পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৩

তিনিবছৰীয়া ল’ৰাটোকো কিবাকৈ অনাৰ ব্যৱস্থা কৰিব লাগিব...। সি জানো তাত সুৰক্ষিত?

 : মানুহজনে তাৰ গাত এটা তিলমানো আঁক পৰিব নিদিয়ে বাইদেউ..। মোৰ ছোৱালীজনীৰ বাবেহে চিন্তা, মই নাথাকিলে তাইৰ কি হ’ব ..! কাৰণ মোৰ জীৱনৰ একো ভৰষা নাই..! মই তাইক আপোনাৰ হাতত সপিলো, আপুনি তাইক ৰাখিব বাইদেউ। কিন্তু মই যাবগৈ লাগিব তালৈ উভতি..।

 : কিন্তু তোমাক যদি সি আকৌ অত্যাচাৰ কৰে সি..!

 : মোৰ শৰীৰটো এতিয়া শিলৰ দৰে টান হৈ গৈছে বাইদেউ .. ৰ’দ বতাহ বৰষুণ সকলো সহ্য কৰি যাব পাৰে.. কিন্তু পোনাটোলৈ বৰকৈ মনত পৰিছে..! সি জানোচা কান্দি আছে মোক বিচাৰি বিচাৰি!!!

 : যাগৈ বাৰু.. কিন্তু কিবা সমস্যা পালেই ইয়ালৈ গুচি আহিবি ..।

 ভাৰতীয়ে ছবছৰীয়া দৰদীক কিবা কিবি কৈ বুজাই যাবলৈ ওলাল ..। পূৰৱীয়ে দুটামান টকা ভাৰতীৰ হাতত গুজি দি বিদায় দিলে..।

 মাক যোৱাৰ পাছত দৰদীৰ হিয়াভগা ক্ৰন্দনে কঁপাই তুলিছিল ঘৰখন...। এজনী অকমানি ছোৱালী সম্পূৰ্ণ এটা অচিনাকি পৰিবেশত মাক অবিহনে কিদৰে সহজ হ’ব ...!“মা মা” বুলি কান্দি কান্দি ভাগি পৰিছিল তাই...। কিন্তু মাক যি গ’ল কাহানিও উভতি নাহিল...!

 লাহে লাহে আকোৱালি লৈছিল দৰদীয়ে পূৰৱীক ..। নতুন পৰিবেশৰ লগত মিলি আহিছিল তাই...। দশমীক পাই জীপাল হৈ উঠিছিল পূৰৱীৰ জীৱন..। বিজয়া দশমীৰ দিনাই পুত্ৰী হিচাপে দৰদীক পাই দৰদীৰ পৰা দশমী নাম ৰাখিছিল তাইৰ ..। নিজৰ ছোৱালীৰ দৰে সকলো সা সুবিধা দিছিল , স্কুলত নাম ভৰ্তি কৰাই দিছিল ...।

 কেইমাহমান পাছত আকৌ দুৰ্গা মাৰ মন্দিৰত কোনো অবৈধ সম্পৰ্কৰ পৰিণতিত জন্ম হোৱা নিষ্পাপ কন্যা শিশু এটিও পূৰৱীৰ জীৱনলৈ আহিল ..।

 তেনেকৈয়ে পূৰৱীৰ প্ৰয়াত স্বামীৰ আশ্ৰম খোলাৰ সপোন পূৰাবলৈ অনাথ কন্যা শিশুবোৰক আশ্ৰয় দিছিল তেওঁ ..। এবছৰ পাছত মা দুৰ্গাৰ নামতেই তাইৰ ঘৰখন অনাথ আশ্ৰমৰ ৰূপ দিয়ে ...। তেতিয়াই জন্ম হৈছিল “মা দুৰ্গা অনাথ আশ্ৰম” খনৰ। কোনো অবৈধ প্ৰেমৰ পৰিণতিতেই হওক, পেটৰ তাড়নাত পোহ পাল দিব নোৱাৰা শিশু হওক নাইবা ল’ৰা সন্তানৰ মোহত জাবৰৰ দোমত পেলাই দিয়া কন্যাসন্তানেই হওক নতুবা পিতৃ মাতৃ হেৰুৱা এলাগী হোৱা সন্তানবোৰৰ আশ্ৰয় থলী হৈ পৰিল এই আশ্ৰমখন ...। পূৰৱীয়ে আনকি কোনোবা সন্তানহীন দম্পত্তীকো লিখা মেলা কৰি সন্তান তুলি দিছিল তেনেলোকৰ হাতত....

 পূৰৱীয়ে মৰম আদৰেৰে ৰাখিছিল সকলোকে, সামৰ্থ্য অনুযায়ী যিখিনি পাৰিছিল কৰি গৈছিল সকলোৰে বাবে ..।

 তেনেকৈয়ে অতিক্ৰম কৰি আজি এইখিনি পৰ্যায় পাইছেহি...!

 শৰৎ সোমাই গৈছিল ভিতৰলৈ দশমীক মাত লগাবলৈ...। জুপুকা লাগি বহি আছিল তাই বাৰন্দাত থকা চকীখনত..।

 : দশমী ...

 : ........!!!

 : কিয় নুবুজা মোৰ অন্তৰৰ বেদনাবোৰ তুমি দশমী? কিয়? বহুত ভালপাওঁ তোমাক ...। মোৰ জীৱন লগৰী কৰি তোমাক সুখী কৰি ৰাখিব বিচাৰো ওৰেটো জীৱন ..। কিয় মোক আঁতৰাই ৰাখা তুমি?

 আবেগেৰে কৈ গ’ল শৰতে ..

 : প্লিজ শৰৎ ...! মোৰ পৰা সেই আশা নকৰিবা কেতিয়াও ..! কিমান বুজাম মই তোমাক..? মোৰ জীৱনত প্ৰেম ভালপোৱা বিবাহ এইবোৰৰ একো মূল্য নাই ..। মই মোৰ আশ্ৰমতে গোটেই জীৱন হাঁহি হাঁহি পাৰ কৰি দিব পাৰোঁ , ইয়াৰ বাবে মোক তোমাৰ মৰমৰ প্ৰয়োজন নাই ..! মই বহুত সুখত আছো ..। আৰু বেলেগ সুখৰ প্ৰয়োজন নাই মোৰ....!

 : তুমি কিয় বুজা নাই দশমী ... কিয় বিবাহৰ নাম শুনিলে বলিয়াৰ দৰে হৈ যোৱা তুমি? মই জানো তুমি ইয়াত বহুত সুখী, মই তোমাক এই ঘৰখনৰ পৰা বিচ্ছেদ কৰিবও বিচৰা নাই ..। মই কেৱল তোমাক মোৰ পত্নীৰূপে বিচাৰিছোঁ ..। তাত কি আপত্তি তোমাৰ?

 : মোক বিৰক্ত নকৰিবা আৰু এইবোৰ কৈ কৈ... মই তোমাক অনুৰোধ কৰিছো মোৰ জীৱনৰ পৰা আঁতৰি যোৱা...।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড