পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৮

বিচ্ছিন্ন

দীপ্তি বৈশ্য

 জীৱনত পোৱা-নোপোৱাৰ হিচাপ কৰি কৰি বহু ৰাতি পাৰ হৈছে উজাগৰে। আনকি এদিনৰ চিনাকি লোকেও ভুমুকি মাৰেহি বিনিদ্ৰ ৰাতিবোৰত। ভাবুক হৈ পৰে হিচাপবিহীনভাবে। ভাৱ আৰু ৰাতি কোন কাৰ পৰিপূৰক নাজানো, কিন্তু বৰ আগ্ৰহেৰে যেন ৰৈ থাকে ইটো সিটোৰ বাবে...টোপনিক ইন্ধন হিচাপে লৈ চিন্তা-ভাৱনাৰ চলন্ত ৰেল এখন প্ৰশ্নৰ উকি মাৰি মাৰি। গতি কৰি থাকে গোটেই নিশা। আৰু এনেকৈয়ে বাগৰ সলায় চাটিফুটি কৰা এটা ৰাতিয়ে। ক'ব নোৱাৰোঁ নিবিড়ক এইবোৰ , নোৱাৰোঁ ক’ব উজাগৰী নিশাৰ কথা। ভাৱবোৰ ক'ৰপৰা যাত্ৰা আৰম্ভ কৰি কি গন্তব্যস্থানত ইতি পৰে তাৰ উম্ ঘাম্ নাপায় নিবিড়ে। নিশাৰ যাত্ৰী-মোৰ ভাৱবোৰ ক্ৰমে মোৰ একান্ত ভিতৰুৱা হৈ গৈ থাকে।

 তিনি বছৰ আগতে লগ পোৱা এগৰাকী মহিলাৰ কথাই আমনি কৰে এতিয়াও। এটি ভয়ে নিজৰ জীৱনৰে গতি সলাই দিয়ে। মোৰ সপোনবোৰ তচ্‌ নচ্‌ কৰি পেলাই। শংকাবোৰৰ বাবেই হয়তো আজিকালি অবিশ্বাসৰ শেলাইও সহজেই গজিব লৈছে।

 পুৱা সাত বজাতেই মই , নিবিড় আৰু নয়নী ফৰটিছ্ হস্পিটেলত উপস্থিত হওঁ, নিবিড়ৰ এটা সৰু অপাৰেচনক কেন্দ্ৰ কৰি। পিছলৈ নৰৈ হঠাতে অপাৰেচনৰ সিদ্ধান্ত লোৱা হৈছিলে। যিহেতু সেইদিনাই নিবিড় ডিচছাৰ্জ হ'ব পাৰিব বুলি ডাক্তৰে কৈছিল সেয়ে চিং-গল কম খালী থাকিব নে নাই ভবাই নহল আগতীয়াকৈ। গৈ পোৱাৰ আধা ঘণ্টাৰ পাছত দুজন ৰোগীৰ আটাইখিনি ব্যৱস্থা থকা, মাজত পাৰ্টিশ্বন ৰখা আহল-বহল কেবিন টোৰ এটা ফাল আমাৰ হৈ পৰে দিনটোৰ বাবে , বৰ্তমানে শূন্যতাৰ পৰিধিত নিজকে আবিষ্কৃত কৰাৰ সেয়াই আছিল কেন্দ্ৰস্থলী। দুই বছৰীয়া নয়নীজনীক বিজাণুৱে সংক্ৰমিত কৰাৰ ভয় এটাই হেঁচা মাৰি ধৰিলে মোৰ বুকুখন।

 : দিনটোৰহে কথা
 নিবিড়ে মোৰ মুখখন দেখিয়েই হয়তো কৈ উঠিল।
 অপাৰেচন সুকলমে হৈ গ'ল। কিন্তু আমাক জনালে যে নিবিড়ৰ অফিচৰ ক্ষতিপূৰণ চুক্তিমতে (ইনচিয়ৰেঞ্চ) অপাৰেচনৰ বাবদ খৰচ হোৱা টকা চল্লিশ হেজাৰ পাবলৈ হলে এৰাতি হস্পিটেলত থকাটো হেনো নিয়ম আছে। নিবিড়ে আমাক ঘৰলৈ ঘূৰি আহিব বহুবাৰ কৈছিল। যদিও সাধাৰণ অপাৰেচন তথাপি অকলে নিবিড়ক তেনেকৈ এৰিব মোৰ মনে নক'লে। সন্ধিয়া চিং-গল ৰুমৰ কেবিন খালী হৈছে নেকি সোধ-পোছ কৰিবলৈ মনটোৱে উচ্ পিচ্ কৰে যদিও তিনি ঘণ্টা আগত অপাৰেচন হৈ যোৱা নিবিড়ৰ কিবা কষ্ট হব বুলিয়ে মনে মনে ৰলোঁ। নিবিড়ৰ কাষৰ বিছনাত বহি টিভিত কাৰ্টুন চোৱাত ব্যস্ত নয়নীক চেণ্ডউইচ খুৱাবলৈ ময়ো ব্যস্ত হৈ পৰিলোঁ-চিন্তাবোৰ একাষৰীয়াকৈ ৰাখি। পাৰ্টিশ্বনৰ সিটো মূৰত তিনিজন লোকৰ উপস্থিতি গম পাইছিলোঁ। দীঘল দীঘল উশাহ লৈ থকা নব্বৈ বছৰীয়া মানৰ ৰোগীজনৰ লগত এগৰাকী মহিলা আৰু এজন ল'ৰা। সমূলি ছয়জন লোকৰে কেবিনটোত বিৰাজ কৰিছিল এটা গধুৰ গধুৰ লগা গধূলি..

 : ভোক লাগিছে?
 মহিলা গৰাকীয়ে কোৱা শুনিবলৈ পালোঁ।
 অসমৰ বাহিৰত নিজা ভাষাটোৰ মাত কথা শুনিলে কাণ থিয় হয় বাবে নেকি এই প্ৰথমবাৰৰ বাবে তেওঁলোকৰ কথা শুনিবলৈ আগ্ৰহী হৈ পৰোঁ। পিছলৈ পিছে খাটাং হলো যে তেওলোক অসমীয়া নহয়।
 দীঘল দীঘল উশাহবোৰতকৈ ভাবিব নোৱাৰা ধৰণে ফোঁ‌পনিৰ প্ৰকোপ তীব্ৰতৰ হৈছিল।

 : এতিয়া প্ৰাৰ্থনা কৰাৰ সময় , ভগৱানৰ নাম লোৱাৰ সময়, যিজনে বাৰে বাৰে হস্পিটেলত ভৰ্তি কৰায় তেওঁক গালি

পৰাৰ সময় নহয় ...

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড