পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

 মানুহগৰাকীৰ আক্ষেপ মিহলি উত্তৰ।

 কিন্তু বহুসময় ধৰি গালি-শপনিৰ জাউৰিবোৰ ফুটিয়েই থাকিল মানুহজনৰ মুখেৰে। জীৱনৰ বিয়লি বেলাত যেন আগ্নেয়োপাত (আগ্নয়গিৰীৰ উদগীৰণ) হৈছে, আৰু লাভাসদৃশ ক্ষোভবোৰ ফাটি-ফুটি বাহিৰ হৈছে।

 পিছদিনা ডিচ ছাৰ্জৰ বাবে প্ৰস্তুতি চলাই আছে তেনেতে ,

 ⵓ হেল্ল' বেবি

 নয়নীলৈ মিচিকিয়াই, আমাৰ ফালে চালে মানুহজনীয়ে।

 নয়নীৰ কাষতে, বিছনাত বহিবলৈ ক'লোঁ। গুজৰাটী বুলি নিজৰ পৰিচয় দিয়ে। ৰোগীজন তেখেতৰ স্বামী। ৰাতি গিৰিয়েকক ৰখা ল'ৰাজন হৈছে নাৰ্চ, চোৱা-চিতা কৰিবলৈকে নিয়োগ কৰিছে ল'ৰাজনক। হিন্দীতেই নিজৰ ইটো সিটো কৈ গ'ল তেখেতে। গুজৰাটী লোকেও আমাৰ দৰে ‘ভোক লাগিছে’ —এই কথাষাৰ একেটা অৰ্থতে যে প্ৰয়োগ কৰে সেয়া জানিব পাৰিলোঁ। মানুহগৰাকীৰ মুখে গিৰিয়েকে কেবাটাও বেমাৰত ভুগি আছে বুলি শুনি মনটো কিবা বেয়াই লাগি যায়। বেমাৰবোৰৰ কাৰণে হব পাৰে লগাতকৈও বেছি বৃদ্ধৰ সাজ পিন্ধিছে গিৰিয়েকে ..মানুহগৰাকীৰ সুস্থ, অকণো বলি ৰেখা নপৰা মুখখন দেখি তেনেকুৱাই ভাব হ’ল। বন্ধ কেবিনটোত আবদ্ধ হৈয়ে আছে সেই দীঘল দীঘল উশাহ। আহ কি যে যন্ত্ৰণা। যি যন্ত্ৰণা বিয়পে ইজনৰ পৰা সিজনলৈ। বুকুখনত বাজি থাকে তেতিয়া ধিন্ ধিন্ শব্দটো।

 ⵓ ভাল হৈ তোমোলোক যোৱাগৈ , ভালদৰে ৰাখক ভগৱানে। এখেতৰ বেমাৰত বহু টকা খৰচ হ’ল , ইয়াৰ পিছত যি হয় হ'ব আৰু নানো হস্পিটেললৈ, এইবাৰেই শেষ।

 অলপো খোকোজা নলগাকৈ মানুহগৰাকীয়ে হিন্দীতেই কৈ গ'ল। কিন্তু মই ৰৈ গ'লোঁ। মুখেৰে এটাও শব্দ নোলায় মোৰ।

 ঘৰ উভতিলোঁ। কিন্তু সিমানতেই শেষ নহয় কথাবোৰ। প্ৰায়েই মোক আমনি কৰা তুঁহজুই হেন্ ভয়ৰ জুইকুৰা একোবাৰ ভম্‌ ভমীয়াকৈ জ্বলি উঠে বিনিদ্ৰ ৰাতিবোৰত। নিজকে বাৰে বাৰে সাঙুৰি লও। ভয়বোৰ পূৰঠ হয়। সেই দম্পতীহালৰ কোন কাৰ বাবে অসহনীয়? ইমানেই ক্ষোভ থাকে নে জীৱনৰ বিয়লি বেলাত? কোনো কাৰোৰে নহয় , কেৱল মৰি মৰি মৰি যেন জী আছে। কিহৰ যাতনা আছিল সেয়া? মৰণৰ নে বাৰ্ধক্যৰ?কষ্টবোৰে কি অকল নিজকহে চিনাকি কৰায়? ঘৈণীয়েকজনীয়ে কেনেকৈ ইমান সহজে ক'ব পাৰিলে যি হয় হ'ব ‘সম্পৰ্ক ইমানেই ঠুনুকা নে? জীৱনৰ এটা অংশ নাইকীয়া হোৱাত জীৱন সাগৰত নুতুলিব নে দুখৰ ঢৌ? পুতৌ, দ্বায়িত্বৰ ভাৰ এইবোৰহে কাৰক নেকি বাৰু গিৰিয়েকক বাৰে বাৰে হস্পিটেলত ভৰ্তি কৰোৱাৰ? তেওলোকৰ যুগ্মজীৱনত সোণাৰু ফুলা নাছিল নে কেতিয়াও? কি সঁচা? প্ৰশ্নবোৰত ভাগৰুৱা মোৰ মন।

 নাই নাই এনেকুৱা হ'ব নোৱাৰে। সোণাৰু ফুলা দিনবোৰৰ অস্তিত্ব এনেকৈয়ে নাইকীয়া হৈ নাযায়। হ'ব নোৱাৰে বিশ্বাসৰ শেষ এনেদৰে.. এখন সুন্দৰ ছবি মনত অঙ্কণ কৰি চকু মুদি দিছো দুপৰনিশা। বেছি বেমাৰে লাখুটি ল’বলৈ বাধ্য কৰোৱা এজনৰ বাওঁ হাতখন আনজনে আলফুলে ধৰি... সোণাৰু জোপাৰ কাষতে থকা বেন্স খনলৈ লাহে লাহে দুয়ো আগবাঢ়িছে। সেই স্পৰ্শ বিশ্বাসৰ...প্ৰত্যয়ৰ...। পৰস্পৰৰ আশ্ৰয়ত শাঁত পৰিছে জেঠমহীয়া দেহ। থোপাথুপিকৈ সৰি পৰিছে। সোণাৰু ফুল দুয়োৰে গাত। দুয়োৰে মুখত তেতিয়া সোণাৰুফুলীয়া হালধীয়া হাঁহি..

 হঠাৎ ৰিঙৰিঙাই গ'ল মোৰ কাণ দুখন। আকৌ খেলিমেলি কৰি পেলালে গোটেই ৰাতিটো। মনৰ কে ভাছত ভয়টোৱে আন এখন ছবিৰ আঁক বাঁক কৰিব ললে দ্ৰুত গতিত। গছজোপাৰ পৰা বিচ্ছিন্ন হৈ পৰিছে সোণাৰু ফুল। দুয়োৰে মাজত থকা বান্ধোন শিথিল হৈ পৰিছে। প্ৰেমৰ উত্তাপ থকা সেই স্পৰ্শ আৰু নাই। সোণাৰু ফুল বিহীন গছজোপাৰ তলত এজনে দীঘল দীঘল উশাহ টানিছে, হিয়া জুৰ পেলাবলৈ লগত কোনো নাই। দূৰলৈ আঁতৰি যোৱা জনে লগত লৈ গৈছে সোণাৰুৰ আটাইখিনি হালধীয়া। বহু দূৰত সোণাৰৰ হালধীয়া ৰংটো চকুত চাট মাৰি ধৰাকৈ উগ্ৰ হালধীয়া হৈ পৰিছে।