সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩৭

বাগানত হৈ থকা সকলো অন্যায়-অবিচাৰৰ ন্যায় লাগে।

 এটা সময়ত ক্ষোভবোৰ অগ্নিকুণ্ডলৈ পৰিণত হ'লগৈ। জ্বলি উঠিল সুন্দৰপুৰ বাগানৰ বৰ চাহাবৰ বৃহৎ বাংলো। বাংলোৰ ভিতৰত আবদ্ধ হৈ মৰণকাৰ আৰ্তনাদ কৰি উঠিল মহা প্ৰতাপী বৰ চাহাব। অগ্নিকুণ্ডৰ জুইয়ে নিমিষতে ঘেৰি ধৰিলে মহাপ্ৰতাপী বৰ বাবুৰ দৰ্প-গৰ্ব লগতে জীৱন্তে দাহ কৰি নিলে বৰ বাবুৰ শৰীৰ..

 সুন্দৰপুৰৰ আকাশ বতাহত উৰিছে এতিয়া পুৰা মঙহৰ গোন্ধ লগতে ইমান দিনৰ শোষণ, নিপিড়ণ, অন্যায় অবিচাৰৰ ধোঁৱা...

 সিঁহত সৰু মানুহ, সিহঁতবোৰৰো আত্মা আছে, নিদিয়ে আৰু সিহঁতে নিজৰ আত্মাবোৰক দাস সজাবলৈ। সেই কাৰণে আজি সিহঁতে আইন হাতত তুলি লব পৰাকৈ সাহসী হৈ উঠিছে। অৱশেষত পুলিছ প্ৰশাসনৰ লোক আহিল দোষি সাব্যস্ত হোৱা শ্ৰমিক সকলক গ্ৰেপ্তাৰ কৰিলে। তথাপি আজি সুন্দৰপুৰৰ শ্ৰমিক সকল যেন মনেৰে মুক্ত হৈছে। সদায় মৰি মৰি জীৱন জীয়াতকৈ মুকলি আকাশৰ বন্দীশালেই শ্ৰেয় বুলি ভাবি ললে সিহঁতে। অন্তত যুগ যুগান্তৰলৈ যাতে সুন্দৰপুৰবাসীৰ দৰে কোনেও নিজৰ আত্মাক দাসত্বলৈ পৰিবৰ্তন কৰিব লগা নহয়। কোনো বচন্তিৰ যাতে জীৱন শলিতা নুমাই নাযায় অকালতে।

আকৌ সৃষ্টি নহওক অগ্নিকুণ্ডৰ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড