পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪০

দশমী
শান্তামণি বৈশ্য বৰ্মণ

 “শাৰদী ৰাণী।
 তোমাৰ হেনো নাম...”
 ভূপেন হাজৰিকাৰ সেই শৰৎ বিশেষ গানটো গুণগুণাই দশমীয়ে চোতালত কাপোৰ মেলি দি আছে ...।
 :দশমী.. ও দশমী... কি কৰিছ? সোনকালে আহ! পূজালৈ যাবলৈ হ'ল..?
 :গৈছে মা ..
 গুৱাহাটীৰ ওচৰতেই থকা দুৰ্গা অনাথ আশ্ৰমত আজি মহাষ্টমী পূজা উপলক্ষে সকলো ব্যক্ত..। আশ্ৰমৰ কাষতে অঞ্চলটোৰ ভিতৰতে এখন ডাঙৰ পূজা ...! তাতেই আশ্ৰমৰ ফালৰ পৰা শৰাই এভাগ আগবঢ়োৱাৰ প্ৰস্তুতি চলাইছে আশ্ৰমৰ স্বত্বাধিকাৰী পূৰৱী চৌধুৰীয়ে ...।

 অকালতে বিধৱা হোৱা পূৰৱীয়ে আজিৰ পৰা ওঠৰ বছৰ আগতে এই আশ্ৰমখন খুলিছিল ..। এজনী ছোৱালীকলৈ খোলা আশ্ৰমখন এতিয়া ৩০ গৰাকী সদস্যাৰে ভৰপূৰ এখন ঘৰ...। স্বামী বিয়োগৰ পাছত আত্মীয় সকলে অকলশৰীয়া কৰাৰ পাছত পূৰৱীয়ে এই পদক্ষেপ লৈছিল ... আৰু সফল হৈ উঠিছিল তেওঁৰ এই মহান উদ্দেশ্য..। অনাথ ছোৱালীবোৰৰ লগত থাকি কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলগীয়া নহ'ল জীৱনত দ্বিতীয়বাৰলৈ...। এতিয়া সকলোৰে বাবে মৰমৰ মা হৈ পৰিছে পূৰৱী।

 :মা... কিয় ইমান চিঞৰি আছিলানো?
 মূৰত গামোচাখন মেৰিয়াই উধাতু খাই সোমাই আহি দশমীয়ে পূৰৱীক সুধিলে...

 :সকলো যোগাৰ কৰিছনে ..? পলম হ’ব পূজালৈ... তই কাপোৰযোৰ পিন্ধি ওলাই আহগৈ যা..

 :নিকিয়ে কৰিছে সকলো ..। মই দুই মিনিটত আহি আছো ৰেডি হৈ ..! তোমালোক ওলাই যোৱাগৈ..

 :ও সোনকালে আহ.. আৰু কোন কোন পূজালৈ যাই ওলাই আহিবলৈ ক'গৈ?

 দশমীয়ে লৰালৰিকৈ মেখেলা চাদৰ এযোৰ পিন্ধি ওলাই আহিল

 পূৰৱী আৰু দশমীৰ লগতে আৰু দহ গৰাকীমান ছোৱালীও ওলাল পূজালৈ বুলি..। হাতত শৰাই , চাকি বন্তি ধূপ ফুলৰ মালাৰে আগবাঢ়িল আটাইকেইজনী..।

 আশ্ৰমৰ গেটৰ বাহিৰ হোৱাৰ লগে লগেই পুজাৰ পৰিবেশৰ পৰশ দি গ'ল দশমীহঁতৰ মনত..। ঢাক - ঢোলৰ শব্দ , শংখ উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে পূজাথলী..। সেই ধ্বনিৰে লয়ত খোজ পেলাই আগবাঢ়িছে দুৰ্গা মাৰ প্ৰতিমাৰ কাষৰলৈ পূৰৱী দশমীহঁত.।

 দেওজনলৈ পুৰৱীহঁতে অনা শৰাই আৰু পূজাৰ সামগ্ৰীসমূহ আগবঢ়াই দি আশীৰ্বাদ ল’লে মা দুৰ্গাৰ...।

 তাৰ পাছত আটাইকেইজনেই মন্দিৰৰ কাষত থকা চকী কেইখনতেই বহিলে...।

 সকলোৱে পৰিয়ালৰ লগত ওলাই আহিছে দুৰ্গতি নাশিনী মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ বুলি..। মাক দেউতাকে বেলুন।

 ,পুতলা কিনি দিছে নিজৰ ল'ৰা ছোৱালীক..! হাঁহি ধেমালিৰে উৎসৱৰ প্ৰতিটো মুহূৰ্ত্ত কটাইছে নিজৰ আপোনসকলৰ সৈতে । কিন্তু দশমীৰ লগতে আশ্ৰমৰ ছোৱালীকেইজনীৰ বাবে এনেবোৰ দৃশ্য কেৱল এক বিৰহ যন্ত্ৰণা ...। তেনেবোৰ দৃশ্য দেখি সিঁহতে কেৱল চকুলো টোকে..। মা দেউতাৰ মৰম সিঁহতৰ বাবে এক বুকুত বিন্ধা বেদনা...। যিটো অনুভৱ কৰিবলৈ গ'লে। কেৱল আঘাত পাই সিঁহতে...। যদিও পূৰৱী মায়ে সিঁহতক কেতিয়াও অনুভৱ কৰিব দিয়া নাই মাৰ মৰম আৰু দেউতাৰ আদৰ তথাপিও চকুৰ আগত সুখী পৰিয়ালবোৰ দেখিলে অজানিতে এটি হুমুনিয়াহ ওলাই আহে...। সিঁহতৰো মন যাই তেনেকুৱা

ঘৰ এখন পাবলৈ..! বিহু পূজাত পৰিয়ালৰ লগত সময় কটাবলৈ ..! কিন্তু সেইবোৰ একো একোটা অপূৰণীয় সপোন মাথোঁ

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড