পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৩

অগ্নিকুণ্ড

সংগীতা গগৈ বৰুৱা

 দুদিনীয়া নৰিয়াত পৰিয়ে মাকজনীয়ে ইহসংসাৰ ত্যাগ কৰিলে। মাক নোহোৱাত বৰ নিঠৰুৱা হৈ পৰিল তাই, মাকেই তাইৰ সৰু পৃথিৱীখন আৱৰি আছিল। এনেও সৰু মানুহ; সৰু সৰু আশা, সৰু জীৱন সিঁহতৰ। বৰ বেছি একো আশাও নকৰে সিহঁতে, দুবেলা দুমুঠি উদৰ পূৰাই খাব পালেই সন্তুষ্টি লভে। ধূলি-মাটি গৰকী পাৰ হয় সিহঁতৰ জীৱন। সেউজীয়া দলিচাৰ দৰে মসৃণ চাহ গছৰ মাজতে জীৱনৰ ৰথ ঘুৰে। বাগিচাৰ চাহগছবোৰৰ মাজত সিঁহতৰ জীৱন যদিও কিন্তু সিহঁতৰ প্ৰতিটো খোজ কাঁ‌ইটেৰে আৱৰা। সিহঁতৰ পূৰঠ হাতৰ পৰশতে চাহগছবোৰে এখন মসৃণ দলিচাৰ ৰূপ লয়, তেজ-ঘামৰ সংমিশ্ৰণত সেউজীয়াবোৰ ঠন ধৰি উঠে। কিন্তু সিহঁতৰ নিজৰ জীৱনবোৰ হে কাঁ‌য়েটিয়া একোজোপা যেন কেকটাছ। কি ৰ’দ, কি বৰষুণ অৰ্থহীন সিহঁতৰ বাবে। এটি কলি দুটি পাতৰ পৰা নিগৰি ওলমে সিহঁতৰ সুখৰ সংজ্ঞা। মাকে এইখিনি সুখ গোটাবলৈয়ে পুৱাই ওলাই যায় লাইনৰ পৰা দুই কিলোমিটাৰ নিলগত থকা বাগানখনলৈ। সুখনো কি! গা ঢাকিবলৈ এযোৰ সাজ , ক্ষুধা নিবাৰণ কৰিব পৰাকৈ এসাজ ভাত পালেই জানো সিঁহত সুখী হৈ নপৰে। এইখিনি সুখ পাবলৈ অহৰহ জীৱন সংগ্ৰাম সিঁহতবোৰৰ। থাকোঁতে তাইৰ বাপেকটো আছে। কিন্তু তাইৰ প্ৰতি, মাকৰ প্ৰতি যেন বাপেকৰ একো দায়িত্ব, কৰ্তব্য নাই। দিনটোত মদ খিনি গলাধঃকৰণ কৰিব পালেই হল। বাগানৰ স্থায়ী বনুৱা বাপেকহে আছিল। এই মদসোপা গিলি লৈ কামলৈ পিঠি দিবলৈ লোৱাত সি এদিন সুন্দৰপুৰ বাগানৰ বৰ মেনেজাৰৰ পৰা বাৰুকৈয়ে শাস্তি ভুগিব লগা হৈছিল। গুৰলা গুৰুলকৈ পিটিছিল বচন্তিৰ বাপেকক বৰ মেনেজাৰে। তাৰ নাম কাটি দিছিল , স্থায়ী শ্ৰমিকৰ লিষ্টৰ পৰা। ভৰিত ধৰিছিল বচন্তিৰ মাকে বৰ বাবুৰ। বহু কাকুতি মিনতি কৰাৰ পিছত মাকৰ নামটো লিখিছিল স্থায়ী শ্ৰমিকৰ লিষ্টত। এই জন পৰিচালকৰ গাত বৃটিছে এৰি থৈ যোৱা শোষিত তেজ চাগৈ এতিয়াও প্ৰবাহিত হৈ আছে। সৰু সৰু দুখবোৰতে শ্ৰমিক সকলক বৰ বৰ শাস্তি প্ৰদান কৰাৰ নজিৰ তেওঁৰ আছে। কিছুদিনৰ আগতে সেই বাগানৰে শ্ৰমিক মঙলুক সৰু কথাটোৰ বাবেই ইমান বেয়া কৈ মাৰধৰ কৰি কামিহাড় ভাঙি দিছিল। চৰকাৰী হস্পতালত এমাহ পৰি আছিল মঙলু। ঘৈনীয়েকে ক্ষতিপূৰণ বিচাৰি যাওঁতে, চৰ্ত সাপেক্ষে হে দিছিল ক্ষতিপূৰণ। মানি লৈছিল মঙলুৰ ঘৈনীয়েকে তেওঁৰ চৰ্ত, মানি লবলৈ বাধ্য হৈছিল। নহলে যে উপায় নাই, সিহঁত যে সৰু মানুহ। নহ'লেনো কৰিবই বা কি। দুবেলা দুমুঠি উদৰ পুৰাবলৈ কিমান সংঘৰ্ষ কৰিব লাগে। ৰাতিপুৱাৰ পৰা আবেলিলৈ ৰ’দে-বৰষুণে বাগিচাত শ্ৰম কৰি পোৱা পইছাকেইটাৰে টানি টুনি চলাই নিয়ে শ্ৰমিক সকলে নিজৰ নিজৰ সংসাৰ। তাতে যদি কোনোবাই কামত গাফিলতি কৰে বা বেমাৰ-আজাৰ হয় দৰমহাৰ আধা অংশ কাটি দিয়ে বৰ বাবুয়ে। মানি লয় সিঁহতে বৰ বাবুৰ চৰ্তবোৰ বীনা প্ৰতিবাদে.. মানি লৈছিল মঙলুৰ ঘৈণীয়েকেও বৰ বাবুৰ চৰ্ত; হৈছিল গৈ বৰ মেনেজাৰৰ শয্যা সংগী দুদিনৰ। দিনৰ পোহৰত সিহঁতক সৰু মানুহ, অস্পৃশ্য বুলি নাক কোঁ‌চাই দিয়া এই বৰ বাবুহঁতৰ কিন্তু ৰাতি সুলকি পৰে উচ্চ শ্ৰেণীৰ ভদ্ৰতাৰ মুখা। তেনেকৈয়ে চলে বীনা প্ৰতিবাদে এই শ্ৰমিক সকলৰ জীৱন।

 ক্ষোভ তেওঁলোকৰো উপজে। ক্ষোভবোৰ মনৰ ভিতৰতে গুজৰি গুমৰি মাৰ যায়। এদিন পূজাৰ সময়ৰ বোনাছৰ পইচা সময় মতে নিদিয়া কথাক লৈ হাইস্কুলৰ মজিয়া গৰকা লক্ষ্মণে প্ৰতিবাদ কৰিছিল। পিছদিনা তাক বাগানৰ কলঘৰৰ পৰা বস্তু চুৰি কৰা বুলি পুলিচৰ হাতত গতাই দিছিল বৰ বাবুয়ে। ক্ষোভ উজাৰিব গ'লেও অপদস্থ হব লগা হয় সিহঁতবোৰ। তেনেকৈয়ে সহি যায় অন্যায়, অবিচাৰ আৰু নো কি কৰিব পাৰে সিঁহতে; সিহঁত যে সৰু মানুহ। সৰু মানুহ বুলি জানো সিহঁতৰো আত্মা নাই। সিহঁতৰ আত্মাবোৰ দাস হৈ পৰে। দাসত্বৰ যে কোনো আত্মা নাই। সজাত বন্দী পক্ষীৰ দৰে সিহঁতৰ আত্মাবোৰ। ঢৰফৰণি ছটফটনি মাজত আবদ্ধ হৈ ৰয় আত্মাবোৰ।

 সুন্দপুৰৰ বাগিচাত স্থায়ী শ্ৰমিকৰ কামটো পোৱাৰ পিছত বচন্তিৰ মাকে কৰিব লৈছিল কামটো। মাকে বচন্তিৰ বাবেই

অহৰহ কষ্ট কৰি যায়। বাপেকটোৰতো একো খবৰে নাথাকে, হাড়িয়াৰ মাজতে তাৰ জীৱন। বচন্তিৰ মাকে ভাবে তাই নিদিয়ে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড