পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩২

কৰিব। হাতৰ কঁপনিও প্ৰায় নাইকিয়া হৈছে। বাইদেউ মই আপোনাক কেনেকৈ ধন্যবাদ জনাম ভাবি পোৱা নাই। মই আপোনাৰ এই সহায় কেতিয়াও পাহৰিব নোৱাৰোঁ। মানুহজনীৰ কথা শুনি মই কথা কবলৈ পাহৰি গৈছে। বিশ্বাস- অবিশ্বাসৰ দোমোজাত মনটো আছন্ন হৈ পৰিছে। চিঠিখনত বা কি লিখা আছে? মই একো নমতা দেখি মহিলাগৰাকীয়ে ক’লে -বাইদেউ বাহিৰত বহু ৰোগী আছে। আপোনাৰ সময় নষ্ট কৰা বাবে মোক হয়তো আপুনি বেয়াই পাইছে। মই যাও। ইয়াৰ পিচৰ বাৰ আহিলে মই নিজেই তেওঁক আপোনাৰ ওচৰলৈ লৈ আহিম। গলগৈ মানুহগৰাকী মোলৈ এবোজা প্ৰশ্ন এৰি থৈ। চিঠিখন মই এপ্ৰনৰ পকেটত ভৰাই থলোঁ। ৰোগী চোৱা আৰম্ভ কৰিলোঁ। আজি আমি দুইজনীয়ে ৰোগী শেষ কৰিব লাগিব। ভাগ্যে আজিৰ ৰোগী যেনিবা আনদিনাতকৈ কিছু কম।

 হস্পিটালৰ ডিউটি শেষ কৰি ঘৰ পাওতে প্ৰায় পাঁচ বাজি গৈছিল। চিঠিখনৰ কথা পাহৰি গৈছিলোঁ। এপ্ৰনটো গাড়ীতে থৈ মই ৰূমলৈ আহিলোঁ। দিনৰ ভাগৰ কমাবলৈ বাথৰুমত সোমাই ফ্ৰেছ হৈ ল’লোঁ। তাৰ পিচত যেতিয়া সকলোৰে বাবে গধূলিৰ জলপান বনাই নিজেও খাই জিৰাব লওতেই মনত পৰিল চিঠিখনৰ কথা। মই মোৰ ছোৱালীজনীক মাতি গাড়ীখন খুলি এপ্ৰনটো লৈ আহিব দিলোঁ। তাই এপ্ৰনটো লৈ আহিল। মই চিঠিখন উলিয়াই ল'লোঁ। তাত লিখা আছিল.......

মৰমৰ মাজনী

 ডাক্টৰ, মই তোমাক মাজনী বুলি সম্বোধন কৰা বাবে বেয়া নেপাবা। তুমি মোক সিদিনা দেউতা বুলি মাতিছিলা আৰু তেতিয়াই মই ঠিক কৰিছিলোঁ মই তোমাক মাজনী বুলি মাতিম। বুজিছা মাজনী মই চিগাৰেট সম্পূৰ্ণ বাদ দিলোঁ। নেখাওঁ আৰু চিগাৰেট। মোৰ মাজনীয়েও বেয়া পাইছিল চিগাৰেট খালে। খং কৰিছিল, গালি পাৰিছিল। তুমি টানকৈ কোৱাৰ দৰে সঘনাই মোক কৈছিল। কিন্তু মই তাইৰ কথাবোৰ চিগাৰেটৰ ধোঁৱা উৰুৱাই দিয়াৰ দৰে উৰুৱাই দিছিলোঁ। তাই সৰু ছোৱালীজনীয়ে কি জানিব চিগাৰেটত টান মাৰি ধোঁৱা উৰুৱাই দিয়াত কিমান মজা! গতিকে মই নেভাবিলোঁ এবাৰো তাইৰ গালি তথা খঙৰ আঁৰত মোৰ প্ৰতি থকা চিন্তাৰ কথা। আৰু এদিন মোক বাধা দিব নোৱাৰি তাই নিজেই খঙ কৰি গুচি গ’ল বহু দূৰলৈ। বহুদিন তাইৰ মৰম মিহলি টান মাতষাৰ শুনিম বুলিয়েই মই চিগাৰেট খোৱা বন্ধ নকৰিলোঁ। কিজানিবা তাই আহি এদিন মোৰ হাতৰ পৰা নিজে চিগাৰেটতো দলিয়াই কয় –“দেউতা, আজিৰ পৰা তোমাৰ চিগাৰেট খোৱা বন্ধ।”

 কিন্তু তাই নাহিল। যি গল গ’লেই। আৰু তাইক পাহৰিবলৈ যেন মই আগতকৈ বেচি চিগাৰেট খোৱা কৰিলোঁ। কাৰো হাক বচনতে মই নোৱাৰিলোঁ এৰিব চিগাৰেট। কিন্তু তুমি যেতিয়া সিদিনা দেউতা বুলি মাতি মোক চিগাৰেট খাবলৈ বাধা দিছিলা মই দেখিছিলোঁ মোৰ মাজনীক তোমাৰ মাজত। দেউতা শব্দটিত যে ইমান আকুলতা সোমাই থাকিব পাৰে মই আগতে উপলব্ধি নকৰিলোঁ। মই চিগাৰেট খোৱা বন্ধ কৰিম বুলি তেতিয়াই নিজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ’লো। বুজিছা ডাক্টৰ মই এতিয়া ভীষণ সুখী। সিদিনা মাজনীয়ে আহি সপোনতে মোক আকোৱালি লৈ চুমা খাই কৈছিল –“দেউতা তুমি ইমান ভাল হৈ গ’লা। মোৰ আজি খুউব ভাল লাগিছে জানা।”

 মাজনী মোৰ বুকুৰ আমঠু আছিল। মাত্ৰ চাৰিদিনৰ জ্বৰতে মাথো বিশ বছৰ বয়সতে তাই আমাক এৰি থৈ গুচি গৈছিল।

 ডাক্টৰ মাজনী মোৰ, মই এতিয়া আগতকৈ বহু সুস্থ অনুভৱ কৰিছোঁ। তুমি কোৱামতে কাম কৰি আছোঁ। সদায় মেডিটেচন কৰোঁ। এদিন ঔষধবোৰো দলিয়াই দিম। আৰু সেইদিনাই মই তোমাৰ ওচৰত যাম। মোৰ মাজনীৰ ফটো খনো লৈ যাম। তোমাৰ দৰে তাই বৰ ভাল ছোৱালী আছিল। জীয়াই থকা হ’লে তোমাৰ দৰেই এগৰাকী চিকিৎসক হ’লহেতেন।

 বেয়া নাপাবা। মনৰ কথাবোৰ তোমালৈ লিখি মনত শান্তি অনুভৱ কৰিছো।

 মৰম লবা।

 ইতি

 মাজনীৰ দেউতা

 চিঠিখন পঢ়ি মই অনুভৱ কৰিলো মোৰ ডিঙিতো বিষাইছে। যেন চিঞৰি চিঞৰি কান্দিম। দেউতালৈ খুউব মনত পৰিল। দুচকুৰে পাৰ ভাঙি অশ্ৰু বাগৰি আহিল। এনেতে মোৰ গৃহস্থৰ মাতত মই মোৰ চৌপাষলৈ ঘূৰি আহিলোঁ। ঘড়ীটোলৈ চাই দেখিলো মোৰ ৰান্ধনীঘৰলৈ যোৱাৰ সময় হৈছে। দুখখিনি বুকুৰ ভিতৰতে সামৰি সুতৰি থ’লোঁ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড