পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪২

 : নাই নাই ... অসমতেই ভাল লাগে মা ..! দশমী নাই নেকি..? তাই কিবা সিদ্ধান্ত ল’লেনে ..?

 : নাই অ’ বাবা ..। সেই একে ঠাইতে আছে তাই ..। প্ৰেম ভালপোৱা বিয়া এইবোৰ তাইৰ কাৰণে এটি এটি বিষাক্ত শব্দ..। কি বুলি যে বুজাওঁ তাইক .., মই ভাৱিয়েই নাপাওঁ

 : তাইক মই বহুত ভালপাওঁ মা...। তাইক মই গোটেই জীৱন সুখত ৰাখিম যদি তাই সেইকন সুবিধা দিয়ে... তাই কিয় তেনেকুৱা কৰি আছে মই বুজিব পৰা নাই..!

 : মই জানো বাবা...। কিন্তু ...!!!!! তুমি অহা গ’ম পাই তাই পাছফালৰ বাৰান্দাতে আছেগৈ .. যোৱাগৈ ... বুজোৱা তুমিয়েই...।

 ১৮ বছৰ আগতে বিবাহ বিচ্ছেদ হোৱা স্বামীৰ পৰা নিৰ্যাতিত এগৰাকী মহিলাই লৈ আনিছিল দৰদীক দুৰ্গা মন্দিৰটোলৈ ...। সেইদিনা আছিল বিজয়া দশমী ..। পূজা মণ্ডপতে দুৰ্গামাৰ প্ৰতিমা বিসৰ্জনৰ কামত ব্যস্ত আছিল পূৰৱী..। সন্মুখত দেখিছিল আউলি বাউলি চুলি, অপৰিপাটী কাপোৰেৰে এটি মৰমলগা কণমানিৰে সৈতে এগৰাকী মহিলা...। কান্দি কান্দি বহি আছে পূজা মণ্ডপৰ সন্মুখতে ...। সমিতিৰ মানুহ দুই এজনে ওচৰতে ৰৈ চাই আছে ...। কিন্তু সেই অসহায় মহিলাগৰাকীক সহায়ৰ হাত আগবঢ়াবলৈ কোনো এজনো আগবাঢ়ি নগ’ল ..। পূৰৱী দৃশ্যবোৰ চাই সহি থাকিব নোৱাৰি আগুৱাই গ’ল মহিলাগৰাকীৰ কাষলৈ ..।

 : কি হৈছে তোমাৰ ..? কিয় এনেকৈ কান্দি আছা কনমাণিজনী লৈ?

 : আমাক কিবা অলপ খাবলৈ দিয়ক বাইদেউ..। কালিৰ পৰা একো এটা খোৱা নাই ছোৱালীজনীয়ে...।

 : ব’লা ব’লা তোমালোকে মোৰ ঘৰলৈ ...।

 তেনেকৈ লৈ গৈছিল পূৰৱীয়ে নিজৰ ঘৰলৈ দৰদী আৰু দৰদীৰ মাক ভাৰতীক।

 দুয়োজনক ধুনীয়াকৈ খাবলৈ দিছিল ... বৰ তৃপ্তিৰে খাইছিল ভাতসাজ দুয়ো ..। পূৰৱীও শান্তি পাইছিল মনত দুয়োকো খুৱাবলৈ পাই। খাই উঠাৰ পাছতে পূৰৱীয়ে সুধিছিল ভাৰতীক কি পৰিস্থিতিত পৰি আজি এনেকুৱা অৱস্থা হ’ল সিঁহতৰ ..। ভাৰতীয়ে সকলো বিৱৰি ক’বলৈ আৰম্ভ কৰিছিল ক’বলৈ...

 : কি কম বাইদেউ .. বিয়াৰ দিন ধৰি কেৱল মানুহজনৰ পৰা মাৰ গালি খায়ে ছয়-সাত বছৰ কটালো .. কিন্তু যোৱা ৰাতি যেতিয়া ছোৱালীৰ ওপৰত আহিল কথবোৰ সকলো এৰি গুচি আহিলোঁ বাইদেউ..!

 কথাখিনি কৈ হুকহুকাই কান্দি পেলালে ভাৰতীয়ে..। কাষতে বহি থকা দৰদীয়ে মাকৰ চকুপানীখিনি মচি মাকক সাৱটি ধৰিলে..।

 : নাকান্দিবা... কোৱাচোন মোক সকলো খুলি ..। কিয় তোমাক অত্যাচাৰ কৰে?

 মীনু, ও মীন .. আহচোন এইফালে...। ছোৱালীজনীক বাহিৰলৈ লৈ যা চোন খেলাবলৈ ...।

 মীনুয়ে দৰদীক বাহিৰলৈ যোৱা পাছত ভাৰতী আকৌ আৰম্ভ কৰিলে ক’বলৈ....

 : মোৰ মানুহজনক কেৱল টকা লাগে বাইদেউ...। বিয়াত যিখিনি গহনা কাপোৰ বাচন পাইছিলো সকলোবোৰ লৈ গ’ল সি মোৰ পৰা ...। পইচা পালেই গেলা পানীবোৰ খাই, তথাপি সেইকেইদিন ঠিকেই থাকে সকলো...। কিন্তু পইচা শেষ হোৱাৰ লগে লগেই আকৌ আৰম্ভ হয় অত্যাচাৰ, মাৰ পিট, গালি গালাজবোৰ....। দেউতাই মাটি বিক্ৰী কৰিও বহুত টকা দিলে মানুহজনক, কিন্তু কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰিলে তাক...। বিয়াৰ এবছৰ নহওঁতেই দৰদী জন্ম পালে..। তাৰে দুইবছৰ পাছতে আৰু এটা ল’ৰা আহিল জীৱনলৈ..। আকৌ এতিয়া চাৰিমাহৰ অন্তঃসত্ত্বা মই বাইদেউ....। কিন্তু এইবাৰ মোৰ শৰীৰ কেঁচুৱা জন্ম দিবৰ বাবে একেবাৰে উপযুক্ত নহয়..। তাতে কালি পইচা নোপোৱা খঙত মোক বহুত মাৰিলে সি , ছোৱালীজনীৰ ওপৰতো হাত উঠালে..। দেউতাৰ এতিয়া বয়স হৈছে... তাক ক’ৰ পৰা কেনেকৈ পইচা দিয়ে তেওঁ? পইচা নাপালে হেনো ছোৱালীজনীকে বিক্ৰী কৰি দিব..!!! ভয়তে তিনিবছৰীয়া ল’ৰাটোক থৈ দুয়ো পলাই আহিলোঁ বাইদেউ..। মোৰ ছোৱালীজনীক আপুনি বচাওক বাইদেউ... নহ’লে নৰ ৰূপী অসুৰটোৱে বিক্ৰী কৰি দিব তাইক...!

 ভাৰতী পূৰৱীৰ ভৰিতে মূৰটো পেলাই কান্দি থাকিল.. পূৰৱীয়ে তাইৰ কান্ধত ধৰি উঠাই চকুপানী মচি দিলে..

 : শুনা ভাৰতী, মোৰ স্বামী ঢুকোৱাৰ দুবছৰেই হ’ল ..। অকলশৰে এই ঘৰখনত থাকোঁ..৷ আত্মীয়সকলো দুখৰ দিনত এৰি গুচি গ’ল...। তোমালোক দুয়ো মোৰ লগতেই গোটেই জীৱন থাকিব পাৰিবা..। মোৰো লগৰী হ’ব। কিন্তু তোমাৰ

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড