈ...।
 আহিছোঁ দশমী ..
 দশমীক মাত লগাই ম'বাইলটো লৈ ওলাই গৈছিল শৰৎ ...
 দশমী লাহে লাহে খোজ দি ঘৰৰ ভিতৰ সোমাইছিল॥ বহি ৰৈছিল মজিয়াখনতে .. আঁঠুটোতে মূৰটো গুজি উচুপিছিল তাই..। শৰতে কোৱা এটা এটা শব্দ কানত বাজি উঠিছিল...
 :মই কি ঘৰ এখনৰ পৰা আহিছো তুমি নাজানা শৰৎ..! দেউতা নামৰ অসুৰজনে মাক বিনা দোষত কৰা অত্যাচাৰবোৰ বোৰ দেখা নাই তুমি..। আৰু তুমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিবা..। সেইমানুহজনে যেতিয়া মাক কোবাইছিল সেই শব্দত মোৰ দেহটো জোকাৰি গৈছিল ..। দেউতাৰ মৰম কেনেকুৱা নুবুজিলোঁ আজিলৈ ..! মাৰ শৰীৰত থকা কলা কলা দাগবোৰ, অন্তৰত জ্বলি থকা জুইকুৰা মই দেখিছিলো শৰৎ..। এয়া কেনেকুৱা বিবাহ? য'ত কেৱল নিৰ্যাতন , ক্ৰন্দন, ভোক ...। কিমান ৰাতি একো নোখোৱাকৈ পোহৰ কৰিছো , কেৱল মই জানো ...। তেতিয়া সৰু হৈ আছিলোঁ, বুজিব পৰা একো সামৰ্থই নাছিল ... মায়ে কৈছিল সৰুৱে দুষ্ট কৰে ডাঙৰে গালি পাৰে ... তেতিয়া ভাৱিছিলো মায়ে চাগে কিবা দুষ্ট কৰিছে...। কিন্তু ডাঙৰ

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড