পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪১

......!!!

 অজানিতে দশমীৰ চকুৰ কোণত থুপ খালে দুটোপাল চকুপানী....!

 : দশমী .. আহ আগলৈ যাওঁ... সেৱা ল’ব মাতিছে দেওজনে ..

 পূৰৱীৰ মাতত উচপ খাই উঠিল দশমী...। সকলোৰে আঁৰত চকুপানীখিনি মচি লৈ পূৰৱীৰ সৈতে পুষ্পাঞ্জলী ল’বলৈ গ’ল তাই..। পুষ্পাঞ্জলিৰ পাছত শৰাই সমূহ ভক্তসকললৈ অৰ্পন কৰা হ’ল ... দশমীয়ে মণ্ডপৰ ভিতৰৰ পৰা শৰাইখন লৈ আহোঁতে হঠাৎ উজুটি খাই শৰাইখন হাতৰ পৰা সৰকি পৰিব লওঁতে হঠাৎ পাছফালৰ পৰা যুৱক এজনে থাল মাৰি ধৰিলে। পূৰৱীও দৌৰি আগুৱাই আহিল তাইৰ ফালে ... মালৈ আগবঢ়োৱা শৰাইখন পৰাৰ পৰা বচোৱাত সেই যুবকজনক বাৰে বাৰে ধন্যবাদ জনালে পূৰৱী আৰু দশমীয়ে ..।

 : ধন্যবাদ বাবা .. আজি তোমাৰ কাৰণেই ইমান ডাঙৰ অমংগল হোৱাৰ পৰা ৰক্ষা পৰিলোঁ ...। কিমান যে বেয়া লাগিলহেঁতেন!

 : নাই নাই মাহীদেউ ... অমংগল বুলি কিয় ভাৱিছেনো? ইমান মানুহৰ মাজতটো তেনেকুৱা হ’বই..। একো একোটা দুৰ্ঘটনা বাহিৰে একো নহয়।

 : দুৰ্গা মায়েই পঠাইছে চাগে তোমাক আজি ..! কি বুলি যে ধন্যবাদ জনাম তোমাক? তোমাৰ পূজা হ’ল যদি ব’লা নহ’লে আমাৰ আশ্ৰমলৈ যাওঁ..!

 : আশ্ৰম মানে ..?

 : মানে আমাৰ ঘৰলৈ ..!!

 : ও.. বেলেগ এদিন আহিম নেকি মাহীদেউ .. আজি অলপ ব্যস্ত আছোঁ...!

 : হয় নেকি, ঠিক আছে তেন্তে... সৌখন যে দেখিছা .. সৌখনেই আমাৰ ঘৰ ..। সময় পালে আহিবা এদিন ... ভাল পাম আহিলে।

 সকলোকে মাত লগাই গ’লগৈ ল’ৰাজন...।

 : বৰ মৰম লগা আছিল ও ল’ৰাজন। নামটোকে সুধিব পাহৰিলো নহয় ...। ছেঃ..!!

 : হ’ব দিয়া মা .. আকৌ যদি কেতিয়াবা লগ পোৱা তেতিয়া সুধি ল’বা ...। এতিয়া তোমালোকে ভোগ খোৱাগৈ যোৱা..

 তই এতিয়া ঘৰলৈ গৈ শৰাইখন থৈ আহগৈ ..।

 দশমীয়ে শৰাইখন থৈ পুনৰ পূজাথলীলৈ গ’লগৈ ..। খাই বৈ আহি ঘৰলৈ আহি অলপ জিৰণি ল’লে সকলোৱে ...

 আবেলি কলিং বেলৰ শব্দতহে সকলোৰে টোপনি ভাগিল ...।

 আশ্ৰমখন চোৱা চিতা কৰা হৰিকায়েহে গৈ দুৱাৰখন খুলি দিলেগৈ..।

 : ও শৰৎ বোপা .. আহা আহা ভিতৰলৈকে আহা ...। মই পূৰৱীক মাতি দিছো ৰৱা...।

 কৰ্মসূত্ৰে কোলকাতাত থকা পূৰৱীৰ সম্পৰ্কীয় শৰতক দুৱাৰমুখত দেখি হৰিকায়ে আদৰেৰে সম্ভাষণ জনালে। একমাত্ৰ দশমীৰ বাহিৰে আশ্ৰমৰ সকলোৰে আদৰৰ শৰৎ পূজা বুলি প্ৰতি বছৰৰ দৰে এইবাৰো আহিছে।

 আশ্ৰমৰ সহায়িকা মীনুক চাহ পানীৰ ব্যৱস্থা কৰিবলৈ দি হৰি কাই পূৰৱীক মাতিবলৈ যাওঁতেই পূৰৱী অহা দেখি পুনৰ নিজৰ কামত লাগিলগৈ।

 আউলি বাউলি হৈ থকা চুলিতাৰি ভালদৰে বান্ধি বান্ধি পূৰৱী আহি শৰতৰ কাষ পালেহি...।শৰতে তেওঁক দেখি উঠি আহি ভৰি চুই সেৱা ল’লে..

 : হ’ব হ’ব বাবা বহা ...। তুমি কোলকাতাৰ পৰা কেতিয়া আহিলা? মোলৈ ফোন ও কৰা নাই যে...!

 আজি পুৱাই আহিলোঁ মা ..। অলপ ব্যস্ত আছিলো , সেয়ে ফোন কৰাই হোৱাই নাই ...। এই অলপ সকলোৰে বাবে পূজা বুলি সৰু সৰু উপহাৰ .. তাকেই দিবলৈ আহিলোঁ..

 : ও তুমি যে আৰু ... প্ৰত্যেকবাৰ পূজাতেই দিব লাগেনে? মই আকৌ তুমি এইবাৰ কোলকাতাতেই পূজা চাবা বুলি

ভাৱিছিলোঁ ..।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড