পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩১

নিদিয়ে ই নকমে। আপুনি মােৰ দেউতাৰ দৰে। মােৰ দেউতাইও যদি এনেদৰে চিগাৰেট খালেহেতেন তেওঁকো মই খং কৰিলোঁহেতেন। আপােনাৰ ভাল চিন্তা কৰিয়েই মই আপােনাক টানকৈ কৈছোঁ। চাওক দেউতা, আপুনি যদি চিগাৰেট বন্ধ কৰি দিয়ে আপােনাৰ হাতৰ ভৰিৰ কঁপনিবােৰ নাইকীয়া হ’ব। লাখুটী নােলােৱাকৈ খােজ কাঢ়িব পাৰিব। হয়তাে এদিন ইমানবােৰ ঔষধে খাব নালাগিব।

 এদিনতে আপুনি চিগাৰেট বন্ধ কৰিব নােৱাৰিব পাৰে। কিন্তু লাহে লাহে চেষ্টা কৰিলে নিশ্চয় পাৰিব। মেডিটেচন, যােগাভ্যাস আদি কৰিলেও বেয়া অভ্যাস কিছুমান আঁতৰাব পাৰি। মই ভাবোঁ এইখিনি কৰিব পাৰিলে আপুনি পিচৰ বাৰ যেতিয়া ইয়ালৈ আহিব লাখুটী নােলােৱাকৈ আহিব পাৰিব।

 মই মন কৰিলোঁ মানুহজনে মােৰ কথাখিনি মন দি শুনিছে। তেওঁ ক’লে -চেষ্টা কৰিম।

 মই ক’লোঁ -চেষ্টা নহয় পাৰিব লাগিব। মােৰ দেউতাও মানসিক ভাবে বহু শক্তিশালী আছিল। মৃত্যু পর্যন্ত তেওঁ এটি যােগাত্মক ভাব লৈ আছিল। আপুনিও পাৰিব। পাৰিবনে দেউতা?

 মানুহজন যেন উচপ খাই উঠিল। একো নকৈ থিয় দিলে যাবলৈ। মই মানুহজনীলৈ চালোঁ। তেওঁৰ মুখত হতাশাৰ চাৱনি। মই দৰব লিখি দি মানুহজনক বিদায় দিলাে। তেওঁ মােলৈ এটি কৰুণ দৃষ্টি নিক্ষেপ কৰি পত্নীৰ হাতত ধৰি ওলাই গ’ল। মানুহজনৰ দৃষ্টিটোৱে মােৰ মনত কেনেবা ভাবৰ সৃষ্টি কৰিলে।

 বহুত সময় গ’ল মানুহজনৰ লগত। চিগাৰেটৰ গােন্ধটোৰ বাবেই ইমান দেৰী হৈ গ’ল। মােৰ লগৰ দুগৰাকীয়ে ইতিমধ্যে কেবাজনাে ৰােগী চালে। কি কৰিম মই! চিগাৰেটৰ গােন্ধ সহ্য কৰিব নােৱাৰোঁ। এই চিগাৰেটৰ বাবেই মই মােৰ একমাত্ৰ খুৰাক হেৰুৱাইছোঁ। যাৰ বােকোচাত উঠি পাৰ কৰিছিলোঁ মােৰ শৈশৱ। যাৰ হাতত ধৰি পাৰ কৰিছিলাে মােৰ কৈশােৰ। মােৰ খেলাধূলা, পঢ়াৰ লগৰী খুৰাক এই চিগাৰেটৰ বাবেই অতি কম বয়সতে হেৰাব লগা হৈছিল। সেয়েহে চিগাৰেটৰ গােন্ধ পালেই মনলৈ আহে খুৰাৰ ছবি। আজিও তাৰ ব্যতিক্রম নহ’ল।

 মনৰ পৰা ভাবনাবােৰ আঁতৰাই মই আন ৰােগী চাবলৈ ধৰিলোঁ।

 আমাৰ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত জিলাপীৰ পাকটো গৈ এল পেটাৰ্ণ হৈছিল। আধাঘণ্টাৰ পিচত তিনিওজনীয়ে যেনিবা ৰােগী চাই শেষ কৰিলাে।

 ৰাতিপুৱা ৯.৩০ ৰ পৰা আবেলি ৪.৩০ লৈ ৰােগী চাই ভাগৰি গৈছিলোঁ।

 এনেদৰেই কর্মব্যস্ততাৰ মাজেৰেই পাৰ হৈছিল সময়। চিগাৰেটৰ গােন্ধটিৰ কথা মই পাহৰি গৈছিলোঁ। পাহৰি গৈছিলোঁ মানুহজনৰ কথা। প্রায় দুমাহৰ মুৰত এদিন আউটড’ৰত বহি থাকোঁতে দেখিলোঁ সিদিনা অহা মহিলাগৰাকীক। অকলেই আহিছে তেওঁ। তেওঁ ভিতৰলৈ আহিব চেষ্টা কৰি আছে। কিন্তু লগত ৰােগী অনা নাই বাবে চিকিউৰিটিয়ে তেওঁক সােমাব দিয়া নাই। মই মানুহজনীক পঠিয়াই দিব ক’লোঁ। মহিলাগৰাকী মােৰ কাষলৈ আহিল। আহিয়েই মােৰ হাতদুখনত ধৰি তেওঁৰ কপালত লগালে। মই আচৰিত হােৱাই নহয় ,থতমত খালাে। ভাগ্যে মােৰ ওচৰত কোনাে ৰােগী তথা চিকিৎসক নাছিল। মােৰ সহকর্মী এগৰাকীয়ে ৱাৰ্ডত ৰােগী চাব গৈছে। আনগৰাকীয়ে চুটি লৈছে। মই মানুহজনীক বহিব দি সুধিলাে কি হ’ল কিয় তেওঁ তেনেকুৱা কৰিছে?

 মহিলা গৰাকীয়ে ক’লে বাইদেউ, মােৰ মানুহজনৰ লগত বিয়া হােৱা আজি চল্লিশ বছৰেই হ’ল। বিয়াৰ পিচৰে পৰা দেখিছাে তেওঁক চিগাৰেট খােৱা । কিন্তু সেইদিনা আপােনাৰ ইয়াৰ পৰা যােৱাৰ পিচত কি হ’ল নাজানাে গােটেই সময়খিনি তেওঁ কথা নপতাকৈ গ’ল। ঘৰলৈ গৈ চিগাৰেটৰ পেকেটবােৰ ডাষ্টবিনত পেলাই দি ক’লে বুজিছা আজিৰ পৰা মই আৰু চিগাৰেট নাখাও। সঁচাকৈয়ে বাইদেউ সেইদিনৰ পৰা তেওঁ আজিলৈকে চিগাৰেট মুখত দিয়া নাই।

 মই কিছু আচৰিত হ’লোঁ। কথাবােৰ হজম কৰিবলৈ টান লাগিল। ভাবিলোঁ তেওঁ হয়তাে মােৰ পৰা বিশ্বাস আদায় কৰি দৰব লিখাবলৈ আহিছে। কিয়নাে ইয়াৰ আগৰ বাৰ আহােতে চিগাৰেট বন্ধ নকৰিলে মই দৰব লিখি নিদিও বুলি কৈছিলাে। মই মহিলা গৰাকীক সুধিলাে- তেখেত নিজে কেলেই নাহিল? আপােনাক অকলে কিয় পঠালে?

 মহিলাগৰাকীয়ে ক’লে- চিগাৰেট বাদ দিয়াৰ পৰা তেওঁ গাটো বহুত আৰাম পাইছে। আজিকালি মেডিটেচনাে কৰে। তেওঁ এই চিঠিখন আপােনালৈ লিখিছে। সময় হলে পঢ়ি চাব। সম্পূর্ণ ভাল হােৱাৰ পিচতহে হেনাে তেওঁ আপােনাক দেখা

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড